আফগানিস্তানৰে প্ৰথম টি-২০ৰ পৰা বাহিৰ কোহলি
বাৰ্তা ডিজিটেল ডেস্ক, ১০ জানুৱাৰীঃ আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন টি-২০ মেচৰ প্ৰাকক্ষণত মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে নিশ্চিত কৰিছে যে ছিৰিজটোৰ প্ৰথমখন মেচত নেখেলে বিৰাট কোহলিয়ে। ব্যক্তিগত কাৰণত কোহলিয়ে মেচখনত নেখেলাৰ সিদ্ধান্ত লৈছে বুলি কয় দ্ৰাবিড়ে। অৱশ্যে বেটছমেনগৰাকী বাকী থকা টি-২০ দুখন খেলিব। শৃংখলাৰ প্ৰথমখন কাইলৈ মোহালীত, দ্বিতীয় আৰু তৃতীয় টি-২০ ক্ৰমে অনুষ্ঠিত হ’ব ইন্দোৰ আৰু বেংগালুৰুত।