নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগালীৰ ধেমালি

বিশ্বৰ প্রতিটো প্রান্ততে অতীজৰ পৰা কিছুমান পৰম্পৰাগত খেল–ধেমালি প্রচলিত হৈ আহিছে৷ বিভিন্ন উৎসৱ–পার্বণৰ লগতে আজৰি সময় কটোৱা আৰু মনোৰঞ্জনৰ বাবে এই খেল–ধেমালিসমূহ কিশোৰ–কিশোৰী আৰু যুৱক–যুৱতীসকলৰ মাজত অতিশয় জনপ্রিয় আছিল৷ এই খেল–ধেমালিবোৰে দর্শকক মনোৰঞ্জন দিয়াৰ উপৰি শাৰীৰিকভাৱে ল’ৰা–ছোৱালীক সুস্থ–সবল কৰাৰ ক্ষেত্রতো বিশেষ ভূমিকা গ্রহণ কৰিছিল৷ কিন্তু সময়ৰ লগে লগে আধুনিকতাৰ ধামখুমীয়াত পৰি বহু পৰম্পৰাগত খেল কালৰ বুকুত হেৰাই গ’ল৷ বিশেষকৈ আধুনিকতা তথা যান্ত্রিকতাৰ বাবেই আজিকালি ল’ৰা–ছোৱালীয়ে এনে খেল–ধেমালিৰ প্রতি মনোনিৱেশ কৰাৰ আহৰি নোপোৱা হৈছে৷ ইয়াৰ ফলত এনে বহু ক্রীড়া লুপ্তপ্রায় হোৱাৰ বিপৰীতে নতুন প্রজন্মৰ বাবে শাৰীৰিক সুস্থতা এক প্রত্যাহ্বানস্বৰূপ হৈ পৰিছে৷ সেইবাবে একাংশ ক্রীড়া সংগঠনে পৰম্পৰাগত খেল–ধেমালিসমূহ পুনৰুজ্জীৱিত কৰি নতুন প্রজন্মক সেইবোৰৰ প্রতি সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ তেওঁলোকে বিভিন্ন স্থানত পৰম্পৰাগত খেলৰ প্রতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰি ৰাষ্ট্রীয় পর্যায়তো প্রতিযোগিতাৰ আয়োজন কৰিছে৷ পৰম্পৰাগত ক্রীড়াসমূহত দক্ষতা প্রতীয়মান কৰিব পাৰিলে নতুন চামে পৰৱর্তী সময়ত যিকোনো ক্রীড়াত পাৰদর্শিতা প্রদর্শনৰ সম্ভাৱনা থাকে৷ কিয়নো আধুনিক ক্রীড়াসমূহৰ বিভিন্ন ইভেণ্টৰ বাবে প্রয়োজনীয় সকলোবোৰ উপাদান পৰম্পৰাগত খেল–ধেমালিৰ মাজতে নিহিত হৈ আছে৷ অসমত উদযাপন কৰা বিভিন্ন উৎসৱ–পার্বণৰ লগতে ভোগালী বিহুৰ সময়তো অনুষ্ঠিত হৈছিল বিভিন্ন খেল–ধেমালি৷ এইবোৰত কিশোৰ–কিশোৰীৰ লগতে ডেকা–গাভৰুৱেও অংশগ্রহণ কৰিছিল৷ সাম্প্রতিক সময়তো মাঘ বিহুৰ সময়ত বহু ঠাইত কণী যুঁজৰ আয়োজন কৰা হয়৷ এই খেলৰ বাবে প্রতিযোগীসকলে কিছুদিন আগৰ পৰাই নতুনকৈ হাঁহে পৰা কণী বিচাৰি ফুৰে৷ আঘোণ মাহত পথাৰ আৰু ঘৰৰ ধান খাই নোদোকা হোৱা হাঁহবোৰে কণী পাৰিবলৈ লয়৷ এইদৰে হাঁহে পৰা প্রথমটো কণী যুঁজাবলৈ সাজু কৰি ৰাখে প্রতিযোগীসকলে৷
সাধাৰণতে মাঘ বিহুৰ দিনা মেজিৰ তলত অথবা মুকলি ঠাইত কণী যুঁজ আৰম্ভ হয়৷ ইজনে সিজনৰ লগত কণী যুঁজাই এই খেলত ভাগ লয়৷ বিপক্ষৰ কণী ভাঙিব পাৰিলেই আনটো পক্ষ বিজয়ী হয়৷ কণী প্রজননৰ সৈতে জড়িত বাবেই এই কণী যুঁজৰ এক বিশেষ তাৎপর্য আছে৷ অৱশ্যে উজনি অসমৰ বহু ঠাইত ব’হাগ বিহুৰ সময়তো কণী যুঁজ অনুষ্ঠিত হয়৷ ‘সাত বিহুৰ সৈয়া কণী’ যোজনা ফাকি এই কণী যুঁজৰ পৰাই উৎপত্তি হৈছে৷ ভোগালী বিহুৰ সময়ত অনুষ্ঠিত পৰম্পৰাগত খেলসমূহৰ ভিতৰত অন্যতম হৈছে ম’হ যুঁজ৷ আঁহতগুৰিৰ ম’হ যুঁজ অসম বিখ্যাত৷ মাঘ মাহৰ বিভিন্ন সময়ত অসমৰ বিভিন্ন প্রান্তত ম’হ যুঁজৰ আয়োজন কৰা হয়৷ গৰখীয়াসকলে এই যুঁজৰ বাবে ম’হবোৰ খুৱাই–বোৱাই নোদোকা কৰি ৰাখে৷ বহল পথাৰত অনুষ্ঠিত এই দুঃসাহসিক ম’হ যুঁজ উপভোগ কৰিবলৈ অগণন লোকৰ সমাৱেশ ঘটে৷ কেইবছৰমান পূর্বে উচ্চতম ন্যায়ালয়ে ম’হ যুঁজৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলেও প্রতিবছৰে অলপীয়াকৈ হ’লেও এই পৰম্পৰা ৰক্ষা কৰি অহা হৈছে৷ জীৱ–জন্তুৰ ওপৰত হ’ব পৰা অত্যাচাৰ প্রতিৰোধৰ বাবে দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনৰ ভিত্তিতে ন্যায়ালয়ে এই নিষেধাজ্ঞা জাৰি কৰে৷ কিন্তু এইবাৰ পূর্বৰ দৰেই অনুষ্ঠিত হ’ব ম’হ যুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজ৷ ম’হ যুঁজৰ সমান্তৰালভাৱে অনুষ্ঠিত হয় কুকুৰা যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ৷ এই দুয়োবিধ খেলৰ ওপৰতো ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰিছে৷ মাঘ বিহুৰ মেজিৰ ওচৰত ল’ৰা–ছোৱালীৰ মাজত বিভিন্ন খেল–ধেমালি অনুষ্ঠিত কৰাটো এটা পৰম্পৰা আছিল৷ এই খেলবোৰৰ ভিতৰত অন্যতম হ’ল– দৌৰা, উঠা–বহা, কুকুৰা যুঁজ, ৰছী টনা, চামুচত কণী লৈ দৌৰা, তিনিঠেঙীয়া দৌৰ, বস্তা দৌৰ, ভেকুলী জাঁপ, হাই জাম্প, লং জাম্প ইত্যাদি৷ অৱশ্যে আজিকালি অতি কম ঠাইতহে এনে খেল–ধেমালিসমূহ অনুষ্ঠিত হয়৷ ম’বাইলপ্রীতিয়ে এইবোৰ খেলৰ স্থান অধিকাৰ কৰিছে৷ পিতৃ–মাতৃয়ে সন্তানক জোৰকৈ খেলিবলৈ উলিয়াই নানিলে ল’ৰা–ছোৱালীয়ে নিজ ইচ্ছাৰে খেলা–ধূলাত অংশগ্রহণ নকৰা হৈছে৷ ইপিনে, একাংশই মাঘ বিহুক ৰঙালী বিহুলৈ পর্যবসিত কৰিছে৷ মেজি সজাৰ নামত বহু ঠাইত এমাহমান আগৰ পৰা বিহু নাচৰ আয়োজন কৰি, সেইবোৰ বিভিন্ন চেনেলযোগে সম্প্রচাৰ কৰিবলৈ লোৱাত মাঘ তথা ভোগালী বিহুৱে নিজস্বতা হেৰুৱাবলৈ লৈছে৷ ল’ৰা–ছোৱালীৰ শাৰীৰিক আৰু মানসিক বিকাশ ঘটাব পৰা পৰম্পৰাগত খেলৰ আয়োজন কৰি, সেইবোৰ সম্প্রচাৰ কৰিলে নিশ্চিতভাৱে হেৰাই যাব ধৰা পৰম্পৰাগত খেলসমূহ পুনৰ উভতি আহিব৷ মাঘ বিহুৰ সময়ত ৰাজ্যৰ চৌদিশে খেল–ধেমালিৰ আয়োজন কৰিলে বহু প্রতিভাও পোহৰলৈ আহিব৷

You might also like