সম্পাদকীয় : জ্যোতি বন্দনা
অসমীয়া মানুহে এচাম গুণী অসমীয়াক পাহৰি যোৱা বুলি সংবাদ মাধ্যমত মাজে সময়ে প্রবন্ধ লিখি দুই–এক সচেতন ব্যক্তিয়ে মানুহজনক ৰাইজৰ মনলৈ লৈ অহাৰ চেষ্টা কৰে৷ এই কথাটো এটা জাতিৰবাবে ভাল কথা৷ লগতে প্রবন্ধ লিখা মানুহজনৰো এটা ভাবমূর্তি নির্মাণৰ ভেটি স্থাপন হয়, এয়াও এটা গুৰুত্বপূর্ণ কথা৷ এচাম গুণী মানুহৰ অৱদানক স্মৰণ কৰি, তেওঁৰ বিভিন্ন সৃষ্টিৰ চর্চা কৰি আৰু কিছু লোক আগবাঢ়ি যাব, এয়া সভ্যতাৰ বিকাশৰ একো একোটা অংগ৷ এটা কথা ঠিক যে ভোগ কৰিব নোৱৰা সম্পদৰ অধিকাৰী হৈ লাভ নাই আৰু সম্পদ ভোগ কৰিবলৈ কিছু অর্হতা থকাৰো প্রয়োজন৷ এই অর্হতাৰ অভাৱতেই অসমে উত্তৰাধিকাৰসূত্রে লাভ কৰা বহু সম্পত্তি এতিয়া জহি–খহি গৈছে৷ জ্যোতিপ্রসাদৰ স্মৃতি দিৱসত বিভিন্ন ধৰণে উদ্যাপিত হৈ থকা শিল্পী দিৱসে এনেবোৰ চিন্তা মনলৈ আনে৷ জ্যোতি প্রসাদে অসমীয়া জাতিলৈ নাটক, গীত, সুৰ, সংগীত, চলচ্চিত্র, স্থাপত্য, কবিতা আদিৰে যিমান অৱদান আগবঢ়াই গ’ল, সেই সম্পদবোৰ পৰৱর্তী প্রজন্মৰ অসমীয়াই উপভোগ কৰিব পাৰিছেনে? কেছেটৰ ব্যৱসায় চলি থকালৈকে জ্যোতিপ্রসাদৰ গীতৰ এটা–দুটা কেছেট প্রকাশ পাই আহিছিল৷ সেইবোৰ জ্যোতি সংগীত চর্চাৰ উদাহৰণ নাছিল, আছিল জনপ্রিয় হ’ব পৰা গীত–সুৰৰ সন্ধান৷ স্কুল–কলেজৰ বার্ষিক উৎসৱ বা কিবা সংগীত প্রতিযোগিতাত জ্যোতি সংগীতৰ অন্তর্ভুক্তিকৰণেই আছিল এই সংগীতৰ চর্চাৰ উৎকৃষ্ট সীমা৷ দুই–একে পেছাদাৰীভাৱে, বিশেষকৈ স্কুলৰ গৰমৰ বন্ধৰ সময়ত জ্যোতি সংগীতৰ কর্মশালা পাতে, কিন্তু সেইবোৰত সংগীতৰ তুলনাত ব্যৱসায়টোহে অধিক হোৱা যেন লাগে৷ আটাইতকৈ ডাঙৰ কথা হ’ল– এই জ্যোতি সংগীত চর্চাৰ নামত জ্যোতিয়ে সুৰাৰোপ কৰি নোযোৱা গীতবোৰত সুৰ দিয়াৰ নামত চলা উপদ্রৱ৷ এই উপদ্রৱৰ বিৰোধিতা কৰাটো প্রতিগৰাকী সংগীতপ্রেমীৰে দায়িত্ব আছিল যদিও প্রায় সকলো শিল্পীয়ে মৌন হৈয়ে ৰৈ গৈছিল৷
ইয়াৰ বিপৰীতে কিন্তু নাটকৰ ক্ষেত্রত কিছু চর্চা হৈ থাকে৷ বিভিন্ন অপেছাদাৰী নাট্যদলে জ্যোতিপ্রসাদৰ নাটক পৰীক্ষামূলকভাৱে মঞ্চস্থ কৰি ‘জ্যোতি নাটক’ৰ চর্চা আৰু অধ্যয়নৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে৷ আনকি পেছাদাৰী নাট্যদলেও জ্যোতিপ্রসাদৰ নাটক মঞ্চস্থ কৰাৰ নামত উপদ্রৱ আৰম্ভ কৰিছিল যদিও সচেতন নাট্যপ্রেমীৰ প্রতিবাদত সেই কাম বন্ধ হৈছিল৷ জ্যোতিপ্রসাদৰ গীতৰ বিকৃতকৰণত কিন্তু সংগীতপ্রেমীৰ মনযোগ দেখা যোৱা নাছিল৷ বংগদেশত দেখা যায় যে ৰবীন্দ্র সংগীতৰ ব্যাপক চর্চা আৰু ব্যৱহাৰ হৈ আহিছে৷ বিশেষকৈ চিনেমাত ৰবীন্দ্র সংগীতৰ ব্যৱহাৰে গীতবোৰক বিভিন্ন ৰূপত জীৱন্ত কৰি ৰাখিছে৷ জ্যোতি সংগীতৰ ক্ষেত্রত কিন্তু তেনে একো চর্চা হোৱা নাই৷ ব্যক্তিগত পর্যায়ত যিখিনি কাম হৈ আছে, সেইখিনিৰ লগতে চৰকাৰেও এই দিশত ভালেখিনি কাম কৰাৰ থল আৰু প্রয়োজন আছে৷ চৰকাৰে জ্যোতিপ্রসাদ চর্চা কৰিব লাগিব বুলি কথা নাই, চৰকাৰে এই চর্চাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিব লাগিব৷ জ্যোতিপ্রসাদৰ তিথিত চৰকাৰে শিল্পী দিৱসৰ আয়োজন কৰা, শিল্পী পেন্সন আদি দিয়া কামবোৰ কৰি আহিছে৷ এইবোৰ উদ্যাপনহে মাথোন, চর্চা নহয়৷ জ্যোতিৰ বাসভৱন ‘পকী’ৰ দায়িত্বচৰকাৰে গ্রহণ কৰিছে, কিন্তু সেই প্রতিষ্ঠানটিৰ একো বিকাশ নঘটিল৷ চৰকাৰৰ দায়িত্ববোধে সেই ভৱনটিত এটি অন্ততঃ ৰাষ্ট্রীয় পর্যায়ৰ জ্যোতি গৱেষণা–চর্চাৰ কেন্দ্র গঢ়ি তুলিব লাগিছিল৷ এনে কামৰ বাবে বিদ্যায়তনিক জ্ঞান আৰু দক্ষতাৰ প্রয়োজন হয়, যিখিনি অসমৰ বিশ্ববিদ্যালয় আদিৰ সহযোগত কৰাটো কোনো কঠিন কাম নাছিল৷ উত্তৰ–পূব ভাৰতৰ প্রথমগৰাকী চিত্রনির্মাতা জ্যোতিপ্রসাদৰ সেই কৃতিত্ব অসমৰ সীমাৰ ভিতৰতে আবদ্ধ হৈ থাকিল৷ তাক সর্বভাৰতীয় পর্যায়লৈ নিয়াৰ কোনো চেষ্টাই চলোৱা নহ’ল৷ চৰকাৰী টকাৰে কেনছ ফিল্ম ফেষ্টিভেল চাবলৈ যোৱা চিনেমাপ্রেমী বিষয়াই কিন্তু জ্যোতিপ্রসাদ প্রসংগত একো ভাবিব পৰা নাই৷ জ্যোতিপ্রসাদৰ নাম চৰকাৰে প্রতিষ্ঠা কৰা আৰু পৰিচালনা কৰা ফিল্ম ষ্টুডি’টিক উত্তৰ–পূব ভাৰতৰ চিনেমা নির্মাণৰ কেন্দ্র হিচাপে গঢ় দিব পাৰিব লাগিছিল, অকল ভাৰতৰে নহয়, পৃথিৱীৰ চিত্রনির্মাতাক এই ষ্টুডিঅ’ৰ প্রতি আকর্ষিত কৰাৰ চেষ্টা চলাব লাগিছিল৷ সময়ৰ লগত খাপ খোৱাব পৰা বিভিন্ন ধৰণৰ আঁচনিৰে কাম কৰিলেহে জ্যোতিপ্রসাদৰ সন্মানত শিল্পী দিৱস অনুষ্ঠিত কৰাৰ অর্থ প্রকাশ পাব৷ জ্যোতিপ্রসাদৰ নামত কোৱা হ’লেও এই কথাখিনি সকলো ধৰণৰ শিল্পৰ প্রসংগতেই প্রযোজ্য৷ শিল্পী দিৱসৰ দিনা আশা কৰিব পাৰি– চৰকাৰে এই কথাবোৰ গভীৰভাৱে বিবেচনা কৰিব৷