🔹 প্রাচীন আস্থা–আধুনিক বিজ্ঞানৰ অতুলনীয় সমাহাৰ
🔹 অযোধ্যাৰ মন্দিৰৰ ১০০০ বছৰলৈ মেৰামতিৰ প্রয়োজন নাথাকিব
বিশেষ বাৰ্তা, ২০ জানুৱাৰী : ২২ জানুৱাৰী ২০২৪ দেশৰ বাবে এক ঐতিহাসিক দিন৷ এই দিনটোতেই উত্তৰ প্রদেশৰ অযোধ্যাত নির্মিত ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা হ’ব৷ দেশৰ লগতে বিশ্বৰ কোটি কোটি ৰামভক্তৰ ধর্মীয় আৱেগ বিজড়িত অযোধ্যাৰ ৰাম মন্দিৰ কেৱল পূজা–প্রার্থনাৰ স্থলীয়েই নহয়, ই হৈছে প্রাচীন আস্থা আৰু আধুনিক বিজ্ঞানৰ সমাহাৰ৷ ধর্মীয় আৱেগ–অনুভূতিৰ মাজত বিজ্ঞানক সাঙুৰি লৈ অযোধ্যাৰ ৰাম জনমভূমিত নির্মাণ হৈছে ভগৱান ৰামৰ মন্দিৰ৷ প্রায় ১৮০০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা ৰাম মন্দিৰটো বানপ্রতিৰোধীয়েই নহয়, এই মন্দিৰটো ৬.৫ প্রাবল্যৰ ভূমিকম্পৰ পৰাও সুৰক্ষিত৷ আধুনিক বিজ্ঞানৰ কাৰুকার্য খোদিত ৰাম মন্দিৰটো ভূমিকম্পৰ লগতে বানপানীৰ পৰাও সুৰক্ষিত হৈ থাকিব৷ তদুপৰি এই বিশাল মন্দিৰটো ১০০০ বছৰ ধৰি অক্ষত হৈ থাকিব৷ অর্থাৎ মেৰামতিৰ কোনো প্রয়োজন নাই৷ পৰম্পৰাগত নাগাৰা শৈলী স্থাপত্যৰ আর্হিত নির্মাণ কৰা মন্দিৰটো আইআইটি চেন্নাইৰ পৰামর্শ মতে নির্মাণ কৰা হৈছে৷ আধুনিক বিজ্ঞানৰ প্রয়োগেৰে নির্মাণ কৰা মন্দিৰটোত ৩৬০টা স্তম্ভ আছে৷ এই স্তম্ভকেইটা সম্পূর্ণ শিলেৰে নির্মাণ কৰা হৈছে৷ স্তম্ভকেইটা নির্মাণত আধুনিক লো, তীখা, আনকি চিমেণ্টো ব্যৱহাৰ কৰা নাই৷ মন্দিৰটোৰ ভেটি নির্মাণত বৈজ্ঞানিক উদ্ভাৱন সবাতোকৈ গুৰুত্বপূর্ণ হিচাপে প্রয়োগ কৰা হৈছে৷ ৰোল্ড কমপেকটেড কংক্রিটৰ ১৫ মিটাৰ ডাঠ স্তৰৰ ওপৰত মন্দিৰটো নির্মাণ কৰা হৈছে৷ এই ১৫ মিটাৰ ডাঠ স্তৰটোত ৫৬টা কমপেকটেড স্তৰ আছে৷ এই স্তৰটো ছাই, ধূলি আৰু ৰাসায়নিক পদার্থৰ দ্বাৰা নির্মাণ কৰা হৈছে৷ শক্তিশালী আধাৰটো ২১ ফুট বহল গ্রেনাইটৰ তৰপৰ দ্বাৰা বান্ধি ৰখা হৈছে৷ এই তৰপৰ দ্বাৰা মন্দিৰটোক ধূলিৰ পৰা সুৰক্ষিত কৰি ৰাখিব৷ মন্দিৰটো নির্মাণ প্রক্রিয়াত তাপমাত্রাক অধিক গুৰুত্ব দিয়া হৈছে৷ ১৮ ডিগ্রী চেলছিয়াছৰ তলৰ তাপমাত্রাত মন্দিৰটোৰ নির্মাণ প্রক্রিয়া চলায়৷ তাপমাত্রা ১৮ ডিগ্রী ছেলচিয়াছৰ তলত ৰাখিবলৈ বৰফ থেঁতেলিয়া প্রক্রিয়াৰ ব্যৱস্থা গ্রহণ কৰা হয়৷ বাহিৰৰ তাপমাত্রাৰ প্রভাৱ যাতে মন্দিৰটোৰ নির্মাণকার্যত নপৰে, তাৰ প্রতি লক্ষ্য ৰাখি নিশাহে নির্মাণকার্য আগবঢ়াই নিয়া হৈছে৷ ১৫০ অভিযন্তাৰ দল এটাৰ লগত কেইবাহাজাৰ শ্রমিকে মন্দিৰটোৰ নির্মাণকার্যত জড়িত হয়৷ টাটা কনছাল্টিং ইঞ্জিনীয়ার্ছ লিমিটেডৰ দ্বাৰা ব্যৱস্থাপনাত লার্ছেন এণ্ড তাৰবোই মন্দিৰটো নির্মাণ কৰিছে৷ মন্দিৰটো নির্মাণত নিখুঁত পৰিকল্পনা আৰু উদ্ভাৱনীমূলক নির্মাণ কৌশল প্রয়োগ কৰা হৈছে৷ বিশেষজ্ঞৰ দলে অযোধ্যাৰ পৰা নেপাললৈকে অঞ্চলটোৰ ভূমিকম্পৰ তীব্রতাৰ ইতিহাস গভীৰভাৱে অধ্যয়ন কৰি ভূমিকম্প সুৰক্ষিত আর্হি মন্দিৰটোৰ বাবে নির্মাণ কৰিছে৷ আইআইটি চেন্নাইৰ পৰামর্শ মতে মন্দিৰটোৰ ভেটি নির্মাণ কৰাৰ পূর্বে ১৫ মিটাৰ মাটি খান্দি লৈছিল আৰু তাতেই ভেটিটো আধুনিক বিজ্ঞানৰ ব্যৱহাৰেৰে নির্মাণ কৰা হৈছে৷