আফগানিস্তানত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বিমান
🔹 ভাৰতৰ বিমান বুলি ওলোৱা খবৰ অস্বীকাৰ ডিজিচিএৰ
বিশেষ বাৰ্তা, ২১ জানুৱাৰী : আফগানিস্তানত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বিমানখন কোনো ভাৰতীয় কোম্পানীৰ নহয়। ডিজিচিএৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰিছে সংবাদ সংস্থাই। উল্লেখ্য যে শনিবাৰে আফগানিস্তানৰ বাদাখছানত মস্কো অভিমুখী এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি তালিবান প্ৰশাসনে প্ৰকাশ কৰিছে। অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহতৰ খবৰ পোৱা নাই। প্ৰথমতে তালিবান প্ৰশাসনৰ এক সূত্ৰৰ উদ্ধৃতি দি বিভিন্ন সংবাদ মাধ্যমে দুৰ্ঘটনাগ্ৰস্ত বিমানখন ভাৰতৰ বুলি প্ৰকাশ কৰিছিল। কিছু সময়ৰ পাছত ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে কয় যে বিমানখন ভাৰতৰ নহয়। বাদাখছান অঞ্চলৰ তথ্য কাৰ্যালয়ৰ মুৰব্বী জাবিহুল্লাহ আমিৰীয়ে কয়- ‘বিমান দুৰ্ঘটনাৰ খবৰ সঁচা। কিন্তু সঠিকভাৱে ক’ত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। খবৰ পোৱাৰ লগে লগে আমি এটা দল পঠালোঁ। এতিয়াও আহি পোৱা নাই। গতিকে বিমানখন ঠিক কোন ঠাইত দুৰ্ঘটনাগ্ৰস্ত হৈছে, সেই লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। লগতে এই দুৰ্ঘটনাত এতিয়ালৈকে কোনো লোক হতাহতৰ খবৰ পোৱা নাই।’ দুৰ্ঘটনাগ্ৰস্ত বিমানখন ভাৰতৰ বুলি ওলোৱা খবৰ অস্বীকাৰ কৰি অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ছ’চিয়েল মিডিয়াত লিখিছে- ‘দুৰ্ভাগ্যজনকভাৱে আফগানিস্তানত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন ভাৰতৰ নহয়।’ সূত্ৰ অনুসৰি, বিমানখন মৰক্কোৰ এটা কোম্পানীৰ নামত পঞ্জীয়নভুক্ত চাৰ্টাৰ্ড বিমান। বিমানখনত ৬-৮জন যাত্ৰী আছিল বুলি ধাৰণা কৰা হৈছে।