নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটবাসীক কংগ্ৰেছে বছৰ বছৰ ধৰি অন্যায় কৰি আহিছে : মন্ত্ৰী পীয়ূষ

লাহৰীঘাটত ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰী : মৰিগাঁৱৰ লাহৰীঘাটত ৰেচন কাৰ্ড বিতৰণ কৰে মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰিকাই। আজি লাহৰীঘাট সমষ্টিত নতুনকৈ ১৪০৭৯ ৰেচন কাৰ্ড বিতৰণ কৰা হয় । লাহৰীঘাটৰ টেঙাগুৰি মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ৰেচন কাৰ্ড বিতৰণ সভাত কেইবাসহস্ৰ লোকৰ সমাগম হয়। লাহৰীঘাটত কেইবাসহস্ৰ ৰাইজে পুষ্প বৃষ্টিৰে আদৰণি জনায় মন্ত্ৰী পীযুষ হাজৰিকাক। মন্ত্ৰী পীযুষ হাজৰিকাই নিজ হাতেৰে হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰে। মন্ত্ৰী পীযুষ হাজৰিকাই সভাত উপস্থিত কেইবাসহস্ৰ লোকক উদ্দেশ্যি দিয়া ভাষণত কংগ্ৰেছক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি কয় যে লাহৰীঘাটৰ ৰাইজক কংগ্ৰেছে বছৰ বছৰ ধৰি অন্যায় কৰি আহিছে। যাৰ ফলত লাহৰীঘাট সমষ্টিত কংগ্ৰেছে বছৰ বছৰ ধৰি ৰাজত্ব কৰাৰ পিছতো কোনো ধৰণৰ উন্নয়ন কৰা নাছিল। কংগ্ৰেছে কেৱল লাহৰীঘাটবাসীৰ লগত প্ৰতাৰণা কৰাৰ বাহিৰে একো দিয়া নাই। যোৱা দুই বছৰত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে লাহৰীঘাট সমষ্টিত কৰা উন্নয়নৰ খতিয়ান দাঙি ধৰে মন্ত্ৰী পীযুষ হাজৰিকাই। সভাত মন্ত্ৰী হাজৰিকাই লাহৰীঘাটবাসীৰ মৰম বিচাৰে। মৰম নকৰিলেও উন্নয়ন কৰি যাব, কিন্তু মৰম দিলে মনত উৎসাহ বাঢ়ে। বিজেপি চৰকাৰে সকলোৰে সম-উন্নয়ন কৰি আহিছে আৰু কৰি যাব বুলি উল্লেখ কৰে। ইফালে সাংবাদিককৰ আগত কংগ্ৰেছৰ ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই। কাইলৈ মৰিগাঁৱত হব লগা অন্যায় যাত্ৰাত লাহৰীঘাটবাসীক অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনায়। মৰিগাঁৱত ৰাহুল গান্ধীৰ অন্যায় যাত্ৰাত কোনেও অংশগ্ৰহণ নকৰে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰে। কাৰণ কংগ্ৰেছে ৰাইজ অন্যায় কৰি আহিছে। গতিকে ৰাহুল গান্ধীৰ এই অন্যায় যাত্ৰাত কোনেও অংশগ্ৰহণ নকৰে। সভাত মৰিগাঁও জিলা যোগান বিভাগৰ যুটীয়া সঞ্চালক মতিউৰ ৰহমান, অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱা, জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধি উপস্থিত থাকে। আজিৰ বিশাল সভাখন টেঙাগুৰি সমবায় সমিতিৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দায়িত্বত থকা ছাহজাহান আলীৰ প্ৰত্যক্ষ তৎপৰতাত সাফল্য মণ্ডিত হয়।

প্ৰেৰক আবুল কালাম

You might also like