নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : শিক্ষকৰ আচৰণ বিধি

ভাৰতীয় সমাজত প্রাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ক সামৰি সকলো ধৰণৰ শিক্ষককেই সমাজে বিশেষ সন্মানৰ স্থান দি আহিছে৷ এটা সময়ত অসমত শিক্ষক নিযুক্তিৰ ক্ষেত্রত হোৱা অনিয়মৰ ফলত শিক্ষকৰ মাজৰ কিছুসংখ্যকৰ প্রতি ৰাইজৰ মনোভাব কিছু সলনি হ’লেও সামগ্রিকভাৱে সমাজৰ পৰা শিক্ষক সমাজৰ স্থান অৱনমিত হোৱা নাই৷ ইয়াৰ মূল কাৰণ হ’ল– শিক্ষাৰ বিভিন্ন দিশ প্রণালীবদ্ধভাৱে আগবঢ়াই নি শিক্ষকসকলে এটা জাতিৰ ভৱিষ্যৎ গঢ় দিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ ভাৰতীয় প্রেক্ষাপটত শিক্ষাক সমাজৰ প্রগতিৰ মূল শিলাস্তম্ভ হিচাপে গণ্য কৰা হয়৷ এই পৰিপ্রেক্ষিতত শিক্ষক, ছাত্র আৰু শিক্ষানুষ্ঠানৰ সামগ্রিক বিকাশৰ প্রয়োজনত সকলো স্তৰৰ শিক্ষকৰ বাবে এক মান্যতাপূর্ণ আচৰণ বিধিৰ গুৰুত্ব উপেক্ষা কৰিব নোৱাৰি৷ এহ নির্দেশনাসমূহে শিক্ষকসকলক নৈতিক আৰু পেছাদাৰী আচৰণৰ সঠিক দিশত পৰিচালিত কৰে৷ এই ব্যৱস্থাই ছাত্র–ছাত্রীক ভৱিষ্যৎ জীৱনৰ বাবে প্রস্তুত হোৱাত সহায় কৰে আৰু সামগ্রিকভাৱে জাতিটোৰ সামগ্রিক বিকাশত অৰিহণা যোগায়৷ ভাৰতত শিক্ষকসকলৰ বাবে আচৰণৰ নিয়মসমূহৰ ওপৰত গুৰুত্ব দিয়াৰ এটা প্রধান কাৰণ হ’ল– ছাত্রসকলৰ মনৰ ওপৰত শিক্ষকে পেলাব পৰা প্রভাৱ৷ কোমল বয়সীয়া ছাত্র–ছাত্রীসকলে নিজৰ শিক্ষকক কেৱল জ্ঞানৰ ডৎস হিচাপেহ নহয়, আদর্শ হিচাপেও ডচ্চ দৃষ্টিৰে চায়৷ শ্রেণীকোঠাৰ ভিতৰত আৰু বাহিৰত শিক্ষকৰ আচৰণে ছাত্র–ছাত্রীসকলে গ্রহণ কৰিব পৰা নৈতিক আৰু নৈতিক মূল্যবোধৰ আর্হি হিচাপে কাম কৰে৷ এহ কথা মনত ৰাখি শিক্ষকৰ আচৰণ বিধি স্থাপন কৰিলে হতিবাচক শিক্ষণ পৰিৱেশ সৃষ্টি কৰাত সহায় কৰে যিয়ে কেৱল শৈক্ষিক বৃদ্ধিয়েহ নহয়, চৰিত্র বিকাশকো লালন–পালন কৰে৷ ভাৰতীয় সভ্যতাৰ অন্যতম শ্রেষ্ঠ চিন্তাবিদ কৌটিল্যই শিক্ষকৰ ভূমিকাৰ প্রসংগত কৰা মন্তব্য আজিও প্রাসংগিক৷ তেওঁ কৈছিল–শিক্ষক সাধাৰণ নহয়, সৃষ্টি আৰু বিনাশ– এই দুয়োটাকে তেওঁ ধাৰণ কৰিব পাৰে৷

ভাৰতৰ বিভিন্ন শিক্ষা প্রতিষ্ঠানত ছাত্র–ছাত্রীসকলক শিক্ষকসকলে ৰাজনীতিৰ পিনে অধিক আগ্রহী কৰি তোলা পৰিকল্পিত আঁচনি গ্রহণ কৰা আৰু তাক কার্যকৰী কৰাৰ কৌশলবোৰে চাণক্যৰ কথাৰ প্রাসংগিকতা পুনৰ প্রতিষ্ঠা কৰে৷ ৰাজনীতিৰ কথা ছাত্রসকলে জানিব লাগে, তাৰ বাবে বিভিন্ন ধৰণৰ পাঠ্যক্রম থাকে, ছাত্রসকলে পঢ়ে আৰু সেই জ্ঞান দেশৰ কামত প্রয়োগ হয়৷ ছাত্রসকলে, ৰাজনীতি বিজ্ঞান নপঢ়াসকলেও যদি ৰাজনীতিৰ অন্ততঃ প্রাথমিক কথাখিনিও শুদ্ধভাৱে জনাৰ সুবিধা পায়, সেই জ্ঞানে ভৱিষ্যৎ জীৱনত তেওঁলোকক নানা ধৰণে সহায় কৰিব৷ কিন্তু ৰাজনীতিৰ কথা শিকোৱাৰ নামত ছাত্রসকলক একোটা বিশেষ ৰাজনৈতিক দলৰ সদস্য কৰা, প্রচাৰকৰ ভূমিকাত অৱতীর্ণ কৰোৱাৰ দৰে কৰা কামবোৰক ৰাজনৈতিক দলটোৰ নেতাসকলে প্রশংসা কৰিব পাৰে, কিন্তু শিক্ষকৰ বাবে সেই কাম কোনো ধৰণে প্রশংসিত হ’ব নোৱাৰে৷ অথচ এইখন ভাৰততে সেই কাম বহুদিন ধৰি সেই কাম বিনাবাধাৰে চলি আহিছিল৷ দুই–এগৰাকী শিক্ষকে পঢ়ি অহা বিখ্যাত শিক্ষানুষ্ঠানৰ নামৰ ব্যৱহাৰেৰে সেই শিক্ষকক মহিমামণ্ডিত কৰাৰ ব্যৱস্থা চলি আহিছিল, এই ৰাজনীতিকৰণৰ প্রথম ঢ়াপ হিচাপে৷ কোমল বয়সীয়া ছাত্র–ছাত্রীসকল সেই আৰোপিত মহত্ত্বৰ সন্মোহনত বন্দী হৈ পৰিছিল আৰু নিজৰ চিন্তাশক্তিক বিকাশ হ’বলৈ নিদি অইনৰ কথামতে চলিছিল৷ কোমল বয়সীয়া ছাত্র–ছাত্রীসকলক ইয়াৰ বাবে জগৰীয়া কৰিব নোৱাৰি, জগৰীয়া সেই শিক্ষকসকল আৰু সেই শিক্ষানুষ্ঠান পৰিচালনা কৰা বিষয়া–ব্যক্তিসকল৷ এই সুবিধাকে গ্রহণ কৰি আৰু সমাজে শিক্ষকৰ প্রতি পৰম্পৰাগতভাৱে প্রদর্শন কৰি অহা সন্মানক ঢ়াল হিচাপে ব্যৱহাৰ কৰি শিক্ষকৰ কাম কৰি জীৱিকা নির্বাহ কৰা ৰাজনৈতিক দলৰ কর্মীয়ে বহুকেইটা প্রজন্মৰ ছাত্র–ছাত্রীক মানসিকভাৱে পংগু কৰি ৰাখিছে৷ শিক্ষক নামধাৰী ৰাজনৈতিক কর্মীসকলৰ আচৰণ শিক্ষকসুলভ কৰি ৰাখিবলৈ যি আচৰণ বিধিৰ প্রয়োজন আছিল, তাৰ অভাৱতেই ৰাজনীতিকৰণৰ এই সুবিধাই প্রসাৰ লাভ কৰিছে৷ নতুন শিক্ষানীতিয়ে শিক্ষা ব্যৱস্থাত আমূল পৰিৱর্তন আনিবলৈ লোৱা সময়তে শিক্ষকসকলক অধিক পেছাদাৰী মনোভাবৰ কৰি তুলিবলৈ আৰু শিক্ষাদানৰ মহৎ দায়িত্বৰ প্রতি সজাগ কৰি ৰাখিবলৈ এক স্পষ্ট আচৰণ বিধিৰ প্রয়োজন হৈ পৰিছে৷ এই ক্ষেত্রত চৰকাৰ সজাগ আৰু তৎপৰ হোৱাটো প্রয়োজনীয়৷ কেইজনমান ৰাজনৈতিক কর্মীৰ সুবিধাৰ বাবে এখন উচিত আচৰণ বিধি প্রণয়ন নকৰাটো চৰকাৰৰ কিবা কৌশল হ’ব পাৰে, কিন্তু ছাত্র সমাজৰ বাবে সি হ’ব অমংগলজনক৷

You might also like