নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : আজি পুৱতি নিশা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ শিশুমাৰা নামৰ চৰাঞ্চলৰ সমীপৰ বৰলুইতত অভিযান চলাই সীমান্ত সুৰক্ষা বাহিনীয়ে (বিএছএফ) ডেৰ লক্ষাধিক টকাৰ চেনি জব্দ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, আজি পুৱা ৪৫ বিএন বিএছএফৰ এটি দলে শিশুমাৰাৰ সমীপৰ বৰলুইতত বগা ৰঙৰ কিবা ভাহি থকা প্ৰত্যক্ষ কৰি চলোৱা অভিযানত ৫০ কেজি ওজনৰ মুঠ ৯০টা চেনিৰ বস্তা উদ্ধাৰ হয়। বস্তাবোৰ প্লাষ্টিকেৰে মেৰিয়াই বাংলাদেশলৈ চোৰাংকৈ সৰবৰাহ কৰাৰ পৰিকল্পনা ৰচিছিল চোৰাং বেপাৰী চক্ৰই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী