নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ প্ৰাক্তন সাংসদক ধমক দৰঙৰ উপায়ুক্তৰ

ৰমেন ডেকাৰ ফোন ৰিচিভ নকৰে ঘনশ্যাম দাসেঃ প্রধানমন্ত্রী কার্যালয়ত অভিযোগ দাখিল

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ উঠিৰজা বহিৰজা হৈ পৰিছে অসমৰ আইএএছ বিষয়াসকল৷ বিশেষকৈ একাংশ অনা–সমীয়া আইএএছ বিষয়াৰ শেহতীয়া আচৰণত স্তম্ভিত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতিবিদসকলে৷ আনকি শাসকীয় দলৰ জ্যেষ্ঠ নেতাকো অভব্য আচৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰে তেওঁলোকে৷ নতুন দিল্লীত এখন সংবাদমেলত এই চাঞ্চল্যকৰ অভিযোগ ডত্থাপন কৰিছে প্রাক্তন বিজেপি সাংসদ ৰমেন ডেকাই৷ সংবাদ মেলত নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে দৰং জিলাৰ ডপায়ুক্তজনে অলপতে তেওঁক ধমকি দি ফোন কাটি দিছিল৷ তাৰ পিছত আজিলৈকে ডপায়ুক্তজনে তেওঁৰ ফোন ‘ৰিচিভ’ কৰা নাই৷ এই কথাত মর্মাহত হৈ ডেকাই সংবাদ মাধ্যমৰ কাষ চাপিছে৷ তেওঁ কয় যে সাংসদ হৈ থাকোঁতে তেওঁৰ সমষ্টিয়ে পাব লগীয়া ধনৰ কথা পাতিবলৈ দৰঙৰ ডপায়ুক্ত ঘনশ্যাম দাসক অলপতে তেওঁ ফোন কৰিছিল৷ পিছে দাসে ডেকাক ডচ্চ–বাচ্য কৰি ফোনটো কাটি দিয়ে৷ ডেকাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কার্যালয়ত দৰঙৰ ডপায়ুক্তজনৰ বিৰুদ্ধে আজি এক অভিযোগ দাখিল কৰিছে৷ লগতে প্রধানমন্ত্রী কার্যালয়তো বিষয়াজনৰ বিৰুদ্ধে অভিযোগ জনাই আহিছে প্রাক্তন সাংসদজনে৷ কেৱল দাস বুলি নহয়, অসমৰ আইএএছ বিষয়াসকলে জনপ্রতিনিধি, তলতীয়া বিষয়া আনকি ৰাইজকো অতি অভব্য আচৰণ কৰে বুলি ডেকাই আজি এক গুৰুতৰ অভিযোগ ডত্থাপন কৰিছে৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ দিনত তেওঁ আইএএছ বিষয়াসকলৰ এনে ব্যৱহাৰ প্রত্যক্ষ কৰা নাছিল৷ কোনো গুৰু–গোসাঁই নমনা ডঠিৰজা বহিৰজা এনে বিষয়াসকলক নাকী লগাবলৈ ডেকাই আজি ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালাক সংবাদমেলযোগে আহ্বান জনায়৷

You might also like