মঞ্জিৰা ডেকা
জ্যেষ্ঠজনৰ প্রতি সন্মান বা শ্রদ্ধা প্রদর্শন কৰাটো ভাৰতীয় ঐতিহ্য, সভ্যতা-সংস্কৃতিৰ এটি অবিচ্ছেদ্য অংগ৷ ৰাজ্যখনৰ বয়োজ্যেষ্ঠ এগৰাকী ব্যক্তি হিচাপে ড০ গোহাঁইৰ প্রতিও আমাৰ সকলোৰে শ্রদ্ধা আছে, মতাদর্শগত কাৰণত হয়তো কেতিয়াবা তাত আঘাত লাগে বা লগাটো স্বাভাৱিক৷ বৌদ্ধিক বা চিন্তাশীল লোকসকলে সমাজৰ মংগলৰ বাবে বা সেই দেশখনৰ স্বার্থৰ অনুকূলে এটা চিন্তা এৰি দিয়ে আৰু তাক চালি-জাৰি চাই শাসকসকলে ৰূপায়ণ কৰে৷ তেনেদৰেহে আচলতে এখন সুস্থ তথা সুসংহত সমাজ গঠন হয়৷ কেতিয়াবা তেনে একো একোটা চিন্তা বা দর্শন দেশ-কালৰ পৰিধি অতিক্রম কৰিও যায়৷
গণতান্ত্রিক দেশ এখনত তাৰ বাবে বৌদ্ধিকভাৱে সবল বা চিন্তাশীল লোকসকল নিৰপেক্ষ বা সকলোৰে বাবে বিশ্বাসযোগ্য হোৱাটো প্রাথমিক চর্ত৷ কিন্তু আমাৰ দেশত বা ৰাজ্যত আমি দেখোঁ কি বৌদ্ধিক, কি ৰাজনীতিক সকলো যেন একদৰ্ষিতা দোষেৰে দুষিত, যাৰ বাবে কোনেও কাকো নমনা বিশ্বাসহীন এক পৰিৱেশৰ জন্ম হয়৷ যিকোনো মতবাদ এটাত বাদ–বিবাদ বা বিতর্ক হ’ব পাৰে৷ ভাৰতবর্ষত তার্কিকতাৰ পৰম্পৰা অতি প্রাচীন৷ বৈদিক যুগৰ পৰা মহাভাৰতৰ গীতাৰ শ্রীকৃষ্ণ-অর্জুনৰ বার্তালাপকে আদি কৰি আধুনিক ভাৰতবর্ষলৈ তার্কিক পৰম্পৰা চলি আহিছে৷
ভাৰতবর্ষত অতি প্রাচীন কালৰে পৰা এটা গণতান্ত্রিক ব্যৱস্থা আছিল৷ গণতন্ত্রৰ ধাৰণা পাশ্চাত্য পণ্ডিতসকলে ইংৰাজসকলৰ অৱদান বুলি ক’ব খোজে যদিও চন্দ্রগুপ্ত, অশোকৰ পৰা বেদতকৈও পূর্বৰে পৰা ভাৰতবর্ষত গণতন্ত্র প্রচলিত আছিল৷ ৰজা-মহাৰজাসকলে জনসাধাৰণৰ পছন্দ-অপছন্দৰ কথাটোত সদায়ে গুৰুত্ব দিছিল আৰু মন্ত্রীমণ্ডলৰ লগত আলোচনা-বিলোচনা কৰিহে যিকোনো সিদ্ধান্ত গ্রহণ কৰিছিল৷ অৱশ্যে বর্তমান স্বাধীন ভাৰতবর্ষৰ গণতন্ত্র দুর্নীতিগ্রস্ততাৰ কবলত বেয়াকৈ ক্ষতিগ্রস্ত হৈ পৰিছে৷ ‘সামাজিক ন্যায়ৰ ক্ষেত্রত ‘মৌনতা’ক আটাইতকৈ ডাঙৰ শত্রু বুলি কোৱা হয়৷’ সুস্থ গণতন্ত্র বর্তি থাকিবলৈ হ’লে সমালোচনা বা মুক্ত চিন্তাৰ পৰিৱেশ এটাৰ দৰকাৰ৷ অৱশ্যে সমালোচনা সদায় নঞর্থক হোৱাৰ বিপৰীতে গঠনমূলক বা সদর্থক হোৱাটো দৰকাৰ৷ হীৰেন গোহাঁইক আমি স্কুলত পঢ়ি থকা সময়ত গোহাঁইৰ লিখা ‘প্রসংগক্রমে’ত পাইছিলোঁ৷ তাৰ পিছত তেখেতে লিখা দুই-চাৰিখন কিতাপ পঢ়িছিলোঁ যদিও স্বচক্ষে লগ পাইছিলোঁ মই পঢ়া বাইহাটা চাৰিআলিত অৱস্থিত ‘পূব কামৰূপ কলেজ’ৰ ৰূপালী জয়ন্তী অনুষ্ঠানত৷ সেইদিনা গোহাঁইৰ লগতে মঞ্চত উপস্থিত আছিল এজিপি চৰকাৰৰ মন্ত্রী-বিধায়কসকল, শিক্ষামন্ত্রী, বিধানসভাৰ প্রাক্তন অধ্যক্ষ পুলকেশ বৰুৱা প্রমুখ্যে স্থানীয় বিধায়ক প্রয়াত ময়িদুল ইছলাম বৰা৷
ভাষণত হীৰেন গোহাঁয়ে তেখেতৰ চিৰপৰিচিত ক্ষুৰধাৰ সমালোচনাৰে অসম আন্দোলনৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ ইত্যাদিবোৰ কৈ আঙুলি দাঙি কৈছিল– অসম আন্দোলন কৰি মন্ত্রী-বিধায়কবোৰে কি দিলে নিজে একো একোটা বিশাল পেট আৰু বিশাল কান্ধৰ গৰাকী হোৱাৰ বাদে মঞ্চত উপস্থিতসকলে তলমূৰ কৰাৰ বিপৰীতে সকলোৰে মাজত হাঁহিৰ ৰোল উঠিছিল৷ মই সেইদিনা আচৰিত হৈছিলোঁ ইমান নির্ভীকভাৱে শাসনাধিষ্ঠিত এখন চৰকাৰৰ মন্ত্রী-বিধায়কসকল সকলো ৰাইজৰ উপস্থিতিত তেনেদৰে ক্ষুৰধাৰ কৰিব পৰা মানুহজনৰ সাহস দেখি৷ তাৰ পিছতো আমি দেখি আহিছোঁ প্রতিখন চৰকাৰে তেওঁৰ ক্ষুৰধাৰ সমালোচনাৰ পৰা হাত সাৰি যোৱা নাই৷
বিশ্ববিদ্যালয়ত থাকোঁতে সন্ধিয়া দুবাৰমান ছাৰ আৰু বাইদেউক বজাৰ কৰি থকা অৱস্থাত দেখিছিলোঁ, বাইদেৱে বজাৰ কৰে আৰু ছাৰে একে ঠাইতে থিয় হৈ ৰৈ থাকে, ছাৰক তেনেকৈ দেখিলে ওচৰলৈ গৈ মাতিব সাহস নাছিল কিন্তু মই নিজৰ বজাৰ কৰিব এৰি গোহাঁইৰ ফালে দূৰৰ পৰা চাই থাকো লেখকবোৰেনো কি চায় কি পর্যবেক্ষণ কৰি ইমান লিখিব পাৰে সেয়া মোৰ বাবে সেই সময়ত অনুসন্ধিৎসা আছিল সেই স্কুল-কলেজীয়া সময়খিনিত গোহাঁই, হোমেন বৰগোহাঞি, দেৱেন দত্ত, শিৱনাথ বর্মন, নগেন শইকীয়া, মামণি ৰয়ছম গোস্বামী, নিৰুপমা বৰগোহাঞি আদি লোকৰ লেখা পঢ়িয়ে হয়তো আমাৰ চিন্তাৰ প্রসাৰতা বাঢ়িছিল আৰু আমি নির্ভীক হ’বলৈ শিকিছিলোঁ৷ হীৰেন গোহাঁইৰ সাহিত্যিক যি প্রতিভা, গভীৰতা আৰু বিশালতা সেইখিনি আমি সকলোৱে নতশিৰে স্বীকাৰ কৰিবই লাগিব৷ কিন্তু গোহাঁইৰ ৰাজনৈতিক চিন্তাধাৰাৰ লগত আমি বহু সময়ত একমত নহয়৷ ছাৰক মোৰ প্রশ্ন কৰাৰ ধৃষ্টতা হয়তো নাই কিন্তু কেতিয়াবা মই মনতে ভাবোঁ, ছাৰক কেতিয়াবা ওচৰত লগ পালে সুধিলোঁহেঁতেন… আমি সকলোৱে জানো পৃথিৱীৰ প্রত্যেক দেশৰে এটা নিজা নিজা দর্শন আছে৷ যেনেকৈ আমেৰিকাৰ দর্শনক বাস্তৱবাদী আৰু প্রয়োগবাদী বুলি ক’ব পাৰি তেনেদৰে ফৰাচী দর্শন মূলতঃ বুদ্ধিবাদী আৰু জার্মান দর্শনক সৃজনীমূলক আৰু যুক্তিবাদী বুলি ক’ব পৰা যায় তেনে দৃষ্টিভংগীৰ পৰা ভাৰতীয় দর্শনক ধ্যানমূলক বা আধ্যাত্মিক বুলি কোৱা হয়৷ নিৰৱচ্ছিন্ন ধ্যানৰ সহায়ত আত্মাৰ স্বৰূপ আৰু শক্তি, মাহাত্ম্যৰ জ্ঞান লাভ কৰাটো ভাৰতীয় দর্শনৰ লক্ষ্য৷
ভাৰতীয় দর্শনৰ অন্যতম মূল বৈশিষ্ট্যই হৈছে আধ্যাত্মিকতা৷ আধ্যাত্মিক শান্তি লাভে মানৱ জীৱনৰ প্রকৃত শান্তি বুলিও অভিহিত কৰিছে৷ প্রাচীন ভাৰতীয় দর্শনে অতিন্দ্রিয়, অলৌকিক তথা পৰমার্থিক সত্তাসমূহক অধিক গুৰুত্ব দিছিল যদিও আধুনিক বা সমসাময়িক ভাৰতীয় দার্শনিকসকলে মানুহৰ ব্যৱহাৰিক জীৱনৰ ওপৰতো প্রাধান্য আৰোপ কৰিছে৷ তেওঁলোকে আধ্যাত্মিক আদর্শ আৰু বাস্তৱ জীৱনৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰি উভয়ৰে মাজত এক সুন্দৰ সুসমন্বয় সাধন কৰি জীৱন আৰু জগতক উপলব্ধি কৰিব বিচাৰে৷
জাতিৰ পিতা মহাত্মা গান্ধীয়ো টলষ্টয়, মার্ক্সৰ দর্শনৰ দ্বাৰা প্রভাৱান্বিত হৈছিল কিন্তু কৈছিল যে ভাৰতীয় সমাজ ব্যৱস্থা বা ভাৰতীয় মন-মানসিকতাৰ বাবে মার্ক্সৰ দর্শনটো ৰিলেভেণ্ট নহয় কিয়নো ভাৰতীয় মন-মানসিকতা বা জীনত আধ্যাত্মিক চেতনাবোধ চিৰপ্রবাহিত৷ গান্ধীজীয়ে কৈছিল– কার্লমার্ক্সৰ অত্যধিক বস্তুবাদী চিন্তাই ভাৰতীয় আধ্যাত্মিক জীৱন পদ্ধতিত বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে সেয়ে তেওঁৰ আদর্শ সমাজত মার্ক্সবাদী শ্রেণী সংগ্রামৰ পৰিৱর্তে সামাজিক ন্যাস আৰু স্বদেশী ভাৱধাৰাৰে সমাজবাদৰ সপোন দেখিছিল৷ তদুপৰি ভাৰতীয় সভ্যতা-সংস্কৃতি দর্শন আমাৰ সনাতন আদর্শত অহিংসা, সাম্য-মৈত্রী ভাব বেদ-উপনিষদৰ দিনৰে পৰা আছে, ‘বসুধৈৱ কুটুম্বকম, ‘সর্বে ভবান্তু সুখিনঃ সর্বে সন্তু নিৰাময়া, মা কশ্চিদ দুঃখভাৱেৎ’ এনেবোৰ কথা আমাৰ বেদ–উপনিষদতে আছে, অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠাতা শংকৰদেৱেও সেই দর্শনৰে প্রভাৱান্বিত হৈ কৈছিল ‘কুকুৰ শৃগাল গন্ধর্বৰো আত্মাৰাম সবাকো কৰিবা আত্মজ্ঞান…’গতিকে এনেকুৱা এটা সভ্যতা–সংস্কৃতিত লালন–পালন হৈ তেওঁ কিহৰ তাড়নাত নিজৰ মেধা-বুদ্ধি সেইবোৰৰ উৎকর্ষ সাধনত প্রয়োগ নকৰি এটা বিদেশী মতবাদ ‘মার্ক্সিচিজম’ক আঁকোৱালি ল’লে??
মোৰ দুই নম্বৰ প্রশ্ন– বহু বছৰ আগতে ১৯৯২ নে ৯৩ চনৰ ‘আজিৰ অসম’ বাতৰিকাকতৰ ‘প্রসংগক্রমে’ ত ‘বিদেশী নাগৰিকৰ সমস্যা আৰু আলফাৰ আত্মঘাতী সংঘাত’ শীর্ষক প্রবন্ধত ড০ গোহাঁয়ে লিখিছিল– ‘বাংলাদেশত থকা হিন্দু জনসংখ্যাৰ নিৰাপত্তাৰ আংশিক দায়িত্ব ভাৰত চৰকাৰৰ৷ এইটো কোনো ধর্মীয় সাম্প্রদায়িকতাৰ কথা নহয়৷ ধর্মৰ ভিত্তিত দেশ বিভাজন মানি লোৱাৰ পিছত হয় ভাৰতে পূব পাকিস্তানৰ সংখ্যালঘুসকলক ভাৰতত স্থান দিব লাগিব নহয় তেওঁলোকক নিৰাপত্তা দিবলৈ সেই চৰকাৰক বাধ্য কৰাব লাগিব৷ ১৯৭১ চনত বাংলাদেশৰ লগত হোৱা চুক্তিৰ ভিত্তিতো ভাৰতে তেনে হেঁচা আজিও প্রয়োগ কৰিব পাৰে৷ যদি কিবা কাৰণত ভাৰত চৰকাৰে সেই দায়িত্ব ল’ব নোখোজে তেন্তে বাংলাদেশী হিন্দুৰ দায়িত্ব ভাৰতৰ সকলো ৰাজ্যৰ মাজত সমানে ভগাই ল’ব লাগিব৷ কিন্তু দায়িত্ব এৰাব নোৱাৰে৷’ তেন্তে সেই একেটা দর্শনৰে কেন্দ্রীয় বিজেপি চৰকাৰে ‘কা’ আইন বলৱৎ কৰিব খোজাত কিয় ৰাজ্যবাসীক আন্দোলন কৰিবলৈ হাত উজান দি এটা কৃত্রিম ভাতৃঘাতী সংঘর্ষ জন্ম দিয়াত সহায় কৰিলে যাৰ ফলত নেকি পাঁচটাকৈ নিৰাপৰাধী অসমীয়া ডেকাৰ প্রাণহানি হ’বলগীয়া পৰিৱেশৰ সৃষ্টি হ’ল অকল বিৰোধৰ বাবে বিৰোধ কৰি যদি বৌদ্ধিক আন্দোলন এটাৰ নেতৃত্ব দিব পৰা লোক এজনে এনেদৰে অনবৰত আন্দোলনমুখী প্রৱণতা এটা জাতিটোৰ গাত জাপি দিয়ে সেই জাতিৰ ভৱিষ্যৎ, নৱপ্রজন্মৰ ভৱিষ্যৎ কিদৰে উজ্জ্বল হ’ব পাৰে অসম আন্দোলনটো গঢ়ি উঠিছিল মূলতঃ ইছ্যু আছিল অবৈধ অনুপ্রৱেশকাৰীক বহিষ্কাৰ৷ যি সময়ত অবৈধ অনুপ্রৱেশকাৰীয়ে জনসংখ্যা বৃদ্ধিৰে ৰাজ্যখনৰ জনগাঁথনিকে সলনি কৰি অসমত অসমীয়া জাতিৰ অস্তিত্বৰ সংকট সৃষ্টি কৰিলে ৰাজ্যখনৰ আগশাৰীৰ এগৰাকী বুদ্ধিজীৱী হিচাপে সেই সময়ত ড০ গোহাঁইৰ কিন্তু স্থিতিটো স্পষ্ট ৰূপত বা অসমীয়া জাতিৰ স্বার্থৰ অনুকূলে দেখা নাযায় বৰং গোহাঁয়ে মাজে সময়ে বদৰুদ্দিন আজমলৰ লগত সুৰ মিলাই কোৱা শুনিছো যে অবৈধ বাংলাদেশী মুছলমানসকল অশিক্ষিত হেতু তেওঁলোকে যৌনতাকে মনোৰঞ্জনৰ সামগ্রী বুলি লোৱাহেতুকে অধিক সন্তান জন্ম দিয়ে৷ বা নিজৰ কৃষিকার্যতে হওক বা অন্য কামত সহায় হোৱাকৈও সন্তান জন্ম দিয়ে কিন্তু গোহাঁইৰ দৰে এগৰাকী বিদগ্ধ পণ্ডিতে এই কথাটো কিয় পাহৰি থাকে যে গণতন্ত্রত সংখ্যাই চৰকাৰ ভঙা-পতাত নির্ণায়ক ভূমিকা লয়।
আচার্য বিনোৱা ভাৱে কৈছিল– যেতিয়ালৈকে শংকৰ–মাধৱক অসমীয়াই জীয়াই ৰাখিব তেতিয়ালৈকে অসমীয়া জাতিক কোনো বাহিৰা শতৰুৱে আক্রমণ কৰিব নোৱাৰে৷ আৰু যেতিয়া অসমীয়াই শংকৰ-মাধৱক পাহৰি যাব তেতিয়া অসমীয়া জাতিক ৰক্ষা কৰোঁতা কোনো নোলাব অবৈধ বাংলাদেশীৰ জনবিস্ফোৰণে বা আগ্রাসনে যিদৰে প্রতিখন জিলালৈ বিশেষকৈ নামনি অসমৰ জনগাঁথনিৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে সেইটো অব্যাহত থাকিলে অসমত অসমীয়াৰ অস্তিত্ব থাকিবনে নে গুৰুদুজনা শংকৰদেৱ-মাধৱদেৱ অসমীয়া জাতিক দি যোৱা সংস্কৃতি জীয়াই থাকিব।
দেশ বা ৰাজ্য এখনত সাংস্কৃতিক আগ্রাসনেও জানো প্রভাৱান্বিত নকৰে ৰাজ্যখনৰ এগৰাকী নমস্য ব্যক্তি নগেন শইকীয়াই লিখিছিল– ‘সংস্কৃতিক বাদ দি জাতীয়তাৰ পৰিচয় প্রতিষ্ঠিত হ’ব নোৱাৰে৷’ তাৰ বিপৰীতে নিজৰ দেশখনৰে অইন ৰাজ্যৰ হিন্দীভাষী মানুহখিনিক বহিৰাগত বুলি নাম দি যিখিনি বেহা-বেপাৰৰ বাবে যদি অসমলৈ আহে সেইসকলৰ প্রতি গোহাঁয়ে কিন্তু প্রয়োজনতকৈ অধিক সন্দেহ ব্যক্ত কৰে কিন্তু চাবলৈ গ’লে তেওঁলোক যিসকল মাৰোৱাৰী বা বিহাৰী লোকে চল্লিশ-পঞ্চাশৰ দশকৰ পৰাই অসমত বনিজৰ বাবে বাস কৰি আছেহি তেওঁলোকেটো আজি কোনোধৰণৰ সমস্যাৰ সৃষ্টি কৰা নাই, জাতীয় অস্তিত্বত সংকটৰ সৃষ্টি কৰা নাই।
জনসংখ্যা বৃদ্ধিৰে অসমৰ কোনো এখন গাঁও দখল কৰা নাই ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰিবলৈ যোৱা নাই আজমল বাহিনীয়ে যেনেকৈ আজি গোজে গজালি হৈ ৰাজনৈতিক সাম্রাজ্য বিস্তাৰ অভিযানত নামি পৰিছে বিভিন্ন সময়ত বিভিন্ন লোক আহি বৃহত্তৰ জাতি গঠন প্রক্রিয়া আৰম্ভ হৈছে৷ এই জাতি গঠন প্রক্রিয়াত এই দেশৰ ভাষা বা ধর্ম আঁকোৱালি লৈ লীন যোৱা সময়ত বহুতৰ প্রভাৱ বা বৈভৱ পৰিছে৷ মোৰ মাজে সময়ে এটা কথা মনলৈ আহে ছাৰলৈ মোৰ শেষ প্রশ্ন– আহোমসকলে অসমলৈ আহি নিজৰ ভাষা–ধর্ম ত্যাগ কৰি অসমীয়া ভাষা-ধর্ম-সংস্কৃতিক আঁকোৱালি লৈ অসমীয়াক জাতিক বুকুৰ আপোন কৰি লৈহে বৰ অসম গঢ়িছিল আৰু সেইটো বিশ্বাসেৰে ৬০০ বছৰ নিৰাপদে ৰাজত্ব কৰিছিল৷ যদি তেওঁলোকে নিজৰ ধর্মটো বা ভাষাটো ত্যাগ নকৰিলেহেঁতেন তেনেহ’লে সেইখিনি বিশ্বাস জন্মাবলৈ সক্ষম হ’লহেঁতেন নে কোৱা হয় ত্যাগ অবিহনে কোনো বস্তুৱে প্রাপ্তি নহয়৷ তেনেহ’লে পূর্ববংগীয় মুছলমানসকলে অসমীয়াৰ লগত জাহ যাবলৈ কি ত্যাগ কৰিলে।
কৃষি কর্ম কৰি ৰাইজক খুৱাই থকা বুলি যদি ভাবিছে তেনেহ’লে মোৰ সুধিবৰ মন যায় তেওঁলোক নাথাকোঁতে অসমীয়াই খোৱা নাছিল নেকি তেওঁলোক অহাৰ আগত খাল–বিলত মাছ–কাছো উভৈনদী আছিল৷ এতিয়ানো কি বেছি উৎপাদন কৰিছে বিষাক্ত কীটনাশক ৰাসায়নিক সাৰবোৰ দি উৎপাদন বৃদ্ধি কৰি ৰাইজক বেমাৰী কৰাৰ বাদে তদুপৰি অন্য এটা কথাই আজিকালি মোক চিন্তিত কৰি তোলে কি ৰাজ্যখনৰ সঘনে হোৱা আন্দোলন, সংস্থাপনহীনতা হেন–তেনত অতিষ্ঠ হৈ আজিৰ মধ্যবিত্ত মানুহখিনিয়ে কি কৰে নিজৰ সন্তানক এডুকেচন লোন লৈয়ে হওক বা নিজৰ টকাৰে হওক সন্তানক দিল্লী, মুম্বাই, পুনে, বেংগালুৰু বা বিদেশলৈও পঢ়িবলৈ পঠিয়াই দিয়ে, পঢ়া শেষ হোৱাৰ পিছত সেইখিনি ছাত্র–ছাত্রীয়ে কিন্তু ঘৰলৈ উভতি নাহি তাতে কোম্পানী–চোম্পানীত চাকৰি এটা যোগাৰ কৰি তাতে মাটি–বাৰী বা ফ্লেট এটা কিনি থাকিবলৈ লৈছে৷ যাৰ ফলত বৃদ্ধকালত মাক–বাপেকে উদং বুকুৰে দিন নিয়াবলগীয়াত পৰিছে৷ আজিৰ নৱপ্রজন্মৰ মানসিকতাটোৰ কথা বৌদ্ধিক জগত তথা আমাৰ ৰাজনীতিকসকলে কিদৰে চিন্তা কৰিছে।
ফোনঃ ৯৩৬৫৮–৩২৪৪১