নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাইগাঁৱত ভুৱা পৰীক্ষার্থীসহ আটক ২

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ মঙলবাৰে ওদালগুৰিৰ কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্রত এজন ভুৱা পৰীক্ষার্থী ধৰা পৰি আটক হোৱা ঘটনাই অঞ্চলটোত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ প্রাপ্ত খবৰ মতে, কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্রৰ অন্তর্গত কবিৰালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিয়মীয়া পৰীক্ষার্থী প্রভুধন ওৰাং Roll-B20-813. No-0296) হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হয়৷ কিন্তু পৰীক্ষার্থীগৰাকীৰ পৰিৱর্তে প্রকাশ তাঁতী নামৰ এগৰাকী ভুৱা পৰীক্ষার্থীয়ে অতি কৌশলেৰে গণিত বিষয়ৰ পৰীক্ষাত অৱতীর্ণ হয়৷ তেনে সময়তে গোপন সূত্রৰ ভিত্তিত কেন্দ্রটোৰ দায়িত্বত থকা বহি পৰিদর্শকগৰাকীয়ে কলাইগাঁও আৰক্ষী থানাৰ সহযোগত ভুৱা পৰীক্ষার্থীগৰাকীক আটক কৰাৰ লগতে সোধা–পোছাৰ বাবে থানালৈ নি সোধা–পোছা কৰি গ্রেপ্তাৰ কৰাৰ লগতে প্রকৃত পৰীক্ষার্থী প্রভুধন ওৰাঙকো কবিৰালিৰ নিজা বাসগৃহৰ পৰা আটক কৰে৷

You might also like