নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত বনৰীয়া হাতীৰ আক্ৰমণত এজন আহত

বিশেষ বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : সোণাৰিত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। উল্লেখযোগ্য যে নিশা নমা মাত্ৰকেই অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য সম্ভাৰ বিচাৰি সোণাৰি নগৰৰ বিভিন্ন উপকণ্ঠ অঞ্চললৈ ঢাপলি মেলা এটা বনৰীয়া হাতীৰ জাকে বিভিন্ন ৰাজপথত মুকলিকৈ বিচৰণ কৰাত স্থানীয় জনতা আতংকিত হৈ পৰিছে। উল্লেখযোগ্য যে যোৱা ৯ ফেব্ৰুৱাৰীত নিশা উক্ত হাতীৰ জাকটোৰ আক্ৰমণত ৰাজীৱ মুণ্ডা নামৰ এজন শ্ৰমিক গুৰুতৰ ভাবে আহত হৈ সম্প্ৰতি সংকটজনক অৱস্থাত ডিব্ৰুগড়স্হিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ পাছত আজি পুৱা পুনৰ হাতীৰ জাকটোৰ আক্ৰমণৰ বলি হয় আন এজন লোক। ঘটনাৰ বিৱৰণী মতে আজি পুৱা প্রায় চাৰি বজাত সোণাৰি নগৰৰ সমীপৱৰ্তী ছিংল পথাৰ অঞ্চলৰ গণেশ সোণোৱাল নামৰ যুৱকজনে নিজৰ ঘৰতে শুই থকা অৱস্থাত হাতীৰ জাকটোৱে সোণোৱালৰ ঘৰ ভাঙি বিধস্ত কৰে । হাতীৰ জাকটোৰ কৱলৰ পৰা ৰক্ষা পাবলৈ সোণোৱালে পৰিয়ালৰ আন আন সদস্য সকলক নিৰাপদ স্থানলৈ লৈ যোৱাৰ সময়তে হাতীৰ জাকটোৰ মাজৰ পৰা এটা প্ৰকাণ্ড হাতীয়ে সোণোৱালক খেদি খেদি গৈ আক্ৰমণ কৰি তাৰ পৰা আঁতৰি যায়। পাছত পৰিয়ালৰ লোকসকলে লোকজনক ততালিকে চৰাইদেউ অসামৰিক চিকিৎসালয়লৈ আনে যদিও আক্ৰমণত সৰ্ব শৰীৰত আঘাতপ্ৰাপ্ত হোৱাত চিকিৎসকে তেওঁক সংকজনক অৱস্থাত ডিব্ৰুগড়স্থীত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

প্ৰেৰক দীপাংকৰ পাল

You might also like