নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষীৰধৰ বৰুৱালৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি এছ চি

বিশেষ বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱালৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডি এছ চি (ডক্টৰেট অৱ চায়েন্স) সন্মান প্ৰদানৰ বাবে প্ৰকাশিত বাতৰিয়ে বিশ্বনাথত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে। দীৰ্ঘদিনধৰি বিজ্ঞান জনপ্ৰিয়কৰণৰ লগত জড়িত ক্ষীৰধৰ বৰুৱাক ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ২২সংখ্যক দীক্ষান্ত সমাৰোহ উপলক্ষে অনুষ্ঠিত হ’ব লগা অনুষ্ঠানতে অহা ৯ মার্চত এই সন্মান প্ৰদান কৰা হ’ব। এই সমাৰোহত সভাপতিত্ব কৰিব ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচার্য গুলাব চান্দ কাটাৰিয়াই। মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব বিশিষ্ট চিন্তাবিদ তথ্য নীতি আয়োগৰ অবসৰপ্রাপ্ত কার্যবাহী বিষয়া অমিতাভ কাটে। এই সমাৰোহতে সাহিত্য জগতলৈ বিশিষ্ট অবদান আগবঢ়োবা স্বনামধন্য সাহিত্যিক ইমৰান শ্বাহক সম্মানীয় ডি লিট সন্মান প্ৰদান কৰা হ’ব। বিশিষ্ট বিজ্ঞান লেখক জনক এই সন্মান ঘোষণাৰ বাতৰিৰ পিছতে গুণমুগ্ধ আৰু শুভাকাংক্ষী আৰু বিভিন্ন দল সংগঠনে অভিনন্দন জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে বৰুৱাই অসমৰ বিভিন্ন বাতৰি কাকত, আলোচনীত নিয়মীয়া প্ৰবন্ধ লিখাৰ উপৰি বিজ্ঞান জেউতি, ৰসায়ন শিক্ষা আদি আলোচনীৰ সম্পাদক হিচাপে কার্যনির্বাহ কৰিছিল। তেওঁ ২০২২ চনত অসম সাহিত্য সভাই প্রকাশ কৰা ‘অসমীয়া বিশ্বকোষ’ৰ বিজ্ঞান বিভাগৰ (Vol. I, II, III)ৰ সহযোগী সম্পাদক আছিল।বিজ্ঞান জনপ্ৰিয় কৰাৰ বাবে তেওঁ ‘Scientoons’ (Science Cartoons) ব্যৱহাৰৰ ক্ষেত্ৰত অসমৰ বাটকটীয়া বুলিব পাৰি। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেখেতে লিখা কিতাপসমূহ হ’ল-আকাশী যানৰ কথা (অসম বিজ্ঞান সমিতি, ১৯৭২ চন),সাগৰৰ কথা (১৯৭৫),বিশ্ববিখ্যাত মহিলা বিজ্ঞানী, বিজ্ঞানৰ ৰেঙণি (চন্দ্ৰ প্রকাশ, ১৯৯০),বিজ্ঞানৰ নতুন দিগন্ত (অসম প্রকাশন পৰিষদ) ,বিজ্ঞানৰ সৰু বৰ কথা (লয়াৰ্ছ বুক ষ্টল, ১৯৯৭,বসায়নৰ পঞ্চৰত্ন (ৰসায়ন শিক্ষা সমাজ, ১৯৯৮),অসমীয়া বিজ্ঞানী (বুক হাইভ, ১৯৯৯) তাৰোপৰি ২০০১ চনৰ ৭ এপ্রিল তাৰিখে বিশ্বনাথ চাৰিআলিত স্থাপন হোৱা ‘আকাশ শিশু বিজ্ঞান’ নামৰ অনুষ্ঠানটি ক্ষীৰধৰ বৰুৱা অন্যতম উদ্যোক্তা। এই অনুষ্ঠানৰ জৰিয়তে শিশুৰ মাজত বিজ্ঞান শিক্ষাৰ প্ৰচাৰ, প্ৰসাৰ আৰু আন্তঃৰাষ্ট্ৰীয় দিৱস আৰু বিখ্যাত বিজ্ঞানীসকলৰ জন্ম আৰু মৃত্যুৰ দিৱস নিয়মীয়াকৈ পালন কৰে। ২০১২ চনৰ ২২ ছেপ্তেম্বৰৰ পৰা ‘আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্র’ নামৰে এটি বিজ্ঞান কেন্দ্র স্থাপন কৰে। এই কেন্দ্রত প্রতি দেওবাৰে দুঘণ্টাকে প্রায় ৫০ জন শিশুক এবছৰীয়া ‘১০০+ বিজ্ঞান পৰীক্ষা প্রকল্প’ৰ ভিত্তিত পাঠদান কৰি আছে। ইয়াৰোপৰি ‘আকাশ বিজ্ঞান বার্তা’ নামৰে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমখন দুমহীয়া বিজ্ঞান বিষয়ৰ বাতৰি কাকত প্রকাশ কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক সমাজৰ মাজত বিজ্ঞানৰ ন ন আৱিষ্কাৰৰ বিষয়ে বার্তা প্ৰেৰণ কৰাৰ ক্ষেত্ৰত কাম কৰি আহিছে।

প্ৰেৰক জয়ন্ত বৰা

You might also like