নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত বৈদ্যুতিক বাহন চাৰ্জিং ষ্টেচন উদ্বোধন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

বিশেষ বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : অসম ৰাজ্যিক পৰিবহণ নিগমৰ জয়মতী পথাৰস্থিত তেজপুৰ সংমণ্ডলৰ সংমণ্ডল অধীক্ষকৰ কাৰ্য্যালয় চৌহদত স্থাপন কৰা বৈদ্যুতিক বাহন চাৰ্জিং ষ্টেচন আনুষ্ঠানিকভাৱে আজি মন্ত্ৰী পৰিমল শুক্লবৈদ্য উদ্বোধন কৰে। উল্লেখ্য যে তেজপুৰৰ জয়মতী পথাৰত থকা অসম ৰাজ্যিক পৰিবহন নিগমৰ তেজপুৰ সংমণ্ডলৰ সংমণ্ডল অধীক্ষকৰ কাৰ্য্যালয় চৌহদত ১,২৬,৭০,০৭৭ টকা ব্যয়ৰে নিৰ্মান কৰা দুটা বৈদ্যুতিক চাৰ্জাৰ সম্বলিত এক বৈদ্যুতিক বাহন চাৰ্জিং ষ্টেচন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে  মন্ত্ৰী গৰাকীয়ে অসম ৰাজ্যিক পৰিবহন নিগমৰ তিনিখন বৈদ্যুতিকচালিত বাছ মুকলি কৰে। উল্লেখ্য যে উক্ত প্ৰদূষনমুক্ত বাছকেইখন তেজপুৰ-বিশ্বনাথ চাৰিআলি, তেজপুৰ-তেজপুৰ কেঞ্চাৰ চেন্টাৰ মাজত চলাচল কৰাৰ লগতে এখন তেজপুৰ ঢেকিয়াজুলিৰ মাজত চলাচল কৰিব বুলি জানিব দিয়ে। এই উপলক্ষে পৰিবহন নিগমৰ সংমণ্ডল বিষয়াৰ কাৰ্য্যালয় চৌহদত অনুষ্ঠিত এক সভাত অসম ৰাজ্যিক পৰিবহন নিগমৰ মুখ্য অভিযন্তা হিৰঞ্জন শইকীয়াই দিয়া আদৰণি ভাষনত পৰিবহণ বিভাগে আজি তেজপুৰত বৈদ্যুতিক বাছ চাৰ্জিং ষ্টেচনৰ শুভাৰম্ভ আৰু তিনিখন বৈদ্যুতিক বাছ তেজপুৰৰ বাবে দিয়াৰ কথা সদৰি কৰে। শোণিতপুৰ জিলাৰ উন্নয়ন আয়ুক্ত গঞা প্ৰসাদ আগৰৱালা ,তেজপুৰ উন্নয়ন প্ৰাধিকৰনৰ সভাপতি বিৰাজ নাথ,ডাঃ সঞ্জীৱ হাজৰিকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহণ কৰা ছাৰ্জিং ষ্টেছন উদ্বোধন কৰি মন্ত্ৰী বৈদ্যই ভাৰত বৰ্ষত ৫৩ শতাংশ বায়ু প্ৰদূষণ যান বাহনৰ পৰা হৈছে আৰু অসমৰ দৰে এখন ৰাজ্যত নিতৌ ৫০লক্ষ যান বাহন চলাচল কৰে বুলি সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ বাবে অসমত বিদ্যুৎচালিত বাহনৰ ওপৰত চৰকাৰে সৰ্বাধিক গুৰুত্ব দিছে আৰু ইয়াৰ অংশ হিচাপে অসম ৰাজ্যিক পৰিবহন নিগমে গুৱাহাটীত ২০০খন বৈদ্যুতিকচালিত বাছ চলাই লাভৰ দিশে গতি কৰা বুলি কয়। মন্ত্ৰীগৰাকীয়ে আজি বৈদ্যুতিক বাহন চাৰ্জিং কেন্দ্ৰ উদ্বোধন কৰি অসমত ২০০এনে চাৰ্জিং ষ্টেচন স্থাপনৰ বাবে টাটাৰ লগত চৰকাৰে  বুজাবুজি চুক্তি কৰা আৰু  ১৫ বছৰ পুৰণি চৰকাৰী বেচৰকাৰী বাহনৰ বাবে চৰকাৰে স্ক্ৰপছ পলিচি গ্ৰহন কৰা বুলি কয়। ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে জয়মতী পথাৰৰ পৰা চাৰ্জিং বাছত উঠি গৈ অসম ৰাজ্যিক পৰিবহন নিগমৰ তেজপুৰ আস্থানত ১,৯৩,২৩,৬২১ টকা ব্যয়ৰে নিৰ্মান কৰা অসম ৰাজ্যিক পৰিবহন নিগমৰ তেজপুৰ সংমণ্ডলৰ সংমণ্ডল অধীক্ষকৰ কাৰ্য্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে।
প্ৰেৰক হিমাংশু শইকীয়া
You might also like