🔹 বিত্তীয় সাহায্য আগবঢ়োৱা জেহেৰুল আলীৰ গৃহৰ পৰা ৩,৬৫,৫০০ টকা জব্দ
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : আৰক্ষীয়ে আজি এক অভিযান চলাই ৰঙিয়াৰ বালাগাঁৱত ড্ৰাগছ আৰু নগদ ধনসহ পিতা-পুত্ৰক আটক কৰে ৷ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে দুটা চাবোনৰ বাকচত ২২.৩৯ গ্ৰাম হেৰ’ইন ৷ ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত পিতা-পুত্ৰক আটক কৰে ৰঙিয়া আৰক্ষীয়ে ৷ ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে ৰঙিয়াৰ বালাগাঁৱৰ ইছাহক আলী আৰু তেওঁৰ পুত্ৰ আছলাম হুছেইন ৷ জানিব পৰা মতে, ধৃত সৰবৰাহকাৰী দুজনক ড্ৰাগছৰ ব্যৱসায় চলাবলৈ স্থানীয় যুৱক জেহেৰুল আলীয়ে বিত্তীয় সাহায্য আগবঢ়াই আহিছে বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে। লগে লগে আৰক্ষীয়ে জেহেৰুল আলীৰ ঘৰত অভিযান চলায়। আৰক্ষীৰ উমান পাই পলায়ন কৰে জেহেৰুল আলীয়ে। আৰক্ষীয়ে জেহেৰুল আলীৰ গৃহৰ পৰা ৩,৬৫,৫০০ টকা জব্দ কৰে । আৰক্ষীয়ে ইতিমধ্যে জেহেৰুল আলীৰ সন্ধানত নামি পৰিছে ।
প্ৰেৰক ফাৰুক হুছেইন