বিশেষ বাৰ্তা, ৪ মাৰ্চ : চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ টিজিটত আজি পুৱাই আছাম ৰাইফলছ আৰু উগ্ৰপন্থী সংগঠন এন এছ চি এন (আৰ)ৰ মাজত সংঘটিত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনাত এন এছ চি এন (আৰ)ৰ এজন কেডাৰ নিহত হোৱাৰ লগতে আছাম ৰাইফলছে এজন উগ্ৰপন্থীক অস্ত্ৰ-শস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হয়। নিহত হোৱা উগ্ৰপন্থীজন ম্যানমাৰৰ আকাই কন্যাক বুলি চিনাক্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, নাগালেণ্ডৰ টিজিতৰ পুৰণি চাংচা বস্তিত উগ্ৰপন্থী সংগঠন এন এছ চি এন (আৰ)ৰ এটা দুজনীয়া দলে বাহৰ পাতি থকাৰ বিষয়ে তথ্য লাভ কৰি ২৭নং আছাম ৰাইফলছৰ এটা বাহিনীয়ে আজি পুৱা ৫ বজাত অভিযান চলাবলৈ যোৱাৰ সময়ত উগ্ৰপন্থী দলটোৰ সৈতে মুখামুখি হয়। উগ্ৰপন্থী সংগঠনটোৰ সদস্যই আছাম ৰাইফলছৰ সেনালৈ উদ্দেশ্যি গুলীচালনা কৰে আৰু প্ৰত্যুত্তৰত আছাম ৰাইফলছেও গুলীবৰ্ষণ কৰাত দুয়োপক্ষৰ মাজত বহুসময় গুলীয়াগুলী চলে। গুলীচালনাৰ ঘটনাত উগ্ৰপন্থী সংগঠনটোৰ এজন কেডাৰ থিতাতে নিহত হয় আৰু আন এজন কেডাৰক আটক কৰিবলৈ সক্ষম হয়। উগ্ৰপন্থী দুজনৰ কবলৰ পৰা এটা AK56, দুটা মেগজিন, ৬০টা সক্ৰিয় গুলী, ২টা গ্ৰেনেট আৰু ৩টা মোবাইল জব্দ কৰিবলৈ সক্ষম হয় ৷ আছাম ৰাইফলছে আটক কৰা উগ্ৰপন্থী সদস্যজন ৱাংলিয়াম ৱাংছু বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক আব্দুল জাব্বাৰ