লখিমপুৰত বিকাশ যাত্ৰা : ৪৬ প্রকল্প উদ্বোধন-শিলান্যাস-ভূমিপূজন মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ মাৰ্চঃ ব্রহ্মপুত্রৰ পৰা বৰাক উপত্যকালৈ, উজনিৰ পৰা নামনিলৈ উন্নয়নৰ এক নৱ দিগন্ত সূচনাৰ পৰিকল্পনাৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা বিকাশ যাত্রাৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি লখিমপুৰ জিলাত ৮০৭ কোটি টকা ব্যয় সাপেক্ষ ৪৬টা প্রকল্পৰ উদ্বোধন, শিলান্যাস আৰু ভূমিপূজন কৰে৷ মুখ্যমন্ত্রীয়ে আজি প্রথমতে নাৰায়ণপুৰত ১১২ কোটি টকা ব্যয় সাপেক্ষে বিশ্ব বেংকৰ অর্থসাহায্য আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰে বিহপুৰীয়া সমষ্টিত ১০০খন বিছনাযুক্ত জিলা চিকিৎসালয়ৰ শিলান্যাস কৰে৷ তদুপৰি লখিমপুৰ জিলা ভ্রমণকালত মুখ্যমন্ত্রী ড০ শর্মাই আজি ১৬ কোটি টকা ব্যয় সাপেক্ষে নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত চুকুলীভৰীয়াত নির্মিত সন্মিলন কেন্দ্র, ৰঙানদীত ১০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা শীতলকৰণ ভঁৰাল, ঢকুৱাখনা আৰু উত্তৰ লখিমপুৰত আৱর্ত ভৱন, উত্তৰ লখিমপুৰ চহৰৰ থানা ৰোডত আধুনিকীকৰণ কৰা গান্ধী উদ্যান, মাতমৰাত ২ কোটি টকা ব্যয়েৰে নির্মাণ কৰা সাংস্কৃতিক প্রেক্ষাগৃহৰ লগতে ১৯৮ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰা ৫খন নলযোগে পানী যোগান আঁচনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ মুখ্যমন্ত্রীয়ে আজি ব্রহ্মপুত্রৰ মথাউৰিত ৪৯ কোটি টকা ব্যয় সাপেক্ষে টেকেলিফুটাৰ পৰা লুটাচুৰলৈ পকী পথ নির্মাণৰো শুভ উদ্বোধন কৰে৷ তদুপৰি মুখ্যমন্ত্রীয়ে ১৩৯ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া নকাড়ীৰ ৰঙাজান পথত ৰেলৱে অভাৰব্রিজ নির্মাণ, গোবৰিচালি চাংমাইৰ পৰা দিজু পথাৰলৈকে পথৰ উন্নয়ন আৰু উন্নীতকৰণ প্রকল্প তথা কঁহৰা মথাউৰি আৰু ৰাজ্যিক ঘাইপথ ৪২ৰ পৰা জামুগুৰি–কহঁৰাঘাটলৈ পথৰ উন্নয়ন আৰু উন্নীতকৰণ প্রকল্পৰ ভূমিপূজন সম্পাদন কৰে৷ ইয়াৰ উপৰি তেওঁ আজি জিলাখনত ১১১ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া ২৪ টা পথ প্রকল্প, ৯২ কোটি টকা ব্যয়ৰে ৰূপায়ণ কৰিবলগীয়া দুটা পানী যোগান প্রকল্পৰ শিলান্যাস কৰে৷ তেওঁ লগতে জিলাখনত ৫৬ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া ৪টা আন্তঃগাঁথনিমূলক প্রকল্পৰো শিলান্যাস কৰে৷ ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে চলিত বর্ষতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় হিচাপে আত্মপ্রকাশ কৰিব আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চুপাৰ স্পেচিয়েলিটী হাস্পতাল নির্মাণৰ কাম এই বছৰতে আৰম্ভ কৰাৰ পদক্ষেপ গ্রহণ কৰা হব৷ অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে ৮খন চাহ বাগিচালৈ একোখনকৈ এম্বুলেঞ্চ আনুষ্ঠানিকভাৱে প্রদান কৰে৷ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব পবিত্র মার্ঘেৰিটা, বিধায়কদ্বয় ৰঞ্জিত দত্ত, ড০ অমিয় কুমাৰ ভূঞা, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ভৈৰৱ দেউৰীকে ধৰি গণ্যমান্য বাক্তিসকল উপস্থিত থাকে৷