নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওস্তাদ বিছমিল্লা খান যুৱ বঁটাৰ বাবে নিৰ্বাচিত বিনীতা দেৱীক সম্বৰ্ধনা বিজেপি মহিলা মৰ্চাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ মাৰ্চঃ সদ্যঘোষিত সংগীত নাটক একাডেমীৰ সন্মানীয় ওস্তাদ বিছমিল্লা খান যুৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱা পুতলা নাচৰ শিল্পী বিনীতা দেৱীক আজি বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বনিয়া আৰু ৰাজ্যিক বিষয়ববীয়াসকলে সম্বৰ্ধনা জনায়। সভানেত্ৰী স্বপ্না বনিয়াই অতি পুৰণি শিল্পকলা পুতলা নাচৰ দৰে আপুৰুগীয়া সংস্কৃতিৰ চৰ্চা আৰু সাধনাত ব্ৰতী থকা বিনীতা দেৱীৰ এই শিল্প সাধনা নিৰৱচ্ছিন্নভাবে অব্যাহত থাকক আৰু অসমৰ লোক কলা পুতলা নাচ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হওক বুলি বক্তব্য দাঙি ধৰে। প্ৰায় দুঘণ্টা ধৰি অসমৰ লোক কলা পুতলা নাচৰ বিষয় লৈ বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰীয়ে বিনীতা দেৱীৰ লগত আলোচনা কৰে। পুতলা নাচৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত তেখেতে গুৰুত্ব প্ৰদান কৰে। বিনীতা দেৱীৰ পুতলা নাচৰ কাৰ্য্যত বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাই প্ৰংশসা কৰে। বিনীতা দেৱী পুতলা নাচৰ ওপৰত অসমৰ প্ৰথম সংগীত নাটক একাডেমীৰ সন্মানীয় ওস্তাদ বিছমিল্লা খান যুৱ বঁটাপ্ৰাপ্ত। ইয়াৰ আগতে ২০০৫ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা স্কলাৰশ্বিপ, ২০১১ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা জুনিয়ৰ ফেল’শ্বিপ, ২০১৭ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰশ্বিপৰ লগতে এন চি ই আৰ টিৰ পৰা ২০২২ চনত শ্ৰেষ্ঠ পুতলা নাচৰ বঁটাও পাইছিল।
You might also like