নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছিৰ নিৰ্মল হালৈ কলেজৰ মহাবিদ্যালয় সপ্তাহৰ সামৰণি

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চ : নিৰ্মল হালৈ মহাবিদ্যালয়ৰ ৪৪সংখ্যক মহাবিদ্যালয় সপ্তাহৰ আজি সফল সামৰণি পৰে। আজি ছাত্র একতা সভাৰ তত্ত্বাবধায়ক জিতেন কুমাৰ ভাগৱতীয়ে বন্তি প্রজ্বলনৰ দ্বাৰা প্রথমটো কার্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কৌশিক কুমাৰ ডেকাই আদৰণী ভাষণেৰে সমবেত সকলো ব্যক্তিকে আদৰণি জনায়। মহাবিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী আৰু মুকলি অধিবেশনত মুখ্য অতিথিৰ আসন অলংকৃত কৰি বিশিষ্ট শিক্ষাবিদ তথা বি এইচ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মুনীন্দ্র নাৰায়ণ গোস্বামীয়ে তেওঁৰ ভাষণত সামাজিক দায়বদ্ধতা তথা সাংস্কৃতিক দিশৰে ছাত্র ছাত্রীসকলক আগুৱাই যাবলৈ আহ্বান জনায়। বিশিষ্ট আলহী ৰূপে উপস্থিত থাকি বি. এইচ. মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূষণ চন্দ্র পাঠকে অতি ৰসাল বক্তব্যৰে প্রকৃত মানুহ হবলৈ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায়। এই অনুষ্ঠানতে অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ৰাজ্যিক পর্যায়লৈ নিবার্চিত হোৱা বজালী জিলাৰ শিল্পীসকলকো সম্বৰ্ধনা জনোৱা হয়। লগতে মহাবিদ্যালয় সপ্তাহত বিভিন্ন ক্ষেত্রত পাৰদর্শিতা দেখুওৱা ছাত্র ছাত্রীসকলক বটা প্রদান কৰা হয়।  মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰাজেন দাসে উদ্ধোধন কৰা সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট শিল্পী ৰিচা কাশ্যপে গীত পৰিবেশন কৰি সকলোকে মোহিত কৰে। অনুষ্ঠানত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে উপস্থিত থাকি মহাবিদ্যালয় সপ্তাহৰ শ্রেষ্ঠ সংগীত প্রতিযোগী গীতার্থ সান্দিল্য, শ্রেষ্ঠ সাহিত্য প্রতিযোগী ডলি কলিতা, শ্রেষ্ঠ খেলুৱৈ (ল’ৰা) ডেভিদ দত্ত আৰু শ্রেষ্ঠ খেলুৱৈ (ছোৱালী) মৃদুস্মিতা ডেকাক বিধায়কৰ বিশেষ বঁটা প্রদান কৰে আৰু মহাবিদ্যালয় সপ্তাহ উপলক্ষে প্রকাশ কৰি উলিওৱা ‘নিউজ লেটাৰ’ খনো উন্মোচন কৰে। উল্লেখ্য যে যোৱা ২ মাৰ্চত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মহাবিদ্যালয়খনৰ কলেজ সপ্তাহৰ আৰম্ভণি হৈছিল।
প্ৰেৰক উৎপল মেধি 

You might also like