বিশ্বৰ দ্বিতীয় সর্বাধিক বায়ু প্রদূষিত চহৰ গুৱাহাটী
🔹 ছুইছ বায়ু নিৰীক্ষণ সংস্থা আইকিউএয়াৰৰ প্রতিবেদন
🔹 বিশ্বৰ তৃতীয় সর্বাধিক বায়ু প্রদূষিত দেশ ভাৰত, শীর্ষত বাংলাদেশ
বিশেষ বাৰ্তা, ১৯ মার্চ : উত্তৰ–পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীৰ বাসিন্দাসকলৰ বাবে বিপজ্জনক খবৰ৷ বিশ্বৰ সর্বাধিক বায়ু প্রদূষিত চহৰৰ তালিকাত দ্বিতীয় স্থানত গুৱাহাটী৷ অসমৰ প্রাণকেন্দ্র গুৱাহাটীৰ বায়ু প্রদূষণে পূর্বৰ সকলো অভিলেখ ভংগ কৰি বিশ্বৰ দ্বিতীয় সর্বাধিক বায়ু প্রদূষিত চহৰ হিচাপে চিহ্নিত হোৱাটো মহানগৰবাসীৰ বাবে ভয়াৱহ খবৰ৷ ছুইছ বায়ু নিৰীক্ষণ সংস্থা আইকিউএয়াৰে প্রকাশ কৰা ২০২৩ বর্ষৰ বিশ্ব বায়ু মান প্রতিবেদনত ভাৰত বিশ্বৰ তৃতীয় সর্বাধিক বায়ু প্রদূষিত দেশ হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে ভাৰতৰ তিখিন চহৰ বিশ্বৰ সর্বাধিক প্রদূষিত চহৰৰ তালিকাত স্থান লাভ কৰিছে৷ ভাৰতৰ পিএম ২.৫ৰ গাঢ়তা প্রতি ঘনমিটাৰত ৫৪.৪ মাইক্র’গ্রাম৷ বিহাৰৰ বেগুচৰাই সর্বাধিক প্রদূষিত চহৰ হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে গুৱাহাটী আৰু দিল্লীয়ে ক্রমে দ্বিতীয় আৰু তৃতীয় স্থান পাইছে৷ আইকিউএয়াৰৰ প্রতিবেদন মতে গুৱাহাটীৰ পিএম ২.৫ৰ গাঢ়তা প্রতি ঘনমিটাৰত ৫১ মাইক্র’গ্রামৰ পৰা ১০৫.৪ মাইক্র’গ্রামলৈ বৃদ্ধি পাইছে৷ ২০২২ চনত গুৱাহাটীৰ পিএম ২.৫ৰ গাঢ়তা ৫১ মাইক্র’গ্রাম থকাৰ বিপৰীতে ২০২৩ত চহৰখনৰ পিএম ২.৫ৰ গাঢ়তা ১০৫.৪ মাইক্র’গ্রামলৈ বৃদ্ধি হৈছে৷ উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বায়ুত পিএম ২.৫ৰ গাঢ়তা ৫–১০ মাইক্র’গ্রাম থাকিব লাগে৷ কিন্তু গুৱাহাটীত পিএম ২.৫ৰ গাঢ়তা ১০৫.৪ মাইক্র’গ্রাম হৈছে৷ অর্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰা বায়ুৰ মানতকৈ গুৱাহাটীৰ পিএম ২.৫ৰ গাঢ়তা ১০ গুণতকৈও অধিক৷ ইয়ে মহানগৰবাসীৰ বাবে ভয়াৱহ সংকেত কঢ়িয়াই আনিছে৷ তথ্য মতে, গুৱাহাটীৰ প্রলম্বিত কণিকা তথা পিএম ২.৫ৰ গাঢ়তা বৃদ্ধিৰ প্রধান কাৰণ হৈছে জীৱাশ্ম ইন্ধনৰ দ্বাৰা পৰিচালিত যান–বাহন, উদ্যোগ, আন্তঃগাঁথনি উন্নয়নৰ নামত চলি থকা কাম আদি৷ গুৱাহাটীত প্রতিদিনে যান–বাহনৰ সংখ্যা বৃদ্ধি হৈ থকাই নহয়, চহৰখনৰ প্রায়বোৰ পথতেই প্রচণ্ড যান–জঁটৰ সৃষ্টি হয়৷ ইয়াৰ বাবে যান–বাহনৰ পৰা নির্গত হয় মাত্রাধিক কার্বন৷ এই বর্ধিত কার্বনৰ মাত্রা বায়ুমণ্ডলত ভিৰ কৰাত বায়ুমণ্ডল প্রদূষিত হৈ পৰিছে৷ ইয়াৰ উপৰি জীৱাশ্ম ইন্ধনৰ দ্বাৰা পৰিচালিত কল–কাৰখানাও আছে৷ কৃষিখণ্ডত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ, ঔদ্যোগিক খণ্ডৰ পৰা কার্বন নির্গমন আৰু জনসংখ্যাৰ গাঢ়তায়ো বায়ু প্রদূষণত অৰিহণা যোগাই আহিছে৷ মন কৰিবলগীয়া যে বিগত বর্ষত গুৱাহাটীৰ আন্তঃগাঁথনি উন্নয়নৰ নামত চলি থকা কামেও বায়ু প্রদূষিত কৰাত গুৰুত্বপূর্ণ ভূমিকা আগবঢ়াই আহিছে৷ ২০২২ চনত গুৱাহাটীত পিএম ২.৫ৰ গাঢ়তা ৫১ মাইক্র’গ্রাম আছিল৷ কিন্তু ২০২৩ চনত পিএম ২.৫ৰ গাঢ়তা ১০৫.৪ মাইক্র’গ্রামলৈ বৃদ্ধি পালে৷ অর্থাৎ এবছৰতে পিএম ২.৫ৰ গাঢ়তা দুগুণ হ’ল৷ ২০২৩ চনৰে পৰা মহানগৰীৰ বিভিন্ন প্রান্তত দ্রুতগতিত বিশাল বিশাল আন্তঃগাঁথনি প্রকল্পৰ নির্মাণ চলিছে৷ ইয়ে বায়ুমণ্ডলত কার্বনৰ মাত্রা বৃদ্ধি কৰাত অৰিহণা যোগাইছে৷ ইয়াৰ পৰিপ্রেক্ষিতত বায়ুমণ্ডল প্রদূষিত হৈছে৷ ছুইছ সংস্থা আইকিউএয়াৰৰ প্রতিবেদনত অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ বায়ু প্রদূষণৰ মাত্রা বৃদ্ধিয়ে বাসিন্দাসকলৰ স্বাস্থ্যৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে৷ গুৱাহাটীক লৈ ছুইছ সংস্থাটোৰ এই প্রতিবেদনৰ উদ্বেগজনক তথ্য নিশ্চয়কৈ চিন্তনীয়৷ ইপিনে, বিশ্বৰ সর্বাধিক প্রদূষিত দেশৰ শীর্ষস্থানত থকা বাংলাদেশৰ পিএম ২.৫ৰ মাত্রা প্রতি ঘনমিটাৰত ভয়াৱহ ৭৯.৯ মাইক্র’গ্রাম আৰু দ্বিতীয় স্থানত থকা পাকিস্তানৰ ৭৩.৭ মাইক্র’গ্রাম৷