নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত প্রাথমিক শিক্ষকৰ বিক্ষোভ

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ নতুন পেন্সন নীতি বাতিল, ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত প্ৰাথমিক শিক্ষকৰ বিদ্ৰোহত বৃহস্পতিবাৰে কঁপি উঠিল দেশৰ ৰাজধানী নতুন দিল্লী । অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানমৰ্মে কালি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দিল্লীত সমৱেত হোৱা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহস্ৰাধিক শিক্ষকে অংশগ্ৰহণ কৰে ।

ইয়াৰ পূৰ্বে যোৱা ২১ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ প্ৰাথমিক শিক্ষকসকলে দাবীসমূহ পূৰণৰ বাবে যন্তৰ–মন্তৰত ধর্ণা কার্যসূচী ৰূপায়ণ কৰিছিল৷ ইয়াৰ পূর্বেও অখিল ভাৰতীয় প্রাথমিক শিক্ষক সংঘই প্রাথমিক শিক্ষকসকলৰ সমস্যা সমাধানৰ দাবীৰে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিছিল৷ ২০১৭ বর্ষৰ নৱেম্বৰৰ পৰাই নতুন পেন্সন নীতি বাতিলৰ দাবীত সংঘই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি আহিছে৷ ২০১৮ চনৰ ডিচেম্বৰত বুদ্ধগয়া অধিৱেশনত অংশ লৈ সংঘক তদানীন্তন গৃহমন্ত্রী ৰাজনাথ সিঙে নতুন পেন্সন নীতি বাতিলৰ বাবে কেন্দ্রীয় কেবিনেটত আলোচনাৰ আশ্বাস দিছিল৷ কিন্তু আজিপর্যন্ত এইক্ষেত্রত কার্যকৰী ব্যৱস্থা গ্রহণ নকৰাত পুনৰ বিগত নৱেম্বৰৰ পৰা সংঘই ৰাষ্ট্রজোৰা সংগ্রাম অব্যাহত ৰাখিছে৷ যোৱা ৩০ নৱেম্বৰত সমগ্র দেশৰ শিক্ষা বিভাগৰ খণ্ড কার্যালয়ৰ সন্মুখত প্রাথমিক শিক্ষকসকলে বিক্ষোভ কৰিছিল৷ তদুপৰি জিলা আৰু ৰাজ্যিক পর্যায়ত প্রতিবাদ সাব্যস্ত কৰি ৰাষ্ট্রপতি, প্রধানমন্ত্রীলৈ শিক্ষকসকলে স্মাৰক–পত্র প্রেৰণ কৰিছিল৷

You might also like