নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰাণীয়ে চলাইছে শুৱালকুছিৰ ডাকঘৰ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ অচলাৱস্থাৰ সৃষ্টি হৈছে শুৱালকুছিৰ পোষ্ট অফিচত৷ তদুপৰি সীমাহীন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে গ্রাহক ৰাইজ৷ উল্লেখ্য বিগত ৬–৭ মাহ ধৰি শুৱালকুছিৰ পোষ্ট অফিচত নাই পোষ্টমাষ্টৰ৷ যাৰ বাবে গুৰুত্বপূর্ণ কামবোৰ কৰিব পৰা নাই গ্রাহক ৰাইজে৷ ইপিনে পোষ্টমাষ্টৰ নোহোৱাৰ বাবেই ‘ডেথ্ ক্লেম’ আজি ৬–৭ মাহে কৰিব পৰা নাই গ্রাহকে শুৱালকুছি ডাকঘৰত৷ বর্তমানৰ কর্মৰত কেৰাণীগৰাকীয়ে কোনো জটিল কাম কৰাৰ আগ্রহ প্রকাশ নকৰাত গ্রাহক ৰাইজ এনে কামবোৰ কৰাৰ বাবে মাহৰ পিছত মাহ অপেক্ষা কৰিবলগীয়া হৈছে৷

আনহাতে পোষ্ট অফিচৰ সকলো কাম এজন ব্যক্তিয়ে কৰিবলগীয়া হোৱাত যিকোনো এটা কামৰ বাবে গ্রাহক ৰাইজে কিমান সময় বোন্দাপৰ দি থাকিবলগীয়া হৈছে, তাৰ হিচাপ নোহোৱা হৈছে৷ ইফালে, ফেব্রুৱাৰী মাহত চৰকাৰী চাকৰিয়ালসকলে ডাকঘৰত এন এছ চিৰ প্রমাণ–পত্র কিনে যদিও শুৱালকুছি ডাকঘৰত এনে সুবিধা চৰকাৰী চাকৰিয়ালসকলৰ নামমাত্রইহে লাভ কৰিছে৷ মন কৰিবলগীয়া যে কামৰ ব্যস্ততা আৰু পোষ্টমাষ্টৰ নোহোৱাৰ অজুহাত দেখুৱাই শুৱালকুছি ডাকঘৰত কাম–কাজবোৰ স্থবিৰ হৈ পৰিছে৷ ইফালে লিংকৰ সমস্যাত গ্রাহক ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে৷ প্রায়ে শুৱালকুছি ডাকঘৰত নাথাকে লিংক৷ ফলত প্রতিদিনে কামৰ বাবে গৈ হতাশ মনে উভতিব লগা হয় গ্রাহক ৰাইজ৷ ঊর্ধ্বতন কর্তৃপক্ষক এনে অভিযোগ দিলেও কোনো গুৰুত্ব প্রদান কৰা পৰিলক্ষিত হোৱা নাই৷ গ্রাহকৰ ওজৰ–আপত্তিক কোনো গুৰুত্ব নিদি নিজৰ খেয়াল–খুচি মতে চলে শুৱালকুছিৰ ডাকঘৰৰ কাম–কাজ৷ কেন্দ্রীয় চৰকাৰৰ অধীনস্থ বিভাগ এটাৰ এনে দায়িত্বজ্ঞানহীন কাম–কাজত সাধাৰণ গ্রাহক ৰাইজ অতিষ্ঠ হৈ পৰিছে৷ ৰাইজে শীঘ্রে শুৱালকুছি ডাকঘৰত এজন স্থায়ীভাৱে পোষ্টমাষ্টৰ দিয়াৰ ব্যৱস্থা কৰি শুৱালকুছি ডাকঘৰক গতিশীল কৰি তুলিবলৈ দাবী জনাইছে৷ অন্যথা ৰাইজে প্রতিবাদী কার্যসূচী গ্রহণ কৰিবলৈ বাধ্য হ’ব বুলি সংশ্লিষ্ট কর্তৃপক্ষক সকীয়াই দিছে৷

You might also like