দিল্লীত কাইলৈ কর্মযোগী বঁটা গ্রহণ কৰিব যাদৱ পায়েঙে
নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ অৰণ্য মানৱ যাদৱ পায়েঙলৈ আগবঢ়োৱা হৈছে ২০২০ চনৰ কর্মযোগী বঁটা৷ শনিবাৰে নতুন দিল্লীৰ ‘প্রেষ্টিজিয়াছ’ কনষ্টিটিডচন ক্লাবত কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রী প্রকাশ জাভাডেকাৰে পায়েঙক এই বঁটা প্রদান কৰিব৷ উল্লেখ্য যে দেশৰ বিভিন্ন প্রান্তত বাস কৰা উত্তৰ–পূর্বাঞ্চলৰ লোকসকলৰ অভিভাৱকস্বৰূপ বেচৰকাৰী সংগঠন মাই হোম ইণ্ডিয়াই প্রতিবছৰ সমাজত বিশেষ অৱদান আগবঢ়োৱা উত্তৰ–পূর্বাঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক কর্মযোগী বঁটা আগবঢ়াই আহিছে৷ এই বছৰ এই বঁটাৰ বাবে অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙক মনোনীত কৰা হৈছে৷ তাৎপর্যপূর্ণ বিষয়টো হৈছে বঁটা গ্রহণৰ পূর্বে যোৰহাট নিৱাসী পায়েঙে দিল্লীত মহাত্মা গান্ধীৰ সমাধিথলী ৰাজঘাটত বৃক্ষৰোপণ কৰিব৷ মাই হোম ইণ্ডিয়াৰ তৰফৰ পৰা এই ডদ্যোগ গ্রহণ কৰা হৈছে বুলি সংগঠনৰ মেনেজিং ড্রাষ্টি (পৰিচালন ন্যাসী) বিনয় পাণ্ডেই জানিবলৈ দিয়ে৷ উল্লেখ্য যে অলপতে ৰাজঘাটত সপত্নীক মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ড্রাম্পেও বৃক্ষৰোপণ কৰিছিল৷ যাদৱ পায়েঙৰ নিচিনা প্রকৃতিৰ বাবে উৎসর্গিত ব্যক্তিয়েও এই সন্মান লাভ কৰাটো উচিত বুলি পাণ্ডেই সাংবাদিকক জানিবলৈ দিয়ে৷ এনে এজন ব্যক্তিক কর্মযোগী বঁটা প্রদান কৰাৰ সুযোগ লাভ কৰাৰ বাবে মাই হোম ইণ্ডিয়া গর্ববোধ কৰিছে বুলি মেনেজিং ড্রাষ্টিজনে মন্তব্য কৰে৷