🔹 চাৰি দিনত জেচিবিৰে ভাঙিলে ৩৩টা বাংলা ইটাভাতা
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বাঘাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত মহিশঘুমা গাঁৱৰ জনবসতি অঞ্চলত থকা বৃহৎ বৃহৎ বাংলা ইটা ভাতা ভাঙি দিয়ে। মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাৰ নেতৃত্বত আৰক্ষী-চিআৰপিএফ লগত লৈ বাঘাপাৰা অঞ্চলত থকা অবৈধ বাংলা ইটাভাতা জেচিবিৰে ভাঙি দিয়া হয়। লক্ষণীয় যে মানকাচৰ ৰাজহ চক্ৰৰ অধীনত ২৭৩টা ইটা ভাতা আছে। ইয়াৰে ৯৫ শতাংশ ইটা ভাতা চৰকাৰী নীতি-নিয়ম উলংঘা কৰি অবৈধভাৱে চলাই থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা অবৈধ ইটাভাতাৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰিছিল। কিন্তু অবৈধ ইটাভাতাৰ মালিকে জিলা প্ৰশাসনৰ নিৰ্দেশক অমান্য কৰি জনবসতি অঞ্চল, একাংশ শিক্ষা প্ৰতিষ্ঠান, চৰকাৰী অফিচৰ কাষত বাংলা ইটাভাতাসমূহ স্থাপন কৰাত বিষাক্ত ধোঁৱা ছানি ধৰি প্ৰদূষণৰ সৃষ্টি কৰি আহিছে। নতুনকৈ মানকাচৰ ৰাজহ চক্ৰত চক্ৰ বিষয়া হিচাপে যোগদান কৰা প্ৰাঞ্জল শৰ্মা বৰুৱাই জিলা প্ৰশাসনৰ নিৰ্দেশত কেইদিন আগতে বাঘাপাৰাৰ ১৪টা আৰু আজি মহিশঘুমা গাঁৱৰ ১১টা ইটাভাতা ভাঙি দিয়ে আৰু অনাগত দিনত পৰ্যায়ক্ৰমে অবৈধ বাংলা ইটাভাতাসমূহৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাই সদৰী কৰে।
প্ৰেৰক ফাৰহাদ আহমেদ