বি বৰুৱা কলেজৰ এজাক সূর্যসম তৰুণ–তৰুণী
- ময়ূৰ বৰা
বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকাই ‘বনহংস’ কথাছবিত কণ্ঠদান কৰা এটি গীত মোৰ খুবেই প্রিয়৷ যৌৱনাৱস্থাত কিছু অস্থিৰ হৈ থকা যুৱক–যুৱতীৰ প্রতি যথাযোগ্য সন্মান দেখুৱাই সুধাকণ্ঠই তেওঁলোকক ‘সূর্যসম তৰুণ–তৰুণী’ বুলি অভিহিত কৰিছে৷ প্রেম–পীৰিতিৰ মিঠা আৱেশে ঘেৰি থকা তেনে তৰুণ–তৰুণীৰ চকুৰ চাৱনিকো তেওঁ বুজি পোৱা বুলি গীতটোৰ জৰিয়তে কৈছে৷ অৱশ্যে গোটেই গীতটো কেৱল যৌৱনাৱস্থাৰ দেহজ প্রেমক লৈয়ে ৰচিত হোৱা নাই৷ গীতটিৰ মাজত অসমৰ ইতিহাস আছে আৰু ভাৰতৰ ইতিহাসো মাজে মাজে প্রতিফলিত হৈছে৷ সমাজ শিল্পী শংকৰদেৱক যিদৰে তেওঁ শিৰত তুলি সন্মান যাচিছে, ঔৰংগজেৱৰ দৰে সম্রাটক সমালোচনা কৰিবলৈকো তেওঁ কৃপণালি–কুণ্ঠাবোধ নাই কৰা ৷
অসমৰ প্রায় সত্তৰখনতকৈও অধিক কলেজলৈ বিভিন্ন স্মাৰক বক্তৃতা, নৱাগত আদৰণী সভা আৰু মহবিদ্যালয় সপ্তাহৰ উপলক্ষত যোৱাৰ সৌভাগ্য এই লেখকৰ হৈছে৷ মুষ্টিমেয় এচাম নতুন প্রজন্মৰ প্রতিনিধিৰ আচৰণ দেখি সমগ্র প্রজন্মটোকে বুকুৰে কাঁইট নোখোৱাকৈ গালি পৰা লেখক–চিন্তাবিদৰ সংখ্যা অসমত তেনেই কম নহয়৷ সৰলীকৃত সাধাৰণীকৰণত বিশ্বাস নকৰোঁ বাবেই মই নতুন প্রজন্মৰ কথা এনেদৰে নাভাবোঁ৷ অধিকাংশ সচেতন যুৱক–যুৱতীয়ে নিজা দৃষ্টিভংগীৰে আজিৰ পৃথিৱীখনক নিৰীক্ষণ কৰে বুলি মোৰ মনত প্রত্যয় জন্মিছে৷ তেওঁলোকৰ প্রতিটো মতামতৰ লগত আগৰ প্রজন্মৰ বহু লোকৰ মত নিমিলিব পাৰে৷ কিন্তু তাৰ অর্থ এইটো নহয় যে আমি সদায় শুদ্ধ আৰু নতুন প্রজন্ম সদায় ভুল৷ তেওঁলোকৰ ভুলবোৰ মৰমেৰে আৰু যুক্তিৰে আঙুলিয়াই দিলে তেওঁলোকে মুকলি মন লৈ গ্রহণ কৰা মই নিজ চকুৰে দেখিছোঁ৷ হকে–বিহকে সমালোচনা কৰাতকৈ মই তেওঁলোকৰ লগত মুকলিকৈ মত বিনিময় কৰাত বিশ্বাসী৷ মোৰেই সৌভাগ্য যে তেনে সুবিধা মই যোৱা কেইটামান বছৰত বহুবাৰ পাইছোঁ আৰু প্রতিবাৰতেই মোৰ তেওঁলোকৰ ওপৰত থকা আস্থা–বিশ্বাস বৃদ্ধি পাইছে৷ মোৰ বাবে তেওঁলোক হৈছে ভূপেন হাজৰিকাই কোৱা ‘সূর্যসম তৰুণ–তৰুণী’ ৷
অলপতে বি বৰুৱা কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক চতুর্থ ষাণ্মাসিকৰ এদল ছাত্র–ছাত্রীৰ লগত কিছু সময় কটোৱাৰ সৌভাগ্য হৈছিল ৷ ২২ ফেব্রুৱাৰী তাৰিখে ৰাজনীতি বিজ্ঞান বিভাগৰ শিক্ষক মণ্ডলীৰ আহ্বান মর্মে মই কলেজখনলৈ গৈছিলোঁ ৷ মোৰ বক্তৃতাৰ বিষয় আছিল ‘অসমীয়া জাতীয়তাবাদৰ ভৱিষ্যত’৷ মোক আমন্ত্রণ জনোৱাত মূল আগভাগ লৈছিল সহকাৰী অধ্যাপক তৃষ্ণাৰাণী বৰাই৷ বয়সত যথেষ্ট সৰু হ’লেও তৃষ্ণাৰ স্বামী ড০ পংকজ গগৈৰ লগত মোৰ ভাল সম্পর্ক৷ পংকজে আর্য বিদ্যাপীঠ কলেজত ৰাজনীতি বিজ্ঞান পঢ়ুৱায়৷ মোৰ যদি ভুল হোৱা নাই, পংকজৰ ঘৰ লালুকত আৰু তৃষ্ণাৰ ঘৰ মাজুলীৰ গড়মূৰত৷ বিদ্যায়তনিক কাম–কাজৰ লগত ব্যস্ত হৈ থকা এক আদর্শ দম্পতীৰ প্রতিচ্ছবি মই তেওঁলোক দুজনৰ মাজত দেখা পাওঁ ৷
কটন কলেজত মই উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত পঢ়াৰ সময়ত লগ পোৱা তিনিগৰাকী সহপাঠী বর্তমান বি বৰুৱা কলেজৰ বিভিন্ন বিভাগৰ অধ্যাপক হিচাপে কর্মৰত৷ তিনিওগৰাকীয়েই মোৰ লগৰ ছাত্রী আছিল৷ গণিতশাস্ত্র বিভাগৰ ড০ অঞ্জনা ভট্টাচার্য, বুৰঞ্জী বিভাগৰ ড০ মঞ্জুলা ফুকন আৰু অর্থনীতি বিভাগৰ ড০ ৰীমা চৌধুৰী৷ তিনিওকে সেইদিনা লগ পাই খুওব ভাল লাগিল৷ ৰীমাই কিবা এটা ব্যক্তিগত কাৰণত মোৰ বত্তৃণতানুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে যদিও অঞ্জনা আৰু মঞ্জুলা উপস্থিত থাকি মোক অণুপ্রেৰণা যোগালে৷ তৃষ্ণাৰাণী বৰাৰ উপৰি ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী ড০ জুৰি চৌধুৰী, সুমনা দাস আৰু ড০ জয়জিৎ হাজৰিকা উপস্থিত আছিল৷ লগতে ইংৰাজী, অসমীয়া আৰু ইতিহাস বিভাগৰ বহুকেইগৰাকী অধ্যাপক–ধ্যাপিকা সেইদিনা উপস্থিত আছিল৷ ড০ জয়জিৎ হাজৰিকাই আকৌ ২২ ফেব্রুৱাৰী তাৰিখেই কলেজখনত যোগদান কৰিছে৷ তেওঁ স্কুলীয়া ছাত্র হৈ থাকোঁতেই গহপুৰৰ এখন সভাত মোৰ বত্তৃণতা শুনাৰ কথা কৈ আনন্দিত কৰিলে৷
মোৰ ভাষণৰ ভিতৰলৈ বেছিকৈ যাব বিচৰা নাই৷ কিন্তু বি বৰুৱা কলেজৰ সন্মুখেদি অহা–যোৱা কৰিলে মোৰ মনলৈ এটা মিশ্রিত অনুভৱ আহে৷ অসমৰ এখন অন্যতম অগ্রণী শিক্ষানুষ্ঠান হিচাপে মই সদায় কলেজখনক সন্মানৰ চকুৰে চাওঁ৷ একে সময়তে কলেজখন যাৰ নামত প্রতিষ্ঠা হৈছে, সেইজনা ব্যক্তিৰ আদর্শৰ লগত বর্তমান অসমীয়া মানুহৰ চিন্তা–চেতনাৰ বিশাল ব্যৱধান দেখি স্তম্ভিত হওঁ৷ দৰাচলতে মই ভাবোঁ কলেজখনক বি বৰুৱা বুলি নকৈ ভোলানাথ বৰুৱা কলেজ বুলিহে ক’ব লাগে৷ আৰু ভোলানাথ বৰুৱা বুলিলে এজন চহকী সদাগৰৰ প্রতিচ্ছবিয়েই মোৰ মনোজগতত ফুটি নুঠে৷ বৰং বৈধ উপায়েৰে বিশাল সম্পদ সৃষ্টি কৰিও অসমৰ ভাষা–সাহিত্য–সংস্কৃত্ ভালপোৱা এক মহাপ্রাণৰ ছবিহে মোৰ সন্মুখত জিলিকি উঠে৷
অন্যান্য কথাৰ লগত বত্তৃণতাৰ মাজত কোৱা মোৰ এষাৰ কথা পুনৰ দোহাৰিবলৈ মন গৈছে৷ মই কৈছিলোঁ– ‘অসমীয়া মানুহে বৈধ উপায়ে সম্পদ সৃষ্টি কৰা মানুহক যথাযোগ্য সন্মান প্রদর্শন নকৰে আৰু আমাৰ সেই প্রৱণতাৰ জ্বলন্ত দৃষ্টান্ত হ’ল ভোলানাথ বৰুৱাৰ জীৱন আৰু কৃতিৰ প্রতি দেখুওৱা অনীহা ৷’
কলিকতা বিশ্ববিদ্যালয়ত অন্যান্য ভাৰতীয় ভাষাৰ লগতে অসমীয়া ভাষা শিকোৱাৰ ব্যৱস্থা লোৱা হৈছিল ১৯১৯ চনত৷ এইক্ষেত্রত বিশাল ভূমিকা লোৱা দুজন ব্যক্তিক আমি কম–বেছি পৰিমাণে জানো৷ এজন হৈছে বিশ্ববিদ্যালয়ৰ উপাচার্য চাৰ আশুতোষ মুখার্জী আৰু আনজন পণ্ডিত হেমচন্দ্র গোস্বামী৷ গোস্বামীৰDescriptive Catalogue of Assamese Manuscripts গ্রন্থৰাজি অধ্যয়ন কৰিয়েই উপাচার্য মুখার্জীয়ে অসমীয়া ভাষাৰ স্বকীয়তা সম্বন্ধে সম্যক ধাৰণা কৰিব পাৰিছিল৷ কিন্তু অসমীয়া পাঠদান আৰম্ভ কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ হাতত প্রয়োজনীয় পুঁজি নথকাত দুয়োজন ব্যক্তিয়ে ভোলানাথ বৰুৱাৰ পৰা অর্থসাহায্য বিচাৰিছিল৷ আৰু দ্বিতীয়বাৰ চিন্তা নকৰাকৈ বৰুৱাই আগবঢ়োৱা দানৰ ভিত্তিতে অসমীয়া ভাষাৰ পাঠদান আৰম্ভ হৈছিল৷ যোৰহাটৰ প্রিন্স অৱ ৱেলছ স্থাপন কৰাৰ সময়তো বৰুৱাই এক লাখ টকা দান হিচাপে আগবঢ়াইছিল৷ আৰু তেতিয়াৰ দিনৰ এক লাখ টকা মানে বর্তমান সময়ৰ কোটি টকাতকৈও অধিক মূল্যৰ৷
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু ভোলানাথ বৰুৱাৰ মাজৰ ব্যৱসায়িক মনোমালিন্যৰ বিষয়ে তিলটোকে তালটো কৰি অসমত বহু লেখা প্রকাশিত হয়৷ কিন্তু অধিকাংশ লেখক–চিন্তাবিদে উল্লেখ নকৰে সেই মনোমালিন্যৰ পাছতো বেজবৰুৱাই ৰচনা কৰা আটাইতকৈ গুৰুত্বপূর্ণ গ্রন্থ ‘শ্রীশ্রীশংকৰদেৱ আৰু শ্রীশ্রীমাধৱদেৱ’ প্রকাশৰ সমস্ত খৰচ বহন কৰিছিল ভোলানাথ বৰুৱাই৷ কিন্তু সেই ভোলানাথ বৰুৱাৰ ইমানবোৰ অৱদানৰ কথা আমি সুঁৱৰোনে? কাৰণ মূল বিসংগতি অসমীয়া মানুহৰ মানসিকতাত৷ সম্পদ সৃষ্টি কৰি সমাজৰ বিকাশ ঘটোৱা মানুহক আমি যথাযোগ্য গুৰুত্ব দিব নিবিচাৰোঁ৷ সেয়েহে বত্তৃণতাৰ শেষত ক’বলৈ বাধ্য হৈছিলোঁ যে আন্দোলনমুখী আৰু শ্লোগানধর্মী জাতীয়তাবাদৰ লগতে সমান্তৰালভাৱে কর্মমুখী জাতীয়তাবাদৰ লাইখুঁটা স্থাপন কৰিব নোৱাৰিলে অসমীয়া জাতীয়তাবাদৰ ভৱিষ্যতৰ পথত বহুতো হেঙাৰ আহিব৷ বত্তৃণতাৰ অন্তত মোৰ এই সম্পদ সৃষ্টি কৰা কথাটোক বহুকেইগৰাকী অধ্যাপক–ধ্যাপিকাই শলাগাৰ বাবে মনটো ভাল লাগিছিল৷ কিন্তু কম সময়ৰ ভিতৰতে মোৰ মনৰ আনন্দ, গৌৰৱৰ ভাবটো বিবর্ণ কৰি দিলে ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক চতুর্থ ষাণ্মাসিকৰ ছাত্র–ছাত্রীসকলে, তেওঁলোকে কৰা এটা সুন্দৰ কর্মৰ জৰিয়তে৷ মই তাৰ বাবে অতিকৈ আনন্দিত লৈছিলোঁ৷ কিয়নো নতুন প্রজন্মৰ চিন্তা–কর্মক মই সদায় যোগাত্মক দৃষ্টিৰে চাওঁ ৷
বিভাগত চাহ খাই উঠাৰ পাছতে ছাত্র–ছাত্রীসকলে তেওঁলোকে বহু কষ্ট কৰি প্রস্তুত কৰা প্রাচীৰপত্রিকাখন উন্মোচন কৰিবলৈ অনুৰোধ কৰিলে৷ উন্মোচন কৰাৰ সময়ত মই ভাবিছিলোঁ তেওঁলোকৰ সৃষ্টিসমূহ গতানুগতিকতাৰ চক্রবেহুৰ মাজতে আবদ্ধ থাকিব৷ কিন্তু দেখিলোঁ তেওঁলোকে এনে এটা স্পর্শকাতৰ বিষয়ক লৈ প্রাচীৰপত্রিকাখন প্রস্তুত কৰিছে, যিয়ে প্রমাণ কৰে বি বৰুৱা কলেজৰ সেই ছাত্র–ছাত্রীসকল কিমান যুক্তিবাদী, কিমান মুক্ত মনন আৰু কিমান প্রগতিশীল৷ মই প্রশংসা কৰোঁতে এজন ছাত্রই ক’লে সেই বিষয়টো বাছি লোৱাৰ বাবে তেওঁক ঘৰৰ মানুহেও বেয়া পাইছে আৰু দুই–এজন বন্ধুৱেও পেংলাই কৰিছে৷ মই কৈছিলোঁ সেইটোৱেই তোমালোকৰ সর্বোত্তম স্বীকৃতি৷ কিয়নো তোমালোকে কিছু মানুহক বিব্রত কৰিছা, কিছু মানুহক ক্ষোভিত কৰিছা আৰু কিছু মানুহক চিন্তাৰ খোৰাক দিছা৷ তেওঁলোকে ব্যাখ্যা বিশ্লেষণ কৰা বিষয়টো আছিলLGBTQ৷ অর্থাৎ সমকামিতা, তৃতীয় লিংগৰ দৰে স্পর্শকাতৰ বিষয় বাছি লৈ তেওঁলোকে তাৰ বিজ্ঞানসন্মত ব্যাখ্যা আগবঢ়াইছে৷ চুটি হ’লেও বিজ্ঞানৰ দৃষ্টিত সমকামিতা হ’ল এটা সুলিখিত প্রবন্ধ৷LGBTQ লোৱাসকলৰ সামাজিক গ্রহণযোগ্যতাক লৈও তেওঁলোকে অন্তর্দৃষ্টিসম্পন্ন লেখা প্রকাশ কৰিছে৷ আটাইতকৈ ভাল লগা কথাটো আছিল প্রাচীৰ পত্রিকাৰ লগত জড়িত থকা প্রতিনিধিসকলৰ মাজত লৈংগিক ব্যৱধান বা বৈষম্যই ক্রিয়া কৰা নাছিল৷ সহজ ভাষাত ক’বলৈ গ’লে ছাত্র আৰু ছাত্রী উভয়ে জড়িত হৈ পত্রিকাখন তৈয়াৰ কৰিছিল৷
বৈষয়িক জীৱনৰ মৰীচিকা খেদি খেদি হাবাথুৰি খাই স্থূল আনন্দৰ চাকনৈয়াত ভৰি দিয়া আমাৰ প্রজন্মৰ একাংশ লোকৰ বাবে ভোলানাথ বৰুৱা কলেজৰ সেইজাক ল’ৰা–ছোৱালীৰ চিন্তা–চেতনা আর্হি হোৱা উচিত৷ সেইবাবেই মই তেওঁলোকক ‘সূর্যসম তৰুণ–তৰুণী’ বুলি অভিহিত কৰিব বিচৰোঁ৷