বিশেষ বাৰ্তা, ২৮ এপ্ৰিলঃ সম্প্ৰতি ৰাজ্যখনত বগাহাতীত পৰিণত হোৱা অতি গুৰুত্বপূৰ্ণ বিভাগসমূহৰ অন্যতম হৈছে ৰাজ্য চৰকাৰৰ ৰেচম বিভাগ। অসম, অসমীয়াৰ স্বাভিমান, অসমীয়া লোক সংস্কৃতিৰে সংপৃক্ত, ছাঁতে শুকোৱা, মুঠিতে লুকুৱা অনন্য গৌৰৱী বস্ত্ৰ, মুগা সাজ তথা মুগা শিল্পৰ প্ৰতি চৰকাৰৰ উদাসীন মনোভাৱৰ সমান্তৰালকৈ বিভাগটোৰ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বাবে বিভাগটোৰ কামকাজৰ গতিশীলতা স্থবিৰ হৈ পৰিছে। যাৰ বাবে তিল তিলকৈ মৃত্যুমুখত পৰিছে নগাঁও-মৰিগাঁৱৰ সীমান্তত অৱস্থিত ৰেচম বিভাগৰ অধীনস্থ মুগা পাম। ঘাইকৈ নগাঁও জিলাৰ অন্তৰ্গত জুৰীয়া, দেউৰীচিলাবন্ধা নুনী বাগিচা, সুপতি পোতা, নলতলিস্থিত মুগা ফাৰ্মৰ অৱস্থা পুতৌ লগা। উল্লেখযোগ্য যে ১৯৬২ চনত জাজৰিত স্থাপন কৰা হৈছিল মুগা খাদ্য গছ ৰোপণ কেন্দ্ৰ। প্ৰায় ৩০০-৩৫০ বিঘা মাটিৰে পৰিবেষ্টিত বাগিচাখনত ৰোপন কৰা হৈছিল চোম, সোঁৱালু, এৰী, শিমলু আৰু এৰী, কেচেঁৰু আদিকে ধৰি নানান তৰহৰ গছ। তাৎপৰ্যপূৰ্ণভাৱে ১৯৮৬ চনত সেই ঠাইত ১৪নং বেটেলিয়ন কেম্প স্থাপন কৰাৰ আচিলাতে পামখনৰ মাটি অধিগ্ৰহণ কৰাত পামখনৰ মাটিৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে কিছু লোকে পামখনৰ মাটি বেআইনীভাৱে অধিগ্ৰহণ কৰিবলৈ লোৱাৰ ফলস্বৰূপে বৰ্তমানে পামখনৰ মাটিৰ পৰিমাণ ৩০ বিঘালৈ সংকুচিত হোৱা বুলি সচেতন মহলে আক্ষেপ কৰিছে। অভিযোগ অনুসৰি এই অতি গুৰুত্বপূৰ্ণ পামখনৰ ভূমিত নামঘৰ, স্কুল, শিৱমন্দিৰ, জয়গুৰু মন্দিৰ, স্থাপন হোৱাৰ লগতে জনৈক লোকে বসতি স্থাপন কৰিবলৈ লোৱাৰো অভিযোগ উত্থাপিত হৈছে। কেন্দ্ৰটোত ১৯৯০ পৰ্যন্ত হাতেৰে সুতা কটা, মুগা কণী প্ৰস্তুত, বীজ প্ৰস্তুত কৰণ আদি কাম-কাজ নিয়মীয়াকৈ চলি আছিল। তাৰ লগতে মৰিগাঁও জিলাৰ অন্তৰ্গত নেলী, ঔজাৰি, বাৰপূজীয়া, চৰাইবাহী, চাবুকধৰা, আদি বিভিন্ন ঠাইৰ পৰা লেটা সংগ্ৰহ কৰি আনি সুতা কটোৱা হৈছিল। স্হানীয় পঞ্চায়তসমুহৰ পাঁচশৰো অধিক মহিলা শিপিনীসকলে সুতা কাটি কাপোৰ বৈ সংস্থাপিত হৈছিল। কম পক্ষেও ৫০,০০০ টকাৰ ৰাজহ আদায় হৈছিল কেৱল মুগা সুতা কাটি। তদুপৰি স্বয়ংসম্পূৰ্ণ কেন্দ্ৰটোত আছিল বীজ ৰোপন, সুতা কটা গৃহ, কণী উৎপাদন গৃহৰ লগতে বিক্ৰী কেন্দ্ৰও। কিন্তু অতি দূৰ্ভাগ্যজনক বিষয় যে এই সকলোবোৰ এতিয়া সোঁৱৰণীৰ এখিলা পাত। ৯০ দশকৰ শেষলৈকে বোৱনী-কাটনীয়ে গমগমাই থকা এই কেন্দ্ৰটোত এতিয়া বিৰাজ কৰিছে কেৱল নিৰ্জনতা। আপুৰুগীয়া মুগা উৎপাদনৰে জড়িত এনে হেন অনুষ্ঠান এটাৰ মৃত্যুমুখী অৱস্থাৰ বাবে একমাত্ৰ চৰকাৰী উদ্যোগহীনতাৰ লগতে দুৰ্নীতিত নিমৰ্জিত বিষয়া দায়ী। উদাহৰণ স্বৰূপে ২০১৪-১৫ বিত্তীয় বৰ্ষত পামখনৰ ২৫ বিঘা মাটিত এম জি এনেৰেগা আঁচনিৰ জৰিয়তে ২১ লাখ টকাৰ চোম গছ ৰোপনৰ আঁচনি কেৱল ফাইলহে আৱদ্ধ হৈ গ’ল।কাৰ্যত ৫০০০ চোমগছৰ পুলি পামখনত ৰোপন কৰাৰ দৃষ্টি গোচৰ নহ’ল। ইয়াৰ মাজতে মৃত্যুমুখী এই কেন্দ্ৰটোৱে বুকুত সাৱতি ৰাখিছে ইয়াৰ সোণালী অতীতৰ লগতে পাহৰিব নোৱাৰা মধুৰ স্মৃতিৰ সুবাস। সেয়া ১৯৮৯ চনৰ ২০ জানুৱাৰীৰ কথা। সেই দিনটোতেই অসমীয়াৰ হিয়াৰ আমঠু বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ লগতে প্ৰখ্যাত বোলছবি নিৰ্মাতা, পৰিচালক কল্পনা লাজমী উপস্থিত হৈছিলগৈ জাজৰিৰ এই মুগা কেন্দ্ৰটোত। উদ্দেশ্য মাথোন এটাই যে অসমৰ বাৰেবৰণীয়া সভ্যতা-সংস্কতিৰ প্ৰচাৰ আৰু প্ৰসাৰ। দিল্লী দূৰদৰ্শনত সেই সময়ত ডঃ ভূপেন হাজৰিকাৰ পৰিচালনাত “লোহিত কিনাৰে’ত অসমৰ আপুৰুগীয়া মুগা শিল্পক পুনৰবাৰ ধাৰাবাহিকখনৰ মাজেৰে বিশ্ববাসীৰ মাজত দাঙি ধৰা। দিনজোৰা কাৰ্যসূচীৰে পামখনৰ অনুষ্ঠিত হৈছিল দৃশ্য গ্ৰহণৰ কাম। অতি আনন্দিত আৰু আপ্লুত হৈ ডঃ হাজৰিকাই এটি সুন্দৰ টোকা লিখি থৈ যায়- জাজৰি মুগা কেন্দ্ৰলৈ আহিছিলো, এখন প্ৰামাণ্য তথ্য চিত্ৰৰ দৃশ্য গ্ৰহণৰ বাবে। মুগা লাটৰ পৰা সুতা উলিওৱা পদ্ধতিৰ খুটি-নাটিৰ আলোকচিত্ৰ আৰু শব্দ গ্ৰহণত ইয়াৰ ৰেচম বিষয়া আৰু কৰ্মচাৰীসকলৰ মিঠা সহযোগ পালোঁ। সময় গৈ আছে,মুগা শিল্পত উপযুক্ত সহায় তেনেকৈ পোৱা নাই। পৃথিৱীত নোহোৱা বস্তু এটা আই অসমীৰ বুকুত আছে। ই গৌৰৱৰ বিষয় অথচ আমি ইয়াক আগুৱাই নিয়া নাই। নতুনকৈ ভাবি দেশৰ শাসকসকলে ইয়াৰ উন্নয়নৰ কামত লাগি ৰোৱাৰ এয়ে সময়। সকলোলৈকে ধন্যবাদ’। এয়াই আছিল সুধাকন্ঠই মনৰ নিভৃত কোণৰ পৰা জনোৱা আহ্বান। কিন্তু সুধাকন্ঠৰ সেই আহ্বান পৰিণত হ’ল অৰণ্যৰোদনত।
প্ৰেৰক কনক হাজৰিকা