সম্পাদকীয় : ভোটদানৰ হাৰ বাঢ়িব লাগিব
দেশৰ ১৯০টা লোকসভা সমষ্টিত ইতিমধ্যে ভোটগ্রহণ সমাপ্ত হ’ল৷ অৱশিষ্ট সমষ্টিকেইটাত বাকী থকা পর্যায় চাৰিটাত ভোটগ্রহণ কৰা হ’ব৷ অসমত অৱশ্যে ৭ মে’ত ভোটগ্রহণ প্রক্রিয়াৰ সামৰণি পৰিব৷ ৰাজ্যখনত ইতিমধ্যে সম্পন্ন দুটা পর্যায়ৰ নির্বাচনত আশাব্যঞ্জক হাৰত ভোটদান হৈছে৷ নির্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি অসমত দ্বিতীয় পর্যায়ৰ নির্বাচনত ৭৭.৩৫ শতাংশই ভোটাধিকাৰ সাব্যস্ত কৰে৷ প্রথম পর্যায়ৰো ভোটগ্রহণত ৰাজ্যখনৰ ভোটাৰে ব্যাপক সঁহাৰি জনাইছিল৷ ১৯ এপ্রিলৰ দিনটোত ৰাজ্যখনৰ পাঁচটা লোকসভা সমষ্টিত ভোট দিছিল ৭৮.২৫ শতাংশই৷ প্রথম আৰু দ্বিতীয় পর্যায়ত অসমৰ দহটা লোকসভা সমষ্টিত ভোটদানৰ এই হাৰক আশাব্যঞ্জক বুলি কোৱা হৈছে৷ ইয়াৰ কাৰণো নথকা নহয়৷ দেশখনত প্রথম দুয়োটা পর্যায়ৰ তুলনাত অসমৰ ভোটাৰে অধিক হাৰত ভোটদান কৰিছে৷ আশা কৰা হৈছে ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পর্যায়ৰ ভোটগ্রহণতো ভোটদানৰ গৰিমা অব্যাহত থাকিব৷ বৰং ভোটদানৰ হাৰ বৃদ্ধি পাব৷ হয়াৰ বিপৰীতে দেশত সম্পন্ন প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনত ভোটদানৰ হাৰ আছিল তেনেই উদ্বেগজনক৷ প্রথম পর্যায়ত ভোটদান হয় মাথোঁ ৬৬.১৪ শতাংশ৷ দ্বিতীয় পর্যায়ত সামান্য উন্নতি ঘটি হয়গৈ ৬৬.৭১ শতাংশ৷ বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্রখনৰ জনসাধাৰণৰ মাজত ভোটদানৰ প্রতি এনে অনীহা সুখৰ নহয়৷ নির্বাচন আয়োগ, চৰকাৰ, ৰাজনৈতিক দল, সুধী সমাজ সকলোৱে মিলি ইয়াৰ সমিধান এটা উলিয়াব লাগিব৷ গণতান্ত্রিক প্রক্রিয়াটোত অর্থাৎ চৰকাৰ গঠন প্রক্রিয়াটোত ভোটদান অধিকৰ পৰা অধিকতৰ কৰিবই লাগিব৷ এইবেলিৰ নির্বাচনত সময়তকৈ আগেয়ে প্রায় সমগ্র দেশত বলা অভূতপূর্ব গ্রীষ্ম প্রৱাহকক জগৰীয়া কৰা হৈছে৷ কিন্তু নতুন দিল্লীত চৰকাৰ গঠনত সদায়েই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি অহা উত্তৰ প্রদেশ, মধ্যপ্রদেশ, বিহাৰ, মহাৰাষ্ট্র, ৰাজস্থানৰ দৰে ৰাজ্যৰ ভোটাৰৰ মাজত ভোটদানক লৈ পৰিলক্ষিত উদাসীনতা অপ্রত্যাশিত, অভূতপূর্ব৷ বিহাৰত লোকসভা নির্বাচনৰ কেইমাহমান পূর্বে ৰাজনৈতিক প্রেক্ষাপট সলনি হয়৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে হঠাতে শিবিৰ সলনি কৰা ঘটনাটোৱে ৰাজ্যখনৰ ভোটদানৰ হাৰত নেতিবাচক প্রভাৱ পেলাইছে নেকি, সেইটো বিচার্যৰ বিষয় হৈ পৰিছে৷ কিয়নো এতিয়ালৈকে বিহাৰৰ ৮টা লোকসভা সমষ্টিত অনুষ্ঠিত নির্বাচনত ভোটদান হৈছে মাথোঁ ৫৫ শতাংশ৷ একেদৰে বিগত কিছুমাই ধৰি ৰাজনৈতিকভাৱে অস্থিৰপ্রায় হৈ থকা মহাৰাষ্ট্রতো প্রথম দুটা পর্যায়ত অনুষ্ঠিত ভোটগ্রহণত ভোট কেন্দ্রলৈ যোৱা লোকৰ পৰিসংখ্যাটো তেনেই নিৰুৎসাহজনক৷ ৰাজ্যখনৰ ৮টা লোকসভা সমষ্টিত বিহাৰৰ দৰে ভোটদানৰ হাৰ মাথোঁ ৫৫ শতাংশ৷ বিজেপিশাসিত উত্তৰ প্রদেশৰ মথুৰা, আলিগড়ৰ দৰে সমষ্টিত ভোট পৰিছে মাথোঁ ৪৭.৪৫ শতাংশ৷ ইয়াৰ বিপৰীতে ত্রিপুৰাৰ দৰে তুলনামূলকভাৱে সৰু আৰু অনগ্রসৰ ৰাজ্য এখনৰ ভোটাৰে ভোটাধিকাৰ সাব্যস্তকৰণত শীর্ষস্থান অধিকাৰ কৰি দেশখনৰ বাবে আদর্শ স্থাপন কৰিছে৷ উত্তৰ–পূবৰ বাকী ৰাজ্যকেইখনতো ভোটদানৰ হাৰ ৰাষ্ট্রীয় হাৰতকৈ অধিক৷ ইয়াৰ পৰা বিশ্লেষণ কৰিবলৈ গ’লে বুজা যায় যে ভোটাধিকাৰ সাব্যস্তকৰণত উত্তৰ–পূবৰ জনসাধাৰণ অধিক সচেতন৷ লক্ষণীয়ভাৱে হিংসাজর্জৰ মণিপুৰতো ভোটদানৰ হাৰ অধিক৷
প্রথম দুটা পর্যায়ৰ ভোটগ্রহণত সামগ্রিকভাৱে ভোটাৰৰ অনীহা উন্মোচিত হোৱাৰ পাছতহে নির্বাচন আয়োগৰ গালৈ চেতনা ফিৰি আহে৷ পহিলা মার্চত ৰাজ্য চৰকাৰসমূহৰ সৈতে পর্যালোচনা সভাত বহিবলৈ বাধ্য আয়োগ৷ বৈঠকখনত ভোটদানৰ হাৰ কম হোৱাৰ কাৰণ সন্ধানৰ প্রয়াস চলোৱা হয়৷ কাৰণসমূহৰ ভিতৰত গ্রীষ্মপ্রবাহক অন্যতম হিচাপে চিহ্ণিত কৰা হয়৷ সেয়ে বৈঠকখনত ভোটদানৰ সময় বিয়লি ৬ বজালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়, যাতে উৎকট গৰমত ঘৰৰ পৰা ওলাই যাবলৈ নিবিচৰা ভোটাৰে বিয়লিৰ তুলনামূলক নৰম পৰিৱেশত নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্তকৰণত উছাহ অনুভৱ কৰিব পাৰে৷ অৱশ্যে এইটো সত্য যে এইবেলি এপ্রিলতে গ্রীষ্ম প্রৱাহে পূর্বৰ অভিলেখ ভাঙি দেশখনৰ জনসাধাৰণক দিনতে তৰা দেখুৱাইছে৷ আনহে নালাগে, অসমৰ প্রতিৱেশী ৰাজ্য পশ্চিমবংগৰ বহু অংশত ইতিমধ্যে পাৰাস্তম্ভহ ৪৫ ডিগ্রীৰ ঘৰ অতিক্রম কৰিছে৷ ৰাজস্থান, উত্তৰপ্রদেশ, মধ্যপ্রদেশৰ দৰে ৰাজ্যৰ অৱস্থা সহজে অনুমেয়৷ ৰাজস্থানৰ ভোটকেন্দ্রত এয়াৰ কুলাৰৰ ব্যৱস্থা কৰিবলৈ নির্বাচন আয়োগে সংশ্লিষ্ট ৰাজ্য চৰকাৰক নির্দেশ দিছে৷ গুৰুত্বপূর্ণ কথাটো হৈছে এপ্রিল– মে’–জুনত নির্বাচন অনুষ্ঠিত কৰিবলগীয়া হ’লে গ্রীষ্মপ্রৱাহ আৰু সম্ভাব্য বৃষ্টিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ পৰিকল্পনা আৰু প্রস্তুতিত ইয়াক সামৰি লোৱাটো জৰুৰী৷ কিন্তু এইক্ষেত্রত নির্বাচন আয়োগে যিমানখিনি গুৰুত্বসহকৰে আগতীয়াকৈ কাম কৰিব লাগিছিল, সিমানখিনি পৰিলক্ষিত নহ’ল৷ এতিয়া জোঁৰ পুৰি হাত পোৱাতহে পর্যালোচনা বৈঠকত বহিবলগীয়া হৈছে৷ কথাটো চিন্তাজনক৷ ভোটকেন্দ্রলৈ ভোটাৰক টানি নিয়াত নির্বাচন আয়োগৰ দায়িত্ব সর্বাধিক৷ এহ দায়িত্ব পালন কৰোঁতে আয়োগে সঠিকভাৱে সকলোখিনি কৰিছেনে নাই, সেইখিনি পৰৱর্তী চৰকাৰখনে বিশ্লেষণ কৰিব লাগিব৷ লগতে নির্বাচন আয়োগক প্রশাসনযন্ত্রই কাংক্ষিত ধৰণে সহযোগ কৰিছেনে নাই, সেয়াও বিচাৰি উলিয়াব লাগিব৷ ইয়াৰ বাবে জবাবদিহি নির্ধাৰণ আৰু নিশ্চিত কৰিব লাগিব৷ অৱহেলাৰ উত্তৰ কঠোৰ ব্যৱস্থাৰে দিব লাগিব৷ ইভিএমত ন’টা নামৰ বুটাম এটাৰ দিহা কৰিলেই ভোটদানৰ হাৰ বাঢ়িব বুলি ধৰি ল’লেই নচলিব৷ মুঠতে ভোট কেন্দ্রত সকলো ব্যৱস্থাৰ প্রতিফলন ঘটিব লাগিব৷ নাগৰিক সমাজক অধিক জড়িত কৰিবও লাগিব৷ সজাগতামূলক অনুষ্ঠানৰ জৰিয়তে ভোটদানত উছাহৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব৷ বেছিভাগ সজাগতামূলক অনুষ্ঠান নিয়মমাফিক৷ আয়োজন কৰিব লাগে কৰা হয়৷ প্রভাৱৰ কথা বিবেচনা আৰু পর্যালোচনালৈ নাহে৷ ফলত ৰাজকোষৰ ধন ব্যয় আৰু বিভাগীয় প্রতিবেদনৰ প্রশংসাতে সীমিত হৈ থাকে তেনে অনুষ্ঠান৷ যিয়েই নহওক, ভোটদানৰ হাৰ বৃদ্ধি কৰাটো অতিকৈ জৰুৰী৷ তাৰ বাবে আৱশ্যকীয় নীতি নির্ধাৰণ তাতকৈ অধিক জৰুৰী৷