নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নত চিকিৎসাৰ বাবে থানেশ্বৰ বড়োক ৰঙিয়াৰ পৰা জিএমচিএইচলৈ স্থানান্তৰ

নিয়মীয়া বাৰ্তা, ১৩ মে’ : অগপৰ প্ৰাক্তন সভাপতি, অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োক অসুস্থ অৱস্থাত তিনি দিন পূৰ্বে ৰঙিয়াৰ স্বস্তি হাস্পতালৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল। প্ৰাক্তন মন্ত্ৰীগৰাকী চিকিৎসাধীন হৈ থকাৰ সময়তে আজি দুই মন্ত্ৰী তথা অগপৰ সভাপতি আৰু কাৰ্য্যকৰী সভাপতি ক্ৰমে অতুল বৰা আৰু কেশৱ মহন্তৰ বিশেষ তৎপৰতাত আৰু দলটোৰ সম্পাদক তথা মুখপাত্ৰ অৰ্ণৱ ভৰালীৰ সহযোগিতাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। গুৱাহাটীৰ পৰা প্ৰেৰণ কৰা বিশেষ এম্বুলেঞ্চযোগে বড়োক জিএমচিএইচৰ চিএন চেন্প্ৰেটাৰত ভৰ্তি কৰে। জানিব পৰা মতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বড়োৰ উন্নত চিকিৎসাৰ বাবে চি এন চেণ্টাৰৰ সঞ্চালক ডা: বসন্ত বৈশ্যৰ সৈতে আলোচনা কৰি আটাইকেইটা বিভাগৰ ডাক্তৰক লৈ এটা চিকিৎসা গোট গঠন কৰি দিয়ে আৰু প্ৰাক্তন মন্ত্ৰীগৰাকীৰ সকলো প্ৰকাৰৰ চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়ে । অগপৰ দুই মন্ত্ৰীৰ এই পদক্ষেপক ৰঙিয়াৰ সচেতন মহলে শলাগ লৈছে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like