নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি : গুৱাহাটীত ফেৰী সেৱা বন্ধ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পোৱা আৰু তীব্ৰ সোঁতৰ সৃষ্টি হোৱাৰ ফলত গুৱাহাটীত ফেৰী সেৱা সাময়িকভাৱে বন্ধ কৰা হৈছে। যাত্ৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিছে অভ্যন্তৰীণ জল পৰিবহণ (IWT) বিভাগে।

আইডব্লিউটিৰ বিষয়াসকলে জনোৱা মতে, ই এক সতৰ্কতামূলক ব্যৱস্থা। নদীৰ জলস্তৰ আৰু সোঁতৰ ওপৰত নিৰন্তৰ নজৰ ৰখা হৈছে। পৰিস্থিতি স্বাভাৱিক হ’লেই পুনৰ ফেৰী চলাচল আৰম্ভ কৰা হ’ব।

বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে ফেৰী সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে, বিশেষকৈ উমানন্দ মন্দিৰৰ কাষত নদীৰ সোঁত অতি প্ৰবল। কৰ্তৃপক্ষই জলস্তৰৰ ওপৰত নিবিড়ভাৱে নজৰ ৰাখিছে। পানী কমিলেই পুনৰ ফেৰী সেৱা আৰম্ভ কৰা হ’ব।

ইয়াৰ পূৰ্বেও অম্বুবাচী মহাযোগৰ সময়ছোৱাত সম্ভাৱ্য দুৰ্ঘটনা এৰাবলৈ ব্যক্তিগত খণ্ডৰ ফেৰীসমূহ চলাচল নকৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

ফেৰী সেৱা বন্ধ কৰাৰ লগতে অসম চৰকাৰে ৰাজ্যৰ কেইবাখনো জিলাত উচ্চ সতৰ্কতা জাৰি কৰিছে। চুবুৰীয়া অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত ওপৰৰ জলাগ্ৰহণ এলেকাৰ পানী অহা ১–২ দিনৰ ভিতৰত অসমত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী আৰু ইটানগৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, অৰুণাচল প্ৰদেশৰ ল’ৱাৰ সোৱণশিৰি জিলাৰ য়াজালি অঞ্চলত যোৱা ২৪ ঘণ্টাত ৭২.৮ মিলিমিটাৰ বৰষুণ ৰেকৰ্ড কৰা হৈছে। বিশেষকৈ পুৱা ৬ বজাৰ পৰা ৯ বজাৰ ভিতৰত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত উজনি অঞ্চলত আকস্মিক বানৰ সৃষ্টি হৈছে।

চৰকাৰে সতৰ্ক কৰি দিছে যে বানৰ ঢৌয়ে প্ৰথমে ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাক প্ৰভাৱিত কৰিব। তাৰ পিছত এই পানী ৰাজ্যৰ আন অঞ্চল অতিক্ৰম কৰি ধুবুৰী অভিমুখে আগবাঢ়িব।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো সংশ্লিষ্ট বিষয়াক সৰ্বোচ্চ সতৰ্কতাত থাকিবলৈ আৰু প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। মুখ্য সচিবেও জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতিৰ ওপৰত নিবিড় নজৰ ৰাখি প্ৰয়োজনীয় প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

ইফালে, SDRF, NDRF আৰু অন্যান্য জৰুৰীকালীন উদ্ধাৰকাৰী দলসমূহক যিকোনো পৰিস্থিতিৰ বাবে সাজু কৰি ৰখা হৈছে।

নদীৰ কাষত বসবাস কৰা লোকসকল আৰু নিয়মীয়াকৈ ফেৰী ব্যৱহাৰ কৰা যাত্ৰীসকলক চৰকাৰী নিৰ্দেশনা অনুসৰণ কৰিবলৈ, অপ্রয়োজনীয় নদী যাত্ৰা পৰিহাৰ কৰিবলৈ আৰু পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।

ডিজিটেল ডেস্ক, ২৪ জুলাই

You might also like