নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞানৰ পিঠিত উঠি পোহৰলৈ যাত্ৰা কৰা পদ্মশ্ৰী ড° বিৰুবালা ৰাভাৰ মহাপ্ৰয়াণ

নিয়মীয়া বাৰ্তা, ১৩ মে’ : ডাইনী প্ৰথাৰ দৰে ভয়াবহ সামাজিক ব্যাধি দুৰ কৰাৰ লগতে অন্ধবিশ্বাস, কু-সংস্কাৰ আদিৰ বিৰূদ্ধে সাহসেৰে যুঁজ দি অহা শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত পদ্মশ্ৰী ড° বিৰুবালা ৰাভাৰ মহাপ্ৰয়াণত শোকস্তব্ধ হৈ পৰিছে গোৱালপাৰা জিলাৰ লগতে সমগ্ৰ দুধনৈ অঞ্চল৷ দীৰ্ঘদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠানত দুৰাৰোগ্য ৰোগত চিকিৎসাধীন হৈ থকা ড° বিৰুবালা ৰাভাই আজি পুৱা সকলোকে কন্দুৱাই ইহলোকলৈ প্ৰস্থান কৰে৷ অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰূদ্ধে সৱল ভুমিকা পালন কৰা ড° বিৰুবালা ৰাভাই নিজেও ডাইনী প্ৰথাৰ বলি হৈছিলো৷ কাৰণ নিজৰ পুত্ৰ ধৰ্মেশ্বৰ স্নায়ু ৰোগত আক্ৰান্ত হৈ আৰ্থিক দুৰবস্থাৰ বাবে জীয়াই থাকিও মৃত্যু হোৱাৰ দৰে হৈছিল৷ আনহাতে স্বামী কৰ্কট ৰোগত আক্ৰান্ত হোৱাত সমাজে বিৰুবালাক ডাইনী বুলি অভিহিত কৰিছিল৷ ১৯৯৯ চনত দ’দান মন্দিৰত এখন ৰাজহুৱা সভাত পাঁচ গৰাকী নাৰীক ডাইনী বুলি অভিযুক্ত কৰা হৈছিল৷ কিন্তু বিৰুবালাই সাহসী কণ্ঠৰে সেই অভিযোগ নস্যাৎ কৰিছিল আৰু কৈছিল সেয়া অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয়৷ এই ধাৰণা সমাজৰ পৰা আঁতৰাব লাগিব৷সেয়েহে সমাজৰ পৰা ডাইনী প্ৰথাৰ দৰে সামাজিক ব্যাধি দূৰ কৰাৰ বাবে নিজৰ ঘৰ ঠাকুবিলাৰ পৰাই অভিযানত নামি পৰিছিল ৷ এই অভিযানত বিৰুবালা ৰাভাই কেইবাবাৰো লাঞ্ছিত হ’বলগীয়া হৈছিল৷ অন্ধবিশ্বাস কুসংস্কাৰ নিৰ্মূলৰ শপত লোৱা বিৰুবালাই ২০১১ চনত তেওঁৰ জন্ম গাঁও অসম মেঘালয় সীমান্তৰ ঠাকুৰবিলাৰ পৰাই “মিছন বিৰুবালা” আৰম্ভনি কৰিছিল৷ বৰ্তমান “মিছন বিৰুবালা”ৰ সদস্যৰ সংখ্যা আঠশৰো অধিক৷ এশ সদস্যই বৰ্তমানেও অসমৰ ভিন্ন প্ৰান্তত ডাইনী প্ৰথাৰ বিৰূদ্ধে সজাগতামুলক সভা কৰি আহিছে৷ মিছন বীৰুবালাই ডিব্ৰুগড় বিশ্ববিদ্যালয়, দুধনৈ, চাবুৱা মহাবিদ্যালয়, ফিলবাৰী কণিষ্ঠ মহাবিদ্যালয়ৰ লগতে ছেৰফাংগুৰিত মিছন বিৰুবালাৰ কোষ(Working Cell)গঠন কৰিছে৷ বিৰুবালাই অসমৰ বিভিন্ন গাওঁৰ লগতে অসমৰ বাহিৰৰ ৰাজ্যটো নাৰী শিক্ষাৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰিছিল ৷ মিছন বীৰুবালাৰ জৰিয়তে অসমৰ গাঁৱে ভূঞে বিশেষকৈ জনজাতীয় অঞ্চলত নাৰী শিক্ষাৰ বাবে কাম কৰা সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰূদ্ধে আগবঢ়োৱা বলিষ্ঠ অবদানৰ বাবে ২০১২চনৰ ৩০ অক্টোবৰত অসম চৰকাৰে মিছন বীৰুবালা অভিযানক ৰাজ্যিক অভিযান হিচাবে স্বীকৃতি দিয়ে ৷ ৯০ৰ দশকৰ পৰাই ডাইনী প্ৰথা, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰা বীৰুবালা ৰাভাই বৰ্তমানলৈ ৩৪ গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰে ৷ ডাইনী হত্যা, কু-সংস্কাৰ, অন্ধবিশ্বাস আঁতৰ কৰাৰ বাবে অসমৰ চুকেকোণে আনকি অসমৰ বাহিৰতো সজাগতা সভা পাতিছে বিৰুবালাই ৷ ড° বিৰুবালা ৰাভাৰ একক প্ৰচেষ্টাৰ বাবেই বৰ্তমান অসমৰ পৰা বহু পৰিমানে কমি গৈছে৷ ড° বিৰুবালা ৰাভাৰ একক প্ৰচেষ্টাৰ বাবেই বৰ্তমান অসমৰ পৰা বহু পৰিমানে কমি গৈছে ডাইনী প্ৰথা ৷ শিক্ষিত হৈছে গ্ৰাম্য নাৰী সমাজ৷ ২০২১ চনত তেওঁৰ কৰ্মৰাজিৰ বাবে ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মনিত কৰে৷ অতি সাধাৰণ এইগৰাকী মহীয়সী নাৰী ৰাষ্ট্ৰসংঘত ভাষণ প্ৰদান কৰাৰ বাবেও মনোনীত হৈছিল৷ কিন্তু আৰ্থিক সমস্যা আৰু ভিছাৰ সমস্যাৰ বাবে সেই অনুষ্ঠানত থাকিব পৰা নাছিল৷ বিৰুবালা ৰাভাই তেওঁৰ সমাজ সংস্কাৰ মুলক কামৰ বাবে ২০১০ চনত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিৰ পৰা “ৰিয়ল হিৰো”, টাই আহোম যুৱ পৰিষদৰ পৰা “বীৰাংগনা মূলা গাভৰু, জয়মতী বঁটা, সমাজপ্ৰিয় সেৱা বঁটা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰিছিল বিৰুবালা ৰাভাই৷ অশিক্ষিত আছিল যদিও তেওঁৰ কৰ্মৰাজিৰ বাবেই এই বঁটা সমুহ পাবলৈ সক্ষম হৈছিল ৷ আজি এইগৰাকী মহীয়সী নাৰীৰ মহাপ্ৰস্থানত শোকস্তব্ধ হৈ পৰিছে জন্মগাওঁ ঠাকুৰবিলাৰ লগতে সমগ্ৰ অসম৷ আজি পুৱা এইগৰাকী সাহসী মহিলাৰ নশ্বৰদেহ গুৱাহাটীৰ পৰা ঠাকুৰবিলালৈ আনি থকাৰ সময়ত দুধনৈ পৰিদৰ্শন বঙলাত বিভিন্ন দল সংগঠন অনুস্থান প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে শেষ শ্ৰদ্ধাঞ্জলি জনায় ৷ দুধনৈ পৰিদৰ্শন বঙলাৰ চৌহদত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, দুধনৈৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাকছোক, সম্পাদক ড° সুভাষ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ বিষয়-ববীয়া, নিখিল ৰাভা সাহিত্য সভাৰ বিষয়ববীয়া, ষষ্ঠ অনুসূচী দাবী সমিতিৰ বিষয়ববীয়া, গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা, দুধনৈ প্ৰেছ ক্লাব, গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা,আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু), দুধনৈ থেকাচু মৌজা কমিটি, দুধনৈ ব্যবসায়ী সন্থা, দুধনৈ উন্নয়ন কমিটি, অমৰ সংঘ, দুধনৈ লেখিকা সমাৰোহ, দুধনৈ কবি সমাজ, দুধনৈ উচ্চ মাধ্যমিক বিদ্যালয়, দুধনৈ ছোৱালী হাইস্কুল, ৰাভা হাছং সচিবালয়ৰ কৰ্মচাৰী বৃন্দ আদি কৰি দুধনৈৰ বিভিন্ন দল সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ৰাভা হাছং চিফ টংকেশ্বৰ ৰাভা আৰু স্থানীয় বিধায়ক যাদব স্বৰ্গীয়াৰীয়ে বীৰুবালাৰ মৃত্যু সমাজৰ বাবে অপূৰণীয় ক্ষতি হিচাবে অভিহিত কৰে ৷ আন্ধাৰ বিনাশ কৰি পোহৰৰ বাট দেখুওৱা প্ৰয়াত বিৰুবালা ৰাভাৰ নশ্বৰ দেহ জন্ম গাওঁ ঠাকুৰবিলাত ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষ বিদায় জনোৱা হয় য’ত অলেখ গুণমুগ্ধ উপস্থিত থাকে ৷

প্ৰেৰক বেনজিন বড়ো

You might also like