🔹 নগৰবেৰাত জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড
নিয়মীয়া বাৰ্তা, ১৬ মে’ : বান্দৰক লৈ জীৱশ্ৰেষ্ঠৰ বান্দৰামি। ডিঙিত শিকলি লগাই ওলমাই থ’লে বাঁহগছত। ফলত কৰুণ মৃত্যুক সাবটিলে এটা বান্দৰে | নিজকে জীৱশ্ৰেষ্ঠ বুলি দম্ভালি মৰা মানুহৰ দুষ্কাৰ্যৰ নমুনা পোহৰলৈ আহিছে কামৰূপৰ নগৰবেৰাৰ দোকুচি পুখুৰীপাৰা গাঁৱত | গাঁওখনত দুদিনমানৰ পৰা দুৰ্গন্ধত বাহিৰ ওলাব নোৱাৰা পৰিৱেশ। বহু অনুসন্ধান কৰি ৰাইজে বিচাৰি পালে দুৰ্গন্ধৰ উৎস | এটা প্ৰকাণ্ড বান্দৰ ওলমি আছে এঘৰৰ বাউণ্ডেৰী ৱালৰ কাষতে থকা এজোপা বাঁহত। কাষলৈ গৈ বান্দৰৰ ডিঙিত এডাল লোৰ শিকলি আৰু শিকলিডাল বাঁহত ওলমি থকা প্ৰত্যক্ষ কৰে ৰাইজে | ঘটনাটোক কেন্দ্ৰ কৰি সৰ্বত্ৰ তীব্ৰ চাঞ্চল্য বিয়পে। জীৱশ্ৰেষ্ঠৰ এনে গৰ্হিত কাণ্ডক সকলোৱে ধিক্কাৰ দিয়ে যদিও বান্দৰৰ মৃতদেহটোক লৈ বিপাঙত পৰে সকলো | অৱশেষত আজি বন বিভাগক খবৰ দিয়াত নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বান্দৰৰ মৃতদেহ তললৈ নমায় আৰু চমজি লয় | দুৰ্গন্ধ আঁতৰ হয় যদিও এই দুষ্কাৰ্যৰ স’তে কোন জড়িত থাকিব পাৰে, তাৰ এক অনুসন্ধানৰ দাবী জনাইছে সচেতন ৰাইজে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস