নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী লোকসভা সমষ্টিত মহিলা ভোটাৰে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সম্ভাৱনা!

নিয়মীয়া বাৰ্তা, ১৬ মে’ : অহা ৪ জুনৰ দিনা হ’বলগীয়া ভোট গণনাৰ পূৰ্বে বৰ্তমানে ধুবুৰী লোকসভা সমষ্টিৰ সম্ভাব্য বিজয়ী কোন হ’ব পাৰে সেয়া লৈ আৰম্ভ হৈছে গুণাগঁথা। উল্লেখ্য যে ৭ মে’ৰ দিনা তৃতীয় পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ধুবুৰী লোকসভা সমষ্টিত এইবেলি মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী জাবেদ ইছলাম, কংগ্ৰেছৰ ৰকিবুল হুছেইন, এআইইউডিএফ দলৰ  বদৰুদ্দিন আজমলকে ধৰি মুঠ ১৩গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আনুমানিক প্ৰায় ৫ লাখ ৪২ হাজাৰ হিন্দু ভোটাৰ থকা লোকসভা সমষ্টিটোৰ মুঠ ভোটাৰ হ’ল ২৬,৬০,৮২৭গৰাকী। ইয়াৰে, ১৩,৬২,২১৭ গৰাকী পুৰুষ আৰু ১২,৯৮,৫৮৫ গৰাকী মহিলা ভোটাৰ। এইবাৰৰ লোকসভা নিৰ্বাচনত অভিলেখ গঢ়ি ধুবুৰী লোকসভা সমষ্টিৰ ভোটদানৰ গঢ় হাৰ হ’ল ৯২.০৮ শতাংশ। অৰ্থাৎ, এইবাৰ লোকসভা সমষ্টিটোৰ মুঠ ২৬,৬০,৮২৭গৰাকী ভোটাৰৰ ভোটাৰৰ ২৪,৫০,০৪১গৰাকী ভোটাৰে ভোটদান কৰিছে। প্ৰাপ্ত তথ্য মতে, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত ১১টা বিধানসভা সমষ্টিৰ বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ সৰ্বোচ্চ হোৱাৰ বিপৰীতে সৰ্বনিম্ন ভোটদান হৈছে বিলাসীপাৰা বিধানসভা সমষ্টিত। বীৰসিং জৰুৱা আৰু বিলাসীপাৰা বিধানসভা সমষ্টিৰ ভোটদানৰ গঢ় হাৰ হ’ল ক্ৰমে ৯৪.১০ আৰু ৮৯.২২ শতাংশ। ইয়াতে উল্লেখনীয় যে, ধুবুৰী লোকসভা সমষ্টিত এইবাৰ মহিলা ভোটাৰৰ ভোটদানৰ হাৰ পুৰুষ ভোটাৰৰ গঢ় হাৰতকৈ অধিক। প্ৰাপ্ত তথ্য অনুসৰি, এইবেলি সমষ্টিটোৰ পুৰুষ আৰু মহিলা ভোটাৰৰ ভোটদানৰ গঢ় হাৰ হ’ল ক্ৰমে ৯১.৯৯ আৰু ৯২.১৭ শতাংশ। অৰ্থাৎ, ধুবুৰী লোকসভা সমষ্টিৰ ১৩,৬২,২১৭গৰাকী পুৰুষ ভোটাৰৰ ১২,৫৩,০৮১গৰাকীয়ে ভোটদান কৰাৰ বিপৰীতে লোকসভা সমষ্টিটোৰ ১২,৯৮,৫৮৫গৰাকী মহিলা ভোটাৰৰ ১১,৯৬,৯৫৪গৰাকী ভোটাৰে ভোটদান কৰিছে। উল্লেখ্য যে, বিগত ১৫ বছৰৰ পৰা ধুবুৰী লোকসভা সমষ্টিত একেৰাহে ৩বাৰকৈ বিজয়ী হৈ অহা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলে বিগত ৩টা লোকসভা নিৰ্বাচনতেই সংখ্যালঘু মহিলা ভোটাৰৰ এক বৃহৎ অংশৰ ভোট পাইছিল বুলি এক চৰ্চা আছে। তাৰেই পৰিপ্ৰেক্ষিতত এইবেলিও ধুবুৰী লোকসভা সমষ্টিত মহিলা ভোটাৰে এক গুৰুত্বপূর্ণ ভূমিকা লোৱাটো নিশ্চিত বুলি ক’ব পাৰি। ইয়াৰ মাজতে আকৌ স্থানীয় ৰাজনৈতিক বিশ্লেষকৰ মতে আজমলৰ ‘চাইলেন্ট ভোটাৰ”ৰূপী মহিলা সেই সংখ্যালঘু ভোটাৰসকলৰ ওপৰতেই ধুবুৰী লোকসভা সমষ্টিত চতুৰ্থবাৰৰ বাবে বদৰুদ্দিন আজমল বিজয়ী হয় নে নহয় সেয়া বহুলাংশে নিৰ্ভৰ কৰিব। অৱশ্যে ৪ জুনৰ ভোট গণনাৰ পিছতহে প্ৰকৃত সত্য কি সেয়া পোহৰলৈ আহিব।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like