নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাপুৱা নিউগিনিৰ দুর্যোগ

প্রশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্র পাপুৱা নিউগিনিত ভয়াৱহ ভূমিস্খলনে প্রাণ কাঢ়িছে দুই সহস্রাধিক লোকৰ৷ দেশখনৰ উত্তৰ প্রান্তৰ দুর্গম ছখন পার্বত্য গাঁৱত সংঘটিত হৈছে এই প্রাকৃতিক বিপর্যয়৷ এই গাঁওকেইখনৰ এখন গাঁও সম্পূর্ণৰূপে পোত গৈছে পর্বতৰ পৰা নামি অহা শিল আৰু মাটিত৷ দেশখনৰ দুর্যোগ ব্যৱস্থাপনা বাহিনীয়ে উল্লেখ কৰা অনুসৰি দুই সহস্রাধিক লোকৰ মৃত্যু হোৱাৰ উপৰি কেইবাশও ঘৰ ধ্বংস হৈছে এই বিপর্যয়ত৷ আৰম্ভণিতে দেশখনৰ প্রশাসনে শতাধিক লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছিল যদিও গাঁওখনত দুর্যোগৰ পিছত জনগণনাত দেখা গৈছে যে দুই সহস্রাধিক লোকৰ কোনো শুংসূত্র নাই৷ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা এই বিপর্যয়ত গভীৰ শোক প্রকাশ কৰাৰ লগতে বিশ্বৰ সকলো দেশক পাপুৱা নিউগিনিত এনে দুর্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে৷ লক্ষণীয়ভাৱে ইয়াৰ প্রভাৱ পৰিছে দেশখনৰ অর্থনীতিত৷ কিয় এনে ভয়াৱহ ভূমিস্খলন হ’ল, তাক লৈ আৰম্ভ হৈছে বিজ্ঞানী তথা গৱেষকসকলৰ মাজত আলোচনা৷ মূলতঃ প্রশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্রখনৰ উত্তৰ প্রান্তৰ ভৌগোলিক পৰিস্থিতি অতি জটিল৷ বিভিন্ন সময়ত এই অঞ্চলটোত সংঘটিত হৈ আহিছে ভূমিস্খলন৷ কিন্তু প্রশাসনে অঞ্চলটোৰ বাসিন্দাসকলক কেতিয়াও সতর্ক কৰা নাছিল৷ গ্রামাঞ্চলৰ জনসাধাৰণে পর্বতৰ নামনিত অবৈধ নির্মাণকার্য চলাই যোৱাৰ বাবে ইয়াৰ ভূস্তৰ ভাগি পৰা বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে৷ ইয়াৰ পৰিণতিতে ভয়াৱহ প্রাকৃতিক বিপর্যয় সংঘটিত হোৱা বুলি দাবী কৰিছে একাংশ বিজ্ঞানীয়ে৷ দেশখনৰ চৰকাৰে ৰাষ্ট্রসংঘলৈ প্রেৰণ কৰা পত্রত উল্লেখ কৰিছে যে এই প্রাকৃতিক বিপর্যয়ত প্রাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে৷ কাৰণ গুৰুতৰভাৱে আহত হোৱা বহু লোকক চিকিৎসা প্রদান কৰা হৈছে যদিও বহুতৰে অৱস্থা সংকটজনক৷ ইফালে, এই ভয়াৱহ বিপর্যয়ত বিধ্বস্ত হৈছে পাপুৱা নিউগিনিৰ মূল পথ৷ আটাইতকৈ দুখজনক কথাটো হৈছে অতি দুর্গম অঞ্চল বাবে উদ্ধাৰকার্য সঠিকভাৱে আগবঢ়াবলৈ সক্ষম হোৱা নাই দুর্যোগ ব্যৱস্থাপনা বাহিনী৷ বাৰে বাৰে ব্যাহত হৈছে উদ্ধাৰ কার্য৷
ইতিমধ্যে ভাৰতকে ধৰি বিভিন্ন দেশে পাপুৱা নিউগিনিক এই দুর্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে৷ ভাৰতে এক নিযুত ডলাৰ ধন আগবঢ়াব বুলি ঘোষণা কৰিছে৷ প্রশাসনে ভূমিস্খলনৰ ফলত সন্ধানহীন হৈ থকা দুই সহস্রাধিক লোকৰ মৃত্যু হোৱা বুলি আশংকা কৰিছে যদিও স্থানীয় বাসিন্দাসকলে এতিয়াও নিজাববীয়াকৈ চলাই আছে উদ্ধাৰ অভিযান৷ উত্তৰ প্রান্তত এনগা প্রদেশৰ এই দুর্যোগৰ পিছতেই সমগ্র পাপুৱা নিউগিনিত সৃষ্টি হৈছে অস্থিৰতা৷ বাৰে বাৰে এই দুর্যোগৰ  সন্মুখীন হৈছে চৰকাৰ৷ দেশখনৰ প্রত্যন্ত অঞ্চলৰ বাসিন্দাসকলৰ নিৰাপত্তাৰ ক্ষেত্রত চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্রদান কৰা নাছিল বুলি অভিযোগ উঠিছে৷ ২৪ মে’ত সংঘটিত এই ধ্বংসলীলাৰ পিছত এতিয়া সমগ্র অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত সৃষ্টি হৈছে নতুন আতংক৷ কাৰণ এনগা প্রদেশৰ লোকসকলে পার্বত্য অঞ্চলত নিৰাপত্তা নাই বুলি ঘোষণা কৰিছে৷ যিকোনো মুহূর্ততে এনে ধৰণৰ বিভীষিকাৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰিছে স্থানীয় লোকসকলে৷ বিশেষজ্ঞসকলেও আগন্তুক কেইবাদিনো ধৰি অঞ্চলটোত ভূমিস্খলন সৃষ্টি হ’ব পাৰে বুলি সতর্কবাণী কৰিছে৷ ইতিমধ্যে ৰাষ্ট্রসংঘৰ উদ্যোগত সমগ্র অঞ্চলটোৰ দুর্গত লোকসকললৈ প্রেৰণ কৰা হৈছে মানৱীয় সাহায্য৷ শেহতীয়াকৈ বিশ্বৰ বিভিন্ন দেশত গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ প্রতিকূল প্রভাৱত বিভিন্ন প্রাকৃতিক দুর্যোগ সৃষ্টি হৈছে৷ প্রশান্ত মহাসাগৰত সৃষ্টি হোৱা জলবায়ু পৰিঘটনা এল নিন’ৰ প্রভাৱত বিভিন্ন দেশত অতিবৃষ্টি তথা খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই প্রাকৃতিক পৰিঘটনাৰ পৰা কোনো দেশে ৰক্ষা পোৱা নাই৷ অতিবৃষ্টিৰ ফলত সঘনে বান আৰু ভূমিস্খলনত সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে বহুতৰে প্রাণহানি হৈছে৷ এইদৰে অনাবৃষ্টি বা খৰাং পৰিস্থিতিৰ ফলত বহু দেশত সৃষ্টি হৈছে খাদ্যসংকট৷ হর্ন অৱ আফ্রিকা হিচাপে পৰিচিত আফ্রিকা মহাদেশৰ কেইবাখনো দেশত দীর্ঘদিন ধৰি চলি আছে খৰাং৷ আনকি এই দেশসমূহত অৰণ্য অঞ্চল জ্বলি গৈছে৷ খাদ্য আৰু এটুপি পানীৰ অভাৱত তিলতিলকৈ মৃত্যুমুখত পৰিছে অসংখ্য পশু–পক্ষী৷ সেইদৰে লেটিন আমেৰিকান ৰাষ্ট্রসমূহতো সৃষ্টি হৈছে ভয়াৱহ প্রাকৃতিক দুর্যোগ৷ পাপুৱা নিউগিনিৰ শেহতীয়া ঘাতক ভূমিস্খলন গোলকীয় উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱর্তনৰ প্রভাৱৰ পৰা মুক্ত নাছিল বুলি একাংশ বিজ্ঞানীয়ে দাবী কৰিছে৷ অর্থাৎ গোলকীয় উষ্ণতা বৃদ্ধিয়েই এতিয়া হৈ পৰিছে সকলো প্রাকৃতিক দুর্যোগৰ মূল কাৰণ৷

You might also like