নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰীক্ষাৰ পৱিত্রতা

সন্তানক চিকিৎসক হিচাপে গঢ়াৰ সপোন দেখে প্রতিগৰাকী অভিভাৱকে৷ এই সযত্ন পালিত সামাজিক আকাংক্ষাক সাকাৰ ৰূপ দিবলৈ সকলো শিক্ষার্থী আৰু পিতৃ–মাতৃয়ে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰে৷ কাৰণ এবাৰ চিকিৎসা পাঠ্যক্রমত নামভর্তি কৰোৱাৰ পিছত এক উজ্জ্বল ভৱিষ্যতে ছাত্র–ছাত্রীক হাত বাউলি মাতে৷ চিকিৎসকৰ উপার্জনো আকাশলংঘী৷ এনে পৰিস্থিতিত চিকিৎসক হোৱাৰ বাসনা জন্মাটো অস্বাভাৱিক নহয়৷ চিকিৎসা পাঠ্যক্রমত নামভর্তি কৰিবলৈ হ’লে সর্বভাৰতীয় পৰীক্ষা নেচনেল এলিজিবিলিটী কাম এণ্ট্ৰেঞ্চ টেষ্ট, চমুকৈ এনইইটি অথবা ‘নীট’ত অৱতীর্ণ হ’ব লাগে৷ কিন্তু এই পৰীক্ষাতে অনিয়ম হোৱাৰ অভিযোগত দেশজুৰি তুমুল বিতর্কৰ সৃষ্টি হৈছে৷ চলিত মাহৰ প্রথম সপ্তাহত ‘নীট’ৰ ফলাফল প্রকাশ পোৱাৰ পিছতে পৰীক্ষা পৰিচালনা আৰু ফলাফল প্রক্রিয়াৰ বহু অনিয়ম স্পষ্ট হৈ পৰিছে৷ বিদ্বৎ মহলত ইয়াক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে আৰু পৰীক্ষা বাতিলৰো দাবী জনোৱা হৈছে৷ আনকি, উচ্চতম ন্যায়ালয়েও পৰীক্ষাৰ পৱিত্রতা প্রভাৱিত হোৱা বুলি আশংকা ব্যক্ত কৰিছে৷ বিষয়টো কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থা (চিবিআই)ৰ দ্বাৰা তদন্ত কৰাৰো দাবী উত্থাপিত হৈ আহিছে৷ কেৱল এয়াই নহয়, প্রতিদিনে ন্যায়ালয়ত এই সন্দর্ভত নতুন নতুন গোচৰ দাখিল কৰা হৈছে৷ উল্লেখ্য যে চলিত শিক্ষাবর্ষৰ ‘নীট’ পৰীক্ষা ৫ মে’ত এনটিএৰ দ্বাৰা অনুষ্ঠিত কৰা হৈছিল৷ এই পৰীক্ষা দেশৰ ৫৭১খন চহৰত অনুষ্ঠিত হয় আৰু পৰীক্ষাত অৱতীর্ণ হৈছিল প্রায় ২৪ লাখ প্রার্থী৷ পাটনা আৰক্ষীয়ে পৰীক্ষাৰ আগদিনা প্রশ্ণকাকত ফাদিল কৰা একাংশ অভিযুক্তক গ্রেপ্তাৰ কৰা বুলিও সংবাদ মাধ্যমত প্রকাশ পাইছিল৷ কেৱল পাটনাতে নহয়, গুজৰাট আৰু হাৰিয়ানাৰ একাংশ কেন্দ্রতো প্রশ্ণকাকত ফাদিল হোৱা বুলি সংবাদ মাধ্যমৰ জৰিয়তে জনমানসৰ সন্মুখলৈ আহিছিল৷ অৱশ্যে এনটিএৰ দ্বাৰা এই সকলো অভিযোগ অস্বীকাৰ কৰা হৈছিল৷ প্রেছ বিবৃতিযোগে এনটিএই দাবী কৰিছিল যে ফলাফল ঘোষণাৰ পূর্বে পৰীক্ষাৰ অখণ্ডতা বজাই ৰখা হৈছিল৷ পৰীক্ষাৰ ফলাফল ১৪ জুনত ঘোষণা কৰাৰ কথা আছিল যদিও ৪ জুনত সমগ্র দেশবাসী নির্বাচনৰ ফলাফলক লৈ ব্যস্ত থকাত নীটৰ ফলাফল ঘোষণা কৰা হৈছিল৷ সর্বভাৰতীয় প্রতিযোগিতামূলক এই পৰীক্ষাৰ ইতিহাসত প্রথমবাৰৰ বাবে ৬৭গৰাকী প্রার্থীয়ে সম্পূর্ণ নম্বৰ লাভ কৰিছিল৷ প্রথম স্থান লাভ কৰাসকলৰ কেইবাজনো শিক্ষার্থী একেটা কেন্দ্রতে পৰীক্ষা দিয়া বুলিও জানিব পৰা গৈছে৷ পৰীক্ষাৰ নম্বৰ দিয়াৰ পেটার্ন অনুসৰি প্রতিটো সঠিক উত্তৰৰ বাবে +৪ নম্বৰ আৰু প্রতিটো ভুল উত্তৰৰ বাবে ১ নম্বৰ বিয়োগ কৰা হয়৷ কিছুসংখ্যক ছাত্রই মুঠ ৭২০ নম্বৰৰ ভিতৰত ৭১৮ আৰু ৭১৯ নম্বৰ লাভ কৰিছে৷
নীট পৰীক্ষাৰ মার্কিং পদ্ধতিৰ সৈতে এই নম্বৰ লাভ কৰাটো প্রযুক্তিগতভাৱে সম্ভৱ নহয়৷ এনে অসংখ্য প্রশ্ণ আৰু বিতর্ক উদ্ভৱ হোৱাৰ পিছতে ৬ জুনত এনটিএৰ দ্বাৰা প্রকাশ কৰা এক বিবৃতিত কোৱা হয় যে পৰীক্ষা কেন্দ্রসমূহত সময় নষ্ট হোৱা বাবে কিছু পৰীক্ষার্থীক ক্ষতিপূৰণ নম্বৰ (গ্রেচ মার্ক) দিয়া হৈছিল৷ প্রেছ বিবৃতিটোত আৰু দাবী কৰা হয় যে ২০১৮ চনত দিয়া উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰত ভিত্তি কৰি ক্ষতিপূৰণ নম্বৰ প্রদান কৰা হৈছিল৷ নীট–ইউজিত ক্ষতিপূৰণ নম্বৰ প্রদান কৰা বাবে প্রার্থীসকলৰ সংশোধিত নম্বৰ –২০ৰ পৰা ৭২০ পর্যন্ত হয়গৈ৷ তীব্র চাপৰ বাবে এনটিএই সংবাদ মেলযোগে ঘোষণা কৰে যে ক্ষতিপূৰণ নম্বৰ দিয়া প্রায় ১,৫০০ ছাত্র–ছাত্রীৰ ফলাফল পর্যালোচনা কৰাৰ বাবে চাৰিজনীয়া সদস্যৰ এখন সমিতি গঠন কৰা হয়৷ এই সমিতিৰ পৰামর্শ অনুযায়ী এইসকল প্রার্থীৰ হয় গ্রেচ মার্ক বাতিল কৰা হ’ব অথবা তেওঁলোকে পুনৰ পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব৷ এই মুহূর্তত নীট পৰীক্ষাত অনিয়ম হোৱাটো স্পষ্ট হৈ পৰিছে৷ কাৰণ প্রশ্ণকাকত ফাদিল কাণ্ডত ধৃত অভিযুক্তই আৰক্ষীৰ আগত স্বীকাৰ কৰিছে যে নীটৰ প্রশ্ণকাকত ৩০–৩২ লাখ টকাত বিক্রী হৈছিল৷ ঘটনা সম্পর্কত এই পর্যন্ত ১৩জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ইতিমধ্যে নীটৰ অনিয়ম কাণ্ডই দেশৰ সর্বোচ্চ আদালতত চর্চিত হৈছে৷ দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত দাখিল হোৱা গোচৰসমূহত স্থগিতাদেশৰ নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷ অহা ৮ জুলাইত এই গোচৰৰ পৰৱর্তী শুনানি হ’ব৷ সকলো দুর্নীতি আৰু অনিয়ম পর্যবেক্ষণ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰ আৰু এনটিএক জাননী দিছে৷ নীট পৰীক্ষাৰ অনিয়ম সন্দর্ভত এই পর্যন্ত উচ্চতম ন্যায়ালয়ত মুঠ ১৪টা গোচৰৰ শুনানি হৈছে৷ ইয়াৰে ১০টা গোচৰ দাখিল কৰিছে ৪৯গৰাকী শিক্ষার্থী আৰু এটা ছাত্র সংগঠনে৷ অন্য গোচৰসমূহ এনটিএৰ তৰফৰ পৰা দাখিল কৰা হৈছে৷ অৱশ্যে গোচৰৰ শুনানি চলিলেও কাউঞ্চেলিং অব্যাহত ৰখাটো বিচাৰিছে উচ্চতম ন্যায়ালয়ে৷ স্মর্তব্য যে ২০১৩ চনৰ পৰা নীট পৰীক্ষাৰ জৰিয়তে সর্বভাৰতীয় স্তৰত মেডিকেল কলেজত নামভর্তিৰ প্রক্রিয়া আৰম্ভ হয়৷ তাৰ পূর্বে ৰাজ্যৰ ব’ৰ্ডসমূহে পৃথকভাৱে মেডিকেলৰ প্রৱেশিকা পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ কিন্তু বিভিন্ন ব’ৰ্ডৰ আপত্তিৰ বাবে ২০১৪–২০১৫ চনতো এই ব্যৱস্থা আৰম্ভ কৰিব পৰা হোৱা নাছিল৷ ২০১৬ চনত উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি সর্বভাৰতীয় পৰীক্ষাৰ জৰিয়তে নামভর্তি পৰীক্ষা সম্পন্ন হয়৷ অৱশ্যে ২০১৬ চনৰ পৰা নীট পৰীক্ষা কেন্দ্রীয়ভাৱে অনুষ্ঠিত হ’লেও অনিয়মৰ কথা প্রথমবাৰৰ বাবে পোহৰলৈ আহে৷ পৰীক্ষাত সংঘটিত অনিয়মে স্বাভাৱিকতে ছাত্র–ছাত্রীসকলক হতাশ কৰিছে আৰু এই পৰীক্ষা নিকা ৰূপত অনুষ্ঠিত কৰাটো সকলোৱে বিচাৰিছে৷

You might also like