অস্তিত্বৰ সংকটতত বিশ্বনাথ জিলাৰ নাগশংকৰ মন্দিৰৰ কাছ
নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ ঐতিহাসিক নাগশংকৰ মন্দিৰৰ পুখুৰীত থকা কাছ সমূহ এই মন্দিৰৰ অন্যতম আকৰ্ষণ ৷ ৰাজ্যৰ লগতে দেশ বিদেশৰ বিভিন্ন লোক আহে এই কাছ প্ৰতক্ষ্য কৰিবলৈ৷ কিন্তু শেহতীয়াকৈ এই পুখুৰীৰ পানী বিষাক্ত হৈ পৰাৰ বাবে মন্দিৰৰ কাছ সমূহ ৰোগাক্ৰান্ত হৈ পৰিছে ৷ যাৰ বাবে চিন্তিত হৈ পৰে মন্দিৰ পৰিচালনা সমিতি৷ বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত পৰিচালনা সমিতিয়ে যোগাযোগ কৰে বন বিভাগ আৰু লক্ষ্ণৌৰ কাছৰ ওপৰত কাম কৰা এটি বেচৰকাৰী সংস্থাক ৷ সংস্থাটোৱে নাগশংকৰলৈ আহি তৎপৰতাৰে পুখুৰীতোৰ পৰা ৰোগাক্ৰান্ত কাছ সমূহক উদ্ধাৰ কৰি এই কেইদিন চিকিৎসা প্ৰদান কৰি আছে ৷ কাছ থকা পুখুৰীতো সিঁচি বাকো সমূহ খান্দি বৰ্তমান এইদৰেই ৰখা হ’ব ৷ বাৰিষা বৰষুণৰ পানীৰে পুখুৰী ভৰ্ত্তি হোৱাৰ পিছতহে সম্প্ৰতি মন্দিৰ চৌহদৰে আন এটা সৰু পুখুৰীৰ পৰা কাছ সমূহ প্ৰধান পুখুৰীলৈ অনা হ’ব ৷মাংসহাৰি কাছক মন্দিৰ দৰ্শন কৰিবলৈ আহা লোকসকলে মন্দিৰ পৰিচালনা সমিতিৰ বাধা নামানি বিস্কুট,মুৰি,চয়াবিন আদি দিয়াৰ লগতে প্লাষ্টিকৰ বেগ-বটল পুখুৰীত পেলোৱাৰ বাবে পুখুৰীতোৰ পানী বিষাক্ত হৈ কাছৰ জীৱনলৈ ভাবুকি নামি অহা বুলি ব্যক্ত কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে৷
আশাকৰা হৈছে নাগশংকৰৰ কাছ সমূহ চিকিৎসাৰ পিছত সোনকালে সুস্থ হৈ পৰিব ৷