নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সর্বভাৰতীয় পৰীক্ষা কেলেংকাৰি

এটাৰ পিছত এটা সর্বভাৰতীয় পর্যায়ৰ পৰীক্ষামূলক প্রতিযোগিতাত সংঘটিত কেলেংকাৰি আৰু প্রশ্নকাকত ফাদিলৰ ঘটনাত উত্তাল হৈছে সমগ্র দেশ৷ নেচনেল টেষ্টিং এজেঞ্চী (এনটিএ)ৰ পৰিচালনাত অনুষ্ঠিত নেচনেল ইলিজিবিলিটী কাম এণ্ড্রেঞ্চ টেষ্ট (নীট)ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল ৫ মে’ত৷ দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ এমবিবিএছ পাঠ্যক্রমৰ প্রায় ১ লাখ ১০ হাজাৰ আসনৰ বিপৰীতে সর্বভাৰতীয় পৰীক্ষাত অৱতীর্ণ হৈছিল প্রায় ২৪ লাখ মেধাৱী শিক্ষার্থী৷ এই মেধাৱী ছাত্র–ছাত্রীসকলৰ পৰা বাছনি কৰা ৫৫–৬০ হাজাৰ ছাত্র–ছাত্রীয়ে দেশৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহত পঢ়াৰ সুযোগ লাভ কৰে৷ চিকিৎসা সেৱা সম্প্রতি দেশৰ বিশেষ চাহিদাসম্পন্ন কর্মসংস্থাপন৷ ফলত দেশৰ মেধাসম্পন্ন ছাত্র–ছাত্রীসকলৰ বৃহৎসংখ্যকেই চিকিৎসা বৃত্তিত নিয়োজিত হ’বলৈ আগ্রহী৷ অভিভাৱক তথা পিতৃ–মাতৃসকলেও নিজ সন্তানক নীটৰ জৰিয়তে চিকিৎসা পাঠ্যক্রমত নিয়োজিত কৰাৰ প্রচেষ্টা চলায়৷ এনটিএৰ উদ্যোগত অনুষ্ঠিত নীটত এইবাৰ যিদৰে প্রশ্ণকাকত ফাদিল আৰু কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে সেয়া আমাৰ শিক্ষা ব্যৱস্থাৰ বাবেই নহয়, দেশৰ চিকিৎসা সেৱাৰ বাবেও ভয়ানক ঘটনা৷ ৪ জুনত নীটৰ ফলাফল ঘোষণাৰ লগে লগে পৰীক্ষাক লৈ সন্দেহ ঘনীভূত হৈছিল৷ নীটৰ পৰীক্ষাৰ মুঠ নম্বৰ আছিল ৭২০৷ পৰীক্ষাত অৱতীর্ণ ৬৭গৰাকী শিক্ষার্থীয়ে ৭২০ নম্বৰ লাভ কৰা ঘটনাই সন্দেহ সৃষ্টি হৈছিল৷ ইয়াৰে ৬জন শিক্ষার্থী আছিল হাৰিয়ানাৰ জাজৰ কেন্দ্রৰ৷ ভালেসংখ্যক ছাত্র–ছাত্রীয়ে পৰীক্ষাত ৭১৯ নম্বৰ লাভ কৰিছে৷ নীট পৰীক্ষাত প্রতিটো প্রশ্নৰ বিপৰীতে ৪ নম্বৰ আৰু অশুদ্ধ উত্তৰৰ বিপৰীতে ১ নম্বৰ বিয়োগ কৰাৰ ব্যৱস্থা আছিল৷ সেয়ে এনে ফলাফলক লৈ সন্দেহৰ আঙুলি উঠিছিল এনটিএৰ বিৰুদ্ধে৷ মেডিকেল পাঠ্যক্রমৰ নীট পৰীক্ষাত অনিয়মৰ অভিযোগ নতুন কথা নহয়৷ বছৰ বছৰ ধৰি এনে অভিযোগ উত্থাপন হৈ আহিছে৷ বিত্তৱান আৰু প্রভাৱশালী লোকসকলৰ একাংশ সন্তানে এনে অশুভ পন্থাৰ জৰিয়তে চিকিৎসা পাঠ্যক্রমত পঢ়াৰ সুযোগ লাভ কৰাৰ অভিযোগ আছে৷ কিন্তু উপযুক্ত তথ্য-প্রমাণৰ অভাৱত এনে কেলেংকাৰি পোহৰলৈ অহা নাছিল৷ কিন্তু এইবাৰ নীটৰ ভয়াৱহ কেলেংকাৰি দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ তদাৰকত পোহৰলৈ আহিছে৷ ২৩ জুনলৈ এই কেলেংকাৰিত অভিযুক্ত ২০জনৰো অধিক লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ২২ জুনত এনটিএৰ মুৰব্বী সুবোধ কুমাৰ সিঙক বর্খাস্ত কৰি তেওঁৰ ঠাইত কেন্দ্রীয় চৰকাৰে নিয়োগ কৰিছে অৱসৰপ্রাপ্ত আই এ এছ বিষয়া প্রদীপ সিং খাৰোলাক৷ কেন্দ্রীয় চৰকাৰে এনটিএৰ মুৰব্বীজনক বর্খাস্ত কৰা ঘটনাই স্পষ্টভাৱে প্রমাণ কৰে যে কিদৰে এমবিবিএছ পাঠ্যক্রমৰ বাছনিত কেলেংকাৰিৰ তথ্যৰ সত্যতা৷
দেশৰ মেধাৱী শিক্ষার্থীসকলৰ মাজত প্রতিযোগিতামূলক পৰীক্ষাৰ নামত কিদৰে এখন উপঢ়ৌকনৰ বজাৰ চলিছে সেয়া শেহতীয়া নীট কেলেংকাৰিত স্পষ্ট হৈছে৷ উক্ত কেলেংকাৰিত মুখ্য অভিযুক্ত ৰবি অট্টি নামৰ লোকজনক ২২ জুনত উত্তৰ প্রদেশৰ নয়দাৰ পৰা এছ টি এফে গ্রেপ্তাৰ কৰিছে৷ ইয়াৰ পূর্বে বিহাৰ আৰক্ষীয়ে ঝাৰখণ্ডৰ পৰা ছিকন্দৰ যাদৱেন্দ্র নামৰ এজন অভিযুক্তক গ্রেপ্তাৰ কৰিছে৷ যাদৱেন্দ্রৰ স’তে আৰু ছয়জনক গ্রেপ্তাৰ কৰা হৈছে৷ ২১ জুনলৈ গ্রেপ্তাৰ কৰা মুঠ ১৯জন লোকক চলোৱা জেৰাৰ ভিত্তিত এছ টি এফে বহু বিস্ফোৰক তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ‘ছলভাৰ গেং’ৰূপে পৰিচিত নীটকে ধৰি অন্যান্য সর্বভাৰতীয় পৰীক্ষা কেলেংকাৰিত জড়িত বিহাৰৰ অতুল বচ্চ আৰু সঞ্জীৱ মুখীয়াক জেৰা কৰিও বহু তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তদন্তকাৰী সংস্থা৷ পাটনা আৰু নালন্দাত প্রশ্ণকাকত ফাদিৰ স’তে দুয়োজন জড়িত থকাৰ তথ্য আছে বুলি প্রকাশ কৰা হৈছে৷ প্রশ্ণকাকত ফাদিলৰ বিনিময়ত একোজন শিক্ষার্থীৰ পৰা ৩২–৩৫ লাখ টকাকৈ সংগ্রহ কৰাৰ তথ্যও তদন্তকাৰী বিষয়াই লাভ কৰিছে৷ এছটিএফৰ তদন্তত এই কথাও পোহৰলৈ আহিছে যে নীটকে ধৰি অন্যান্য প্রতিযোগিতামূলক পৰীক্ষাতো এই চক্রটোৱে এনে অসাধু পন্থা গ্রহণ কৰি আহিছে৷ প্রশ্নকাকত ফাদিল কৰিব নোৱাৰিলে এই চক্রটোৱে পৰীক্ষাত উত্তীর্ণ কৰোৱাৰ বাবে বিভিন্ন পন্থা গ্রহণ কৰে৷ তাৰ ভিতৰত অ’এমআৰ শ্বীটত বিভিন্ন কৌশল অৱলম্বন আৰু অন্য লোকৰ জৰিয়তে পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰায়৷ নীট পৰীক্ষাৰ এনে ভয়ংকৰ কেলেংকাৰিয়ে দেশজুৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি থকাৰ সময়তে ইউজিচিৰ অধীনস্থ নেট আৰু চিএছআইআৰ নেটক লৈও সন্দেহ ঘনীভূত হৈছে৷ এনটিএৰ পৰিচালনাত ১৮ জুনত অনুষ্ঠিত ইউজিচি নেটৰ পৰীক্ষাও স্থগিত কৰা হৈছে৷ উক্ত পৰীক্ষাৰ জৰিয়তে দেশৰ উচ্চ শিক্ষা প্রতিষ্ঠানসমূহত শিক্ষক নিযুক্তিৰ বাবে প্রয়োজনীয় অর্হতা লাভ কৰে৷ নেট পৰীক্ষাত এইবাৰ দেশৰ ৯ লাখ মেধাৱী ছাত্র–ছাত্রী অৱতীর্ণ হৈছিল৷ নীট আৰু নেটৰ এনে বেমেজালিৰ পিছত অহা ২৫-২৭ জুনত অনুষ্ঠিত হ’ব লগা চিএছআইআৰ নেট পৰীক্ষাক লৈও অনিশ্চয়তা বিৰাজ কৰিছে৷ দেশৰ সর্বভাৰতীয় প্রতিযোগিতামূলক পৰীক্ষাত সংঘটিত কেলেংকাৰিয়ে দেশৰ মেধাৱী ছাত্র–ছাত্রীসকলক মানসিকভাৱে যি বিস্তৰ ক্ষতি কৰিব সেয়া পূৰণ কৰাটো সম্ভৱ নহয়৷ এনে জঘন্য কাণ্ডত জড়িত লোকক দৃষ্টান্তমূলক শাস্তি বিহাৰ লগতে পৰীক্ষা ব্যৱস্থাত থকা আসোঁৱাসমূহ দূৰ কৰিবলৈ চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল আৰু কেলেংকাৰিৰ স’তে জড়িত লোকসকলক কঠোৰ শাস্তি বিহাৰ বাবে লোকসভাত ৰাজহুৱা পৰীক্ষা বিধেয়কখন ৬ ফেব্রুৱাৰীতে গৃহীত হৈছে৷ উক্ত বিধেয়কখন ৯ ফেব্রুৱাৰীত গৃহীত হোৱাৰ পিছত যোৱা ১২ ফেব্রুৱাৰীত ৰাষ্ট্রপতিয়ে অনুমোদন দিছে৷ ২১ জুনৰ পৰা ৰাজহুৱা পৰীক্ষা আইনখন দেশজুৰি বলৱৎ কৰা হৈছে৷ নতুন আইনখনৰ অধীনত সুসংগঠিতভাৱে পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল তথা কেলেংকাৰিত জড়িতসকলক ১০ বছৰপর্যন্ত কাৰাদণ্ড আৰু ১ কোটি টকা জৰিমনা বিহাৰ ব্যৱস্থা আছে৷ এই আইনখনৰ অধীনত দোষীয়ে শীঘ্রে শাস্তি লাভ কৰাটো দেশৰ প্রতিজন বিবেকৱান লোকে কামনা কৰে৷ ইয়াৰ লগে লগে দেশৰ সর্বভাৰতীয় পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে কেন্দ্রীয় চৰকাৰে শেহতীয়াভাৱে গঠন কৰা ইছৰ’ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ড০ কে ৰাধাকৃষ্ণণৰ নেতৃত্বত এখন উচ্চস্তৰীয় সাতজনীয়া কমিটী৷ এই কমিটীখনত আছে এইমছ, দিল্লীৰ প্রাক্তন অধ্যক্ষ ডাঃ ৰণদীপ গুলাৰিয়া, হায়দৰাবাদ কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক বি জে ৰাও, আই আই টি মাদ্রাজৰ প্রফেছৰ অৱ এমেৰিটাছ ৰামমূর্তি কে, কর্মযোগী ভাৰতৰ সহ প্রতিষ্ঠাপক পংকজ বাঞ্চল, আই আই টি, দিল্লীৰ ডীন প্রফেছৰ আদিত্য মিট্টাল আৰু কেন্দ্রীয় শিক্ষা মন্ত্রালয়ৰ যুটীয়া সচিব গোবিন্দ জয়ছোৱাল৷ উচ্চস্তৰীয় কমিটীখনে পৰীক্ষা ব্যৱস্থাত চলি থকা আসোঁৱাহ দূৰ কৰি শীঘ্রে ইয়াৰ সমাধান কৰাৰ বাবে নিশ্চিতভাৱে প্রতিবেদন দাখিল কৰিব৷ কিন্তু এই প্রতিবেদন চৰকাৰ তথা সংশ্লিষ্ট বিভাগে কার্যকৰীকৰণৰ ওপৰত নির্ভৰ কৰিব দেশৰ সর্বভাৰতীয় পৰীক্ষাৰ পৱিত্রতাৰ লগতে দেশৰ ছাত্র-ছাত্রীসকলৰ ভৱিষ্যৎ৷

You might also like