সম্পাদকীয় : বানমুক্ত গুৱাহাটীৰ স্বপ্ন
বিকাশৰ এটা বিকৃত ৰূপ হৈছে কৃত্রিম বান৷ বিকাশে মানুহৰ জীৱন সহজ কৰি তোলাৰ সমান্তৰালকৈ নমাই আনিছে বিপর্যয়ো৷ ব্যৱসায়,বাণিজ্য, চাকৰিকে ধৰি বিভিন্ন ক্ষেত্রত বিকাশৰ হাতত ধৰিয়েই সুযোগ আৰু সম্ভাৱনাৰ নতুন নতুন পথ মুকলি হয়৷ ইয়ে মানুহৰ জীৱনক ক’ৰবাৰ পৰা ক’ৰবালৈ যায়৷ লগতে জীৱন যাপনৰ ন ন আৰু উন্নত সা–সুবিধাৰে সমৃদ্ধ হ’বলৈ ধৰে৷ ৰাস্তা–ঘাট, অফিচ–কার্যালয়, বাণিজ্যিক কেন্দ্র আদি নির্মাণ হ’বলৈ ধৰে৷ এইবোৰে একোটা অনুন্নত অঞ্চলক নগৰ–মহানগৰলৈ উন্নীত কৰে৷ কিন্তু সংকটৰ বাটো মুকলি কৰে৷ আজি ভাৰতবর্ষত এনে এখন মহানগৰ পোৱা নাযাব, যাক কৃত্রিম বানে দুখ দিয়া নাই অথবা জনসাধাৰণৰ জীৱনলৈ বিপর্যয় নমাই নানে৷ তাৰে মাজতে যিকেইখন মহানগৰক আৰম্ভণিৰ পৰাই পৰিকল্পিতভাৱে বিকাশৰ সেন্দূৰীয়া পথটোলৈ আগবঢ়াই নিয়া হৈছে, তাত কৃত্রিম বানৰ সংহাৰ নাই নতুবা কম৷ গুৱাহাটী তেনে মহানগৰৰ শাৰীত নপৰে৷ গুৱাহাটীৰ বিকাশৰ সৈতে পৰিকল্পনাৰ সম্পর্ক আৰম্ভণিৰ পৰাই নাছিল৷ এতিয়া সেই ভুল শুধৰণিৰ পথ ইমানেই কঠিন পর্যায় এটালৈ গুচি গ’ল যে প্রকৃতার্থত মহানগৰখনক কৃত্রিম বানৰ পৰা মুক্ত কৰাটো কোনো এখন চৰকাৰবা কর্তৃপক্ষৰ বাবে সহজ নহ’ব৷ ৰাজনৈতিক ইচ্ছাশক্তি লাগিব প্রবল৷ লাগিব উন্নত প্রযুক্তিৰ ব্যৱহাৰ৷ তদুপৰি লাগিব মহানগৰীৰবাসিন্দাৰ অকৃত্রিম সহযোগিতা৷
গুৱাহাটীয়ে বিকাশৰ যাত্রাটো আৰম্ভ কৰা সময়ত আজিৰ দৰে বাট–পথ, অট্টালিকা আদিৰ বিশাল জালখন গঢ় লৈ উঠা নাছিল৷ ই এদিনতে হোৱাও নাছিল৷ তেতিয়াও গুৱাহাটীত প্রবলবৃষ্টিপাত অথবা অতিবৃষ্টি হৈছিল৷ চৰকাৰ, কর্তৃপক্ষই তেতিয়া কথাবোৰ দকৈ ভাবি নাচালে৷ চানমাৰিৰ পৰা গণেশগুৰিলৈকে বৰফ ফেক্টৰী আৰু চিৰিয়াখানালৰ বাহিৰে মাজৰখিনিত পথৰ দুয়ো দাঁতিত আছিল মাথোঁ জলাশয়৷ গণেশগুৰিৰ পৰা আজিৰ হাতীগাঁও, জটিয়া, কাহিলিপাৰা, বেতকুছি, গডচুক বুলিবলৈ উন্মুক্ত পথাৰহে আছিল৷ নাৰেংগীৰ বৰবাৰীৰ পৰা চচল হৈ ছয়মাইললৈকে ভিআইপি পথ নির্মাণ হ’ল৷ আগেয়ে খেতিপথাৰ আছিল৷ ডাউন টাউনৰ পিছফালেও আছিল জলাশয়৷ কামাখ্যা ৰে’ল ষ্টেচনৰ পিছফালেও আছিল বিশাল জলাশয়৷ অকল সেয়াই নহয়, সমগ্র গুৱাহাটী আছিল জলাশয়, খেতিপথাৰেৰে ভৰা এটা অনুপম অঞ্চল৷ তদুপৰি নৈকেইখন আছেই৷ শিলসাঁকোৰ কথা কোনে পাহৰিব পাৰে৷ মুঠতে অতিবৃষ্টিয়েই হওক বা আন কিবা, পানী ধৰি ৰাখিব পৰাকৈ গুৱাহাটী এসময়ত সমৃদ্ধ আছিল৷ আজি গুৱাহাটীক সেইদিনলৈ ওভতাই নিব নোৱাৰিবা নিয়াৰ চিন্তা মুর্খয়ো নকৰে৷ কিন্তু বৰষুণৰ পানীখিনি ওলাই যোৱাৰ বাটবোৰ পুনৰ মুকলি কৰিবই লাগিব৷ ওলাই যোৱা পানীখিনিক ধৰি ৰাখিব পৰা জলাশয়সমূহক পুনৰ প্রাণ দিব লাগিব৷ নলা–নর্দমা বহল নহ’লে এক–দুই ঘণ্টাৰ মুষলধাৰ বৰষুণতে গুৱাহাটীলৈ বিপর্যয় নামিব৷ নৈৰ পৰা ক্রমশঃ জুৰি আৰু নলাৰ ৰূপলৈ চালেবুকু কঁপি উঠা নৈকেইখনক ছন্দ ঘূৰাই দিয়াৰ ব্যৱস্থা নহ’লে গুৱাহাটীৰ পানী কোনে বুকুত সামৰি উলিয়াই লৈ যাব৷ বান হ’বই৷ মানুহৰ জীৱন কষ্টৰ মাজলৈ গুচি যাবই৷ নলা–নর্দমাক ডাষ্টবিন বুলি ভবাৰ মানসিকতা এৰিবই লাগিব৷ তেতিয়াহে কৃত্রিম বানৰ অভিশাপৰ পৰা গুৱাহাটীৰ জীৱন কিছু মুক্ত হ’ব৷ বানমুক্ত গুৱাহাটীৰ বাবে বহু কাম কৰিব লাগিব৷