সম্পাদকীয় : বান আৰু খহনীয়া সমস্যা
বাৰিষাৰ সময়ত বানৰ বিভীষিকা অসমবাসীৰ বাবে নতুন বিষয় নহয়৷ দশক দশক ধৰি ৰাজ্যবাসীয়ে বানত বিপর্যস্ত হৈছে৷ চলিত বর্ষাকালৰ প্রথমটো বানত ৰাজ্যখনৰ ২১খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে৷ চৰকাৰী তথ্য অনুসৰি চলিত বানত মৃত্যু হৈছে ৯১জন লোকৰ৷ বানত ঘৰচীয়া আৰু বন্য জীৱ–জন্তু সীমাহীন দুর্যোগৰ সন্মুখীন হৈছে৷ অসংখ্য জীৱ–জন্তুৰ মৃত্যু হৈছে৷ প্রলয়ংকৰী বানত ৰাজ্যৰ ৬৫টা ৰাজহ চক্রৰ ১,৭০৫খন গাঁও প্লাৱিত হৈছে৷ বানত ক্ষতিগ্রস্তসকলৰ বাবে প্রশাসনে স্থাপন কৰা ২২১টা আশ্রয় শিবিৰত প্রায় ৪০ হাজাৰ লোক এতিয়াও আবদ্ধ হৈ আছে৷ বানত ৩০ হাজাৰ হেক্টৰ কৃষিভূমি প্লাৱিত হোৱাৰ ফলত খেতিপথাৰ উছন হৈছে৷ নতুনকৈ খেতি কৰাৰ বাবে কেতিয়া বানৰ প্রকোপ হ্রাস হ’ব তাক লৈ কৃষকসকল চিন্তিত হৈছে৷ বুজনসংখ্যক কৃষিভূমি বালিময় হৈ পৰাৰ ফলত উপায়হীন হৈছে কৃষকসকল৷ বানৰ এনে দুর্যোগ প্রতি বছৰে হয়৷ প্রতি বছৰে এইদৰে ৰাজ্যখনত বহুসংখ্যক লোকৰ মৃত্যু হয়, কৃষিপথাৰ উছন হয়, ঘৰ–বাৰী ক্ষতিগ্রস্ত হয়৷ ২০১২ চনৰ প্রলয়ংকৰী বানত ১২৪গৰাকী লোকৰ মৃত্যু হৈছিল আৰু গৃহহীন হৈছিল ৬ নিযুত লোক৷ একেদৰে ১৫ চনৰ বানত ৪২গৰাকী লোকৰ মৃত্যুৰ লগতে প্রায় ১৭ লাখ লোক ক্ষতিগ্রস্ত হৈছিল৷ ২০১৬ চনৰ বানত ৩৬গৰাকী, ২০১৭ চনত ১৬০গৰাকী, ২০১৮ত ৫৩গৰাকী, ২০১৯ত ১০৩গৰাকী, ২০২০ত ১৫০গৰাকী, ২০২১ত ৪২গৰাকী, ২০২২ত ১৮১গৰাকী, ২০২৩ত ২৪গৰাকী লোকৰ মৃত্যু হৈছিল৷ অসমৰ বান সমস্যাৰ মূল কাৰক হ’ল ব্রহ্মপুত্র আৰু বৰাক নৈৰ স’তে সংযুক্ত হৈ থকা নৈ–উপনৈসমূহৰ বাঢ়নী পানী৷ বানৰ প্রকোপ কিমান হ’ব পাৰে সেয়া ঘাইকৈ নিৰূপণ কৰে প্রকৃতি আৰু পাৰিপার্শ্বিক পৰিৱেশৰ ওপৰত৷ চুবুৰীয়া ভূটান আৰু চুবুৰীয়া ৰাজ্যসমূহত বৰষুণৰ পৰিমাণ বৃদ্ধি হ’লেই ৰাজ্যখনৰ ডেৰ শতাধিক নৈ–উপনৈৰ পানী উপচি পৰে৷ বাঢ়নী পানীৰ প্রাবল্যই নৈপৰীয়া অঞ্চলকে ধৰি বিস্তীর্ণ অঞ্চল প্লাৱিত কৰি তোলে৷ ফলত অসমৰ বান সমস্যা মাথোঁ ৰাজ্যখনৰ সমস্যাৰূপে অভিহিত কৰা উচিত নহ’ব৷ ভূটান অথবা চুবুৰীয়া ৰাজ্যসমূহৰ বাঢ়নী পানী অসমৰ নৈ–উপনৈসমূহেৰে বৈ যোৱাহেতুকে এনে গুৰুতৰ সমস্যা সমাধান কৰিবলৈ হ’লে সংশ্লিষ্ট চুবুৰীয়া দেশ আৰু ৰাজ্যসমূহৰ সহযোগ অতিকৈ জৰুৰী৷ কিন্তু বান সমস্যাৰ স্থায়ী সমাধান ইমান সহজসাধ্যও নহয়৷ কিন্তু বানৰ প্রাবল্য আৰু ক্ষয়–ক্ষতিৰ পৰিমাণ হ্রাস কৰিবলৈ হ’লে ব্রহ্মপুত্র আৰু বৰাককে ধৰি ৰাজ্যখনৰ নৈসমূহৰ বাৰিষা কালৰ গতিবিধি আৰু পানী বহন কৰিব পৰা ক্ষমতাৰ এক গভীৰ গৱেষণাৰ প্রয়োজন আছে৷
অসমত বর্ষাকালত প্রতি বছৰে বান হয়৷ সাধাৰণতে তিনিটা পর্যায়ত এই বানৰ বিভীষিকা হয় যদিও কোনটো বছৰত চাৰিটা পর্যায়ত এনে বানে অসমবাসীলৈ বিভীষিকা নমাই আনে৷ চলিত বছৰত প্রথম পর্যায়ৰ বানত ধন–জনৰ ক্ষতিৰ জোখাৰে এইটো বানক প্রলয়ংকৰী আখ্যা দিব পাৰি৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত ৰাজ্যখনে কেইবাটাও প্রলয়ংকৰী বানৰ সন্মুখীন হৈছে৷ ৰাজ্যখনত ১৯৫৪, ১৯৬২, ১৯৭২, ১৯৮৪, ১৯৮৮, ২০০২, ২০০৪, ২০১২, ২০১৫, ২০১৯, ২০২০ আৰু ২০২২ চনৰ বানৰ বিভীষিকা অধিক আছিল৷ ৰাজ্যখনৰ বানৰ পিছতে আৰম্ভ হ’ব নৈ–উপনৈসমূহৰ খহনীয়া৷ ফলত প্রতি বছৰে খহনীয়াত উছন হয় নৈপৰীয়া অঞ্চলত বাস কৰা লোকসকলৰ ঘৰ–বাৰী আৰু খেতিপথাৰ৷ ৰাজ্যখনৰ বান আৰু খহনীয়া সমস্যাৰ সমাধানৰ বাবে ১৯৮০ত সংসদত গৃহীত বিধেয়কৰ আধাৰত গঠিত হৈছিল ব্রহ্মপুত্র ব’ড৷ কিন্তু বিগত চাৰি দশকৰো অধিক সময়ছোৱাত ব্রহ্মপুত্র ব’র্ডে গ্রহণ কৰা পদক্ষেপ ফলপ্রসূ হোৱা নাই৷ বান আৰু খহনীয়াৰ সমস্যা সমাধানৰ বাবে কেন্দ্রীয় চৰকাৰে যোগান ধৰা পুঁজিৰে বিজ্ঞানসন্মতভাৱে আঁচনিসমূহ ৰূপায়ণ নোহোৱাৰ অভিযোগ উঠিছে৷ বান সমস্যাৰ পৰা অসমবাসীয়ে কোনো কালে মুক্তি লাভ কৰিবলৈ আশা কৰিব নোৱাৰি৷ কিন্তু বানৰ প্রাবল্য হ্রাস কৰাৰ বাবে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে কেতবোৰ বিজ্ঞানসন্মত ব্যৱস্থাৰ অধীনত দীর্ঘম্যাদী আঁচনি গ্রহণ কৰিব লাগিব৷ বিশেষকৈ ৰাজ্যখনৰ মূল উপনৈসমূহ খননৰ ক্ষেত্রত দীর্ঘম্যাদি আঁচনি গ্রহণ নকৰাৰ ফলত নৈসমূহ বাম হৈছে৷ নৈসমূহৰ তুলনাত নৈপৰীয়া অঞ্চলসমূহ বহু তলত আছে৷ মথাউৰি নির্মাণৰ জৰিয়তে নৈসমূহৰ বাঢ়নী পানীক বাধা দিয়াৰ চেষ্টা চলালেও এনে পদক্ষেপ ফলৱতী নহয়৷ কিয়নো কেইবাদশক পূর্বে নির্মাণ কৰা মথাউৰিসমূহৰ অধিকাংশৰে আয়ুস উকলি গৈছে৷ পুৰণি মথাউৰিসমূহ মেৰামতিৰ অভাৱত এন্দুৰৰ আৱাস স্থানত পৰিণত হৈছে৷ বাৰিষাৰ বাঢ়নী পানীয়ে এনে মথাউৰিত বিপদৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনৰ কেইবাটাও নৈৰ মথাউৰিক ৰাজপথৰূপে নির্মাণ কৰিছে৷ এনে পদক্ষেপ পর্যায়ক্রমে অন্যান্য মথাউৰিসমূহত গ্রহণ কৰিলে বাঢ়নী পানীয়ে মথাউৰি ভাঙি সৃষ্টি কৰা প্রলয় হ্রাস হ’ব বুলি আশা কৰিব পাৰি৷ কিন্তু ইয়াৰ লগে লগে বাম হৈ উঠা নৈসমূহ বিজ্ঞানসন্মতভাৱে খননত অধিক গুৰুত্ব প্রদান কৰিলেহে বান আৰু খহনীয়া সমস্যাৰ সমাধানৰ পথ প্রশস্ত হ’ব৷