আগন্তুক শ্ৰীলংকাৰে এদিনীয়া শৃংখলাত খেলিব ৰোহিত শৰ্মাই
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুলাইঃ ২৭ জুলাইৰ পৰা শ্ৰীলংকাত তিনিখন মেচৰ টি-২০ শৃংখলা আৰু একেসংখ্যক এদিনীয়া শৃংখলা খেলিব লাগিব টীম ইণ্ডিয়াই। কিন্তু বিচিচিআইয়ে এই ভ্ৰমণৰ বাবে দলৰ কথা এতিয়াও ঘোষণা কৰা নাই। ভাৰতৰ পৰৱৰ্তী টি-২০ অধিনায়কক লৈও এক দ্বিধাদ্বন্দ্বৰ সৃষ্টি হৈছে। ইফালে খবৰ আহিছে যে ৰোহিত শৰ্মাই নতুন মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ পৰামৰ্শ গ্ৰহণ কৰি শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অধিনায়ক হ’ব। প্ৰতিবেদন অনুসৰি এতিয়া নিশ্চিত হৈছে যে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ৰোহিত শৰ্মা উপলব্ধ হ’ব। অৱশ্যে ইয়াৰ পূর্বে বহু বাতৰিয়ে দাবী কৰিছিল যে ৰোহিত শর্মাই একেৰাহে ছমাহ ক্ৰিকেট খেলাৰ বাবে শ্ৰীলংকাত এদিনীয়া শৃংখলাত খেলিব নোৱাৰিব। আনকি খবৰ আহিল যে শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাত কে এল ৰাহুলে টীম ইণ্ডিয়াৰ নেতৃত্ব ল’ব। হিন্দুস্তান টাইমছে নিজৰ প্ৰতিবেদনত নিশ্চিত কৰিছে যে শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাত ৰোহিত শৰ্মাই টীম ইণ্ডিয়াৰ অধিনায়ক হ’ব। ইয়াৰ পূৰ্বে বি চি চি আইৰ সম্পাদক জয় শ্বাহে নিশ্চিত কৰিছে যে ভাৰতীয় দলটোৱে ৰোহিত শৰ্মাৰ অধিনায়কত্বত আই চি চি ২০২৫ চেম্পিয়নছ ট্ৰফীতো খেলিব। লগতে বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহক লৈ এক আপডেট। প্ৰতিবেদন অনুসৰি এই দুয়োগৰাকী তাৰকা খেলুৱৈয়ে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলিব নোৱাৰিব। প্ৰতিবেদন অনুসৰি শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত বিৰাট কোহলী আৰু বুমৰাহক জিৰণি দিয়া হ’ব। উল্লেখ্য যে শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন খেলৰ টি-২০ শৃংখলা আৰু তিনিখন এদিনীয়া শৃংখলাৰ বাবে আজি ঘোষণা কৰিব পাৰে ভাৰতীয় দল। মুখ্য নিৰ্বাচক অজিত আগাৰকাৰ আৰু সম্পাদক জয় শ্বাহৰ সৈতে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে বাছনি সভাত ভাগ ল’ব। প্ৰতিবেদন অনুসৰি সূৰ্যকুমাৰ যাদৱে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত টীম ইণ্ডিয়াৰ দায়িত্ব ল’ব পাৰে। আনহাতে হাৰ্দিক পাণ্ডিয়াই কেৱল টি-২০ ছিৰিজহে খেলিব। ব্যক্তিগত কাৰণত তেওঁ এদিনীয়া শৃংখলাৰ পৰা বিৰতি বিচাৰিছে।