খিলঞ্জীয়াৰ সুৰক্ষাৰ প্রশ্ন
‘২০৪১ চনত মুছলমানপ্রধান ৰাজ্যত পৰিণত হ’ব অসম৷’ বর্ধিত জনসংখ্যাৰে আমাৰ দেশখনে বিশ্ব অভিলেখ গঢ়াৰ সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১৯ জুলাইত এইদৰে বিস্ফোৰণ ঘটাইছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ এনে মন্তব্য আৰু আশংকাৰ ঐতিহাসিক ভিত্তি আছে৷ দশক দশক ধৰি চুবুৰীয়া বাংলাদেশৰ পৰা চলি থকা অনুপ্রৱেশ আৰু অত্যধিক জন্মহাৰৰ বাবে অসমত ইছলামধর্মী লোকৰ সংখ্যা বৃদ্ধি হৈছে৷ মুছলমান জনসংখ্যা বৃদ্ধিৰ এনে অস্বাভাৱিক হাৰে ৰাজ্যখনৰ জনগাঁথনি সলনি কৰাই নহয়, খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ জীৱন–জীৱিকা আৰু সুৰক্ষাৰ প্রতিও তীব্র ভাবুকি নমাই আনিছে৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্রী হোৱা হেতুকে ড০ শর্মাৰ এনে আশংকাক বহুতে ৰাজনৈতিক দৃষ্টিৰে চালেও এনে শংকা অমূলক নহয়৷ ১৯০১ চনত অসমৰ মুঠ জনসংখ্যাৰ হিন্দু আছিল ৯০.০২ শতাংশ আৰু মুছলমান আছিল ৯.৫০ শতাংশ৷ ১৯৫১ত লোকপিয়লত অসমত হিন্দুৰ সংখ্যা ৭২.০১ শতাংশলৈ হ্রাস পোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা বৃদ্ধি হৈছিল ২৪.৬৮ শতাংশলৈ৷ ১৯৬১ত হিন্দুৰ জনসংখ্যা ৭১.৩৭ শতাংশৰ বিপৰীতে মুছলমানৰ জনসংখ্যা ২৫.৩৫ শতাংশ আছিল৷ ১৯৭১ৰ লোকপিয়লত হিন্দু জনসংখ্যা সামান্য পৰিমাণে বৃদ্ধি হৈ ৭২.৫১ শতাংশ হৈছিল আৰু মুছলমান জনসংখ্যা আছিল ২৪.৫৬ শতাংশ৷ কিন্তু ৮০ দশকৰ পৰা ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ জীৱন আৰু জীৱিকাৰ প্রতি ভয়াৱহ বিপদ নমাই আনিছে বাংলাদেশী মূলৰ মুছলমানসকলে৷ ১৯৯১ৰ লোকপিয়লত অসমৰ হিন্দু জনসংখ্যাৰ ৭২.৫১ শতাংশৰ পৰা ৬৭.১৩ শতাংশলৈ হ্রাস হোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা ২৪.৫৬ শতাংশৰ পৰা ২৮.৪৩ শতাংশলৈ বৃদ্ধি হৈছে৷ ২০০১ৰ লোকপিয়লতো এনে ভয়াৱহ ধাৰা অব্যাহত আছিল৷ ২০০১ত ৰাজ্যখনৰ হিন্দু জনসংখ্যা ৬৪.৮৯ শতাংশলৈ হ্রাস পোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা বৃদ্ধি হৈছিল ৩০.৯২ শতাংশ৷ অসমৰ শেষ লোকপিয়ল হৈছিল ২০১১ চনত৷ শেহতীয়া লোকপিয়লত ৰাজ্যখনৰ হিন্দু জনসংখ্যা হ্রাস হৈছে ৬১.৪৬ শতাংশলৈ আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈছে ৩৪.২২ শতাংশলৈ৷ ১৯০১ চনৰ পৰা ২০০১লৈ লোকপিয়লৰ তথ্যত এই তথ্য স্পষ্ট হৈছে যে বিগত ১১০ দহ বছৰত অসমত হিন্দু জনসংখ্যা ৯০.০২ শতাংশৰ পৰা ৬১.৪৬ শতাংশলৈ হ্রাস হৈছে আৰু মুছলমান জনসংখ্যা ১০.০২ শতাংশৰ পৰা ৩৪.২২ শতাংশলৈ বৃদ্ধি হৈছে৷ বিগত ১৩ বছৰে লোকপিয়লৰ তথ্য প্রকাশ হোৱা নাই৷ কিন্তু অসমৰ জনসংখ্যা বৃদ্ধিৰ যি ধাৰা অব্যাহত আছে, তাৰ পৰা অনুমান কৰিব পাৰি যে শেহতীয়া লোকপিয়লৰ তথ্য প্রকাশ পালে অসমৰ হিন্দু লোকৰ সংখ্যা আৰু অধিক হ্রাস হোৱাৰ বিপৰীতে মুছলমানৰ জনসংখ্যা ৩৮ শতাংশৰ অধিক হোৱাৰ আশংকা আছে৷
জনসংখ্যা বৃদ্ধিৰ অস্বাভাৱিক হাৰ অতিকৈ বিপজ্জনক৷ অসমখন খিলঞ্জীয়া ভূমিপুত্রসকলৰ ৰাজ্য৷ প্রাকৃতিক সম্পদ আৰু কৃষি উপযোগী উর্ব্বৰ ভূমিৰে অসমে দেশৰ ভিতৰতে ৰাজ্যখনৰ অর্থনৈতিক বুনিয়াদ শক্তিশালী কৰিবলৈ সক্ষম হৈছিল৷ দেশে স্বাধীনতা লাভ কৰাৰ পূর্বে ৰাষ্ট্রীয় হাৰতকৈও অসমৰ জিডিপি অধিক আছিল৷ কিন্তু স্বৰাজোত্তৰ কালছোৱাত অসমৰ অর্থনৈতিক অৱস্থাৰ অৱনতি হৈছে৷ ইয়াৰ অন্যান্য বহু কাৰক থাকিলেও চুবুৰীয়া বাংলাদেশৰ অনুপ্রৱেশৰ সমস্যাও অন্যতম৷ বাংলাদেশীৰ অনুপ্রৱেশ আৰু জনসংখ্যা বৃদ্ধিৰ ফলত অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ বাবে জীৱন-মৰণৰ সমস্যা হৈছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই আশংকা কৰিছে৷ মুখ্যমন্ত্রীগৰাকীৰ এনে আশংকা অমূলক নহয়৷ অনুপ্রৱেশকাৰীয়ে সৃষ্টি কৰা জটিল পৰিস্থিতি ৰাজ্যখনৰ প্রতিজন খিলঞ্জীয়া লোকে মর্মে মর্মে উপলব্ধি কৰিছে৷ ৰাজ্যখনৰ পৰা অবৈধ বিদেশী লোকক খেদি পঠিওৱাৰ বাবে চাৰি দশক পূর্বে অসমবাসীয়ে ছবছৰজোৰা আন্দোলন কৰিছিল আৰু ৮৫৫গৰাকী শ্বহীদ হৈছিল৷ বিদেশী বহিষ্কৰণৰ দাবীত দেশৰ কোনো এখন ৰাজ্যত এনে গণ আন্দোলনৰ নজিৰ নাই৷ কিন্তু ভোটবেংকৰ ৰাজনীতিৰ বাবেই বিদেশী সমস্যা সমাধানৰ পথ এতিয়াও প্রশস্ত হোৱা নাই৷ বাংলাদেশী মূলৰ জনসংখ্যা বৃদ্ধিৰ অবাধ গতি যিকোনো প্রকাৰে প্রতিহত কৰিবই লাগিব৷ এইক্ষেত্রত ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলে ঐক্যবদ্ধ হ’বই লাগিব৷ অনুপ্রৱেশকাৰীয়ে ইতিমধ্যে বিগত তিনিটা দশকৰ ভিতৰত অসমৰ বিস্তীর্ণ অঞ্চলত খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন কৰি তুলিছে৷ ১৯৯১ত বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্রত হিন্দু লোকৰ সংখ্যা আছিল ৩,১৮৬গৰাকী৷ ২০০১ত হিন্দুৰ সংখ্যা ১,৫১৬গৰাকী আৰু ২০১১ত ১,৩৯২গৰাকীলৈ হ্রাস হয়৷ ইয়াৰ বিপৰীতে কলগাছিয়াত ১৯৯১ত মুছলমান জনসংখ্যা ১,২১,৪৩১গৰাকী, ২০০১ত ১,৪৬,৫১৬ আৰু ২০২১ত ১,৯৫,৪৫৬জন হৈছে৷ একেদৰে ১৯৯১ত বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্রত হিন্দু জনসংখ্যা ১৪,১১২গৰাকীৰ পৰা ২০১১ত ১০,৭৮৯গৰাকীলৈ হ্রাস হৈছে৷ ইয়াৰ বিপৰীতে ৰাজহ চক্রটোত এই সময়ছোৱাত মুছলমান জনসংখ্যা বৃদ্ধি হৈছে ২,৩১,২৪২গৰাকীৰ পৰা ২,৯৪,৯৯৩গৰাকীলৈ৷ দৰং জিলাৰ দলগাঁও ৰাজহ চক্রত ১৯৯১ত হিন্দু জনসংখ্যা ৫৩,৬৮৭গৰাকীৰ পৰা ২০১১ত ৫৩,০৫৬গৰাকীহে হৈছে৷ ইয়াৰ বিপৰীতে ৰাজহ চক্রটোত মুছলমান জনসংখ্যা ১,৫৪,১৭৯গৰাকীৰ পৰা বৃদ্ধি হৈ ৪,১৮,০১২গৰাকী হৈছে৷ কামৰূপ জিলাৰ ছমৰীয়াতো জনসংখ্যা বৃদ্ধিৰ অস্বাভাৱিক ছবি এখন লোকপিয়লৰ তথ্যত স্পষ্ট হৈছে৷ ছমৰীয়াত ১৯৯১ত হিন্দু জনসংখ্যা ১৩,৮৪৮ গৰাকীৰ পৰা ২০১১ত ১৯,৭৬৭গৰাকীলৈ বৃদ্ধি হোৱাৰ বিপৰীতে এই সময়ছোৱাত মুছলমান জনসংখ্যা বৃদ্ধি হৈছে ৬২,৯৩৩গৰাকীৰ পৰা ১,০৬,৭০৬গৰাকীলৈ৷ মুছলমান জনসংখ্যা বৃদ্ধিৰ এনে ঊর্ধ্বগতিয়ে অসমৰ খিলঞ্জীয়া ভাষা–সংস্কৃতিলৈও অশনি সংকেত নমাইছে৷ ১৯৯১ত কলগাছিয়াত অসমীয়াভাষী লোকৰ সংখ্যা আছিল ৬৮,৯৮২গৰাকী৷ ২০১১ত অসমীয়াভাষীৰ সংখ্যা ৫৬,৩৬৩গৰাকীলৈ হ্রাস হৈছে৷ বিপৰীতে এই সময়ছোৱাত বাংলাভাষী লোকৰ সংখ্যা ৫৫,৫৩৯গৰাকীৰ পৰা ১,৩৯,১৭৮গৰাকীলৈ বৃদ্ধি হৈছে৷ বাঘবৰত ১৯৯১ত অসমীয়াভাষী লোকৰ সংখ্যা ১,৩৩,৪৪৯গৰাকীৰ পৰা ২০১১ত ১৫,৭২৮গৰাকীলৈ হ্রাস পোৱাৰ বিপৰীতে বাংলাভাষী লোকৰ সংখ্যা ১,১১,৪৪১গৰাকীৰ পৰা ২,৯০,১৫৮গৰাকীলৈ বৃদ্ধি হৈছে৷ জনসংখ্যা বৃদ্ধিৰ এনে অস্বাভাৱিক গতি ৰোধ কৰিবলৈ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহে সক্রিয় ভূমিকা গ্রহণ কৰিবই লাগিব৷ অসমৰ ভূমিপুত্রসকলক সুৰক্ষা প্রদান কৰাটো চৰকাৰেও গুৰুত্বসহকাৰে গ্রহণ কৰিব লাগিব৷