আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মুকলি আহ্বান
- পদ্ম পেগু
ভাৰতবর্ষ স্বাধীন হোৱাৰে পৰা বৰ অসমত বসবাস কৰা সকলো জাতিয়েই নিজৰ নিজৰ ভাষা–সংস্কৃতিৰ কাৰণে চৰকাৰৰ লগত সংগ্রাম কৰিব লগা হৈছে৷ নিজ মাতৃভূমিৰ অৰাজনৈতিক দল–সংগঠনসমূহ চিঞৰত অসমৰ প্রত্যেকজন অসমীয়াই সাৰ পাই উঠে৷ ভাৰত স্বাধীন হোৱাৰ পাছত প্রথম ভাষা আন্দোলন, তাৰ পাছত আহিল বিদেশী বিতাড়নৰ আন্দোলন৷ ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ সুদীর্ঘ ছয় বছৰ কাল ছাত্র সংগঠনৰ লগতে বিভিন্ন দল–সংগঠনৰ সহযোগত বিদেশী বিতাড়নৰ আন্দোলন চলিল৷ আঠশজন সংগ্রামী সদস্য শ্বহীদ হ’ল, সহস্রজন ঘুণীয়া হ’ল৷ অৱশেষত ১৯৮৫ চনত বিদেশী বিতাড়নৰ দলিল অসম চুক্তি হ’ল৷ আন্দোলনৰ নেতৃত্ব বহন কৰা ছাত্র নেতা আৰু সংগ্রাম পৰিষদে মিলি অসম গণ পৰিষদ দল গঠন কৰি চৰকাৰ চলালে৷ বিদেশী এজনো খেদিব নোৱাৰিলে ৷
আন্দোলনৰ সেই সময়ত অসমখনক ভাৰত ৰাষ্ট্রৰ পৰা স্বাধীন কৰাৰ সপোন ৰচনা কৰি ১৯৭৯ চনত আলফা নামৰ বিদ্রোহী দলৰ জন্ম হ’ল৷ সেই সশস্ত্র বিদ্রোহী সংগঠন আলফাই সহজলভ্য ধন গোটোৱাৰ কৌশল হিচাপে অপহৰণ, তাৰ পাছত বুজন পৰিমাণৰ ধন দাবী কৰা, অন্যথা মাৰি পেলোৱা, নিৰীহ লোকৰ মাজত গ্রেনেড ফুটাই মানুহ হত্যা কৰি আতংকৰ সৃষ্টি কৰাই হ’ল সেই সংগঠনৰ লক্ষ্য আৰু উদ্দেশ্য৷ আপুনি সেই সংগঠনৰ জন্মলগ্ণৰ পৰাই সেনাপ্রধান হৈ আছে৷ বর্তমান আপোনাৰ বয়স হৈছে৷ ডেকা বয়সত আপোনাৰ–মোৰ তেজ গৰম আছিল৷ বয়স হোৱাৰ লগে লগে গৰম তেজ ঠাণ্ডা হৈ পৰে৷
দ্বিতীয়তে এটা সময়ত সন্ত্রাস সৃষ্টি কৰা আপোনাৰ কমৰেডসকল বহুতে পিতৃ–মাতৃৰ বুকু উদং কৰি এই পৃথিৱীৰ পৰা বিদায় মাগিলে আৰু আপোনাৰ সহযোগী সভাপতি, সম্পাদক আৰু বিত্ত সচিবকে ধৰি বহুতে অস্ত্র সম্বৰণ কৰি জংগল এৰি মুকলি আকাশৰ তলত, মানুহৰ মাজত আৰু কোনোজনে জনতাৰ প্রতিনিধি হৈ কাম কৰিছে৷ অৰবিন্দ ৰাজখোৱা, নৱ শৰণীয়া, জিতেন দত্ত, শশ চৌধুৰীৰ নিচিনা বিয়াগোম আলফা নেতাই অর্থাৎ একালৰ আপোনাৰ সংগ্রামী কমৰেড আজি জনতাৰ মাজত৷ অসমৰ সকলো বিপদকালীন সময়ত অসমীয়া জাতিটোৰ হৈ মাত মাতি আহিছে৷ ৬০ বছৰ ডেওনা পাৰ হোৱাৰ লগে লগে মানুহৰ মন–মগজু লাহে লাহে দুর্বল হৈ পৰে৷ অবিৰাম গতিত চলি থকা সময় কাৰো বাবে মুহূর্তৰ কাৰণে হ’লেও ৰৈ নাথাকে৷ এই সময়ে নিশ্চয় আপোনাৰ বয়সতো আঁচোৰ মাৰিছে৷ আপোনাক আহ্বান জনাইছোঁ স্বাধীন অসমৰ সপোন ত্যাগ কৰি অসমৰ সংকটকালীন সময়ত অসমবাসীৰ লগত হাত উজান দিয়ক যদিহে আপুনি নিজকে অসমীয়া সন্তান বুলি চিনাকি দিব বিচাৰে৷ অস্ত্র নীতিৰে মাতৃ ভূমিক স্বাধীন কৰিব নোৱাৰে, কেনেবাকৈ যুদ্ধ কৰি স্বাধীন হ’লেও এই দেশ শান্তিৰে থাকিব নোৱাৰে৷ কুকর্মৰে পৰাজিত নহয়, সুকর্মৰে কুকর্মক পৰাজিত কৰা নাইবা অহিংসা নীতিৰে আলোচনাৰ মাধ্যমেদি সকলো কার্য সম্পাদন কৰিব পাৰি৷ স্বাভাৱিকভাৱে জ্বলি থকা জুইক জুইৰে নুমাবলৈ চেষ্টা কৰিলে বেছিকৈয়ে জ্বলি উঠিব৷ ভাৰত ৰাষ্ট্রৰ লগত এমুঠি অসমীয়া আলফা সেনাই যুঁজি সার্বভৌম স্বাধীন অসম কৰিবলৈ যোৱাটো সপোনত পর্বত বগোৱাৰ নিচিনা হ’ব৷
অসমৰ অসমীয়া জাতিটো শান্তি প্রিয়৷ চাওলুং চুকাফাই প্রতিষ্ঠা কৰা ছশ বছৰীয়া আহোম ৰাজ্যৰ ৰজাসকলে যুদ্ধ কৰি বৰ অসম গঢ়া নাছিল, তেওঁলোকে অসমৰ খিলঞ্জীয়া সকলো জনগোষ্ঠীক ভাতৃত্বৰ এনাজৰীৰে বৰ অসম গঢ়িছিলে৷ আমাক শান্তি লাগে, অসমৰ প্রত্যেক জনগোষ্ঠীৰ লগত হাতত হাত ধৰি ভাতৃত্ব প্রেমৰ এনাজৰীৰে বান্ধ খাই আকৌ আমি বৰ অসম গঢ়োঁ, অস্ত্র ত্যাগ কৰি ওলাই আহি মানৱতাৰ–প্রেমৰ জয় গান গাওক৷
তৃতীয়তে আপুনি আৰু আপোনাৰ পৰিয়ালবর্গ এতিয়া অসমীয়া হৈ আছেনে? অসমৰ বাহিৰত আজিৰ পৰা ৩৫ বছৰ থাকি নিজকে অসমীয়া সন্তান বুলি ভাবিব পাৰিছেনে? আপোনাৰ সন্তানে অসমীয়াৰ ভাষা–সংস্কৃতি কি জানেনে? নিশ্চয় নাজানে?
চতুর্থতে, মই কোনো সমাজৰ লেখত ল’বলগীয়া ব্যক্তি নহওঁ, তথাপি সাধাৰণ ব্যক্তি হিচাপে, সাধাৰণ জ্ঞানেৰে আপোনাক সার্বভৌমত্বৰ স্বাধীন অসম সদ্যহতে ত্যাগ কৰি অর্থনৈতিক স্বাধীনতা বিচাৰিবৰ বাবে আহ্বান জনাইছোঁ৷ অর্থনৈতিক স্বাধীনতা পালে অসম তথা উত্তৰ–পূর্বাঞ্চলেই ভাৰতৰ ভিতৰত জাকত–জিলিকা হ’ব বুলি ধাৰণা হয় আৰু অসমৰ নিবনুৱা যুৱক–যুৱতীসকলে পেটৰ তাড়নাত অসমৰ বাহিৰত চাকৰি কৰিবলৈ যোৱাৰ প্রয়োজন নহ’ব ৷
এই বিষয়ে মই জোৰ দি ক’ব বিচৰা নাই, কিন্তু এই বিষয়ে চিন্তা কৰিবলৈ আহ্বান জনাইছোঁ৷ অর্থনৈতিক স্বাধীনতা পালে, অসমত থকা সম্পদেৰে অসমখন স্বাৱলম্বী হ’ব পাৰিব বুলি মোৰ ধাৰণা হয়৷ লোকসভাৰ প্রাক্তন অধ্যক্ষ প্রয়াত পি এ চাংমাই উত্তৰ–পূর্বাঞ্চলক দ্বিতীয় স্বাধীনতা অর্থাৎ অর্থনৈতিক স্বাধীনতাৰ প্রয়োজন আছে বুলি কৈ গৈছে৷ গতিকে, স্বাধীনতা সংগ্রামী সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়া, আপুনি অসমীয়া জাতিক আৰু অসমখনক যদি ভাল পায় তেনেহ’লে বর্তমান পৰিস্থিতিত অসমীয়া জাতিক বচাবলৈ জংঘলৰ মাজৰ পৰাই দেশ ৰক্ষাৰ ভাষণ দিয়াতকৈ মুকলি আকাশলৈ ওলাই আহি অসমীয়া জাতিক নেতৃত্ব দিবৰ বাবে আহ্বান জনাইছোঁ৷ অসমীয়া জাতিটোৰ অস্তিত্ব হেৰাই গ’লে আপুনি কাক লৈ স্বাধীনতা আনিব, এবাৰ ভাবি চাইছেনে?