দোকানৰ নামফলক
অসমত কেতিয়াবা কেতিয়াবা দেখা যায় যে একোটা সংগঠনে দোকানৰ নামবোৰ স্থানীয় ভাষাত লিখিবলৈ দাবী জনায়, দুই–একে নিজ হাতে অন্য ভাষাৰ শব্দবোৰ মচি দিয়াৰ চেষ্টা কৰে আৰু লাহে লাহে সেই প্রচেষ্টাৰ সামৰণি পৰে৷ কিন্তু উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ চৰকাৰে নির্দিষ্ট পথৰ দোকানীসকলক নিজৰ দোকানৰ নাম হিন্দী আৰু নির্দিষ্ট ফর্মেটত প্রদর্শন কৰিবলৈ বাধ্যতামূলক নির্দেশ জাৰি কৰাৰ লগে লগে সমগ্র বিষয়টিয়ে সর্বভাৰতীয় দৃষ্টি আকর্ষণ কৰে৷ লগে লগে বিভিন্ন মহলত প্রতিবাদৰ লহৰ উঠে৷ কাৱৰ নামৰ তীর্থস্থানলৈ যাত্রা কৰা এই পথটোৰ দাঁতিত থকা দোকানবোৰক দিয়া এই আদেশ চৰকাৰৰ মতে আছিল সমগ্র ৰাজ্যৰ বাণিজ্যিক চিনসমূহৰ প্রামাণিকৰণৰ লক্ষ্যৰে লোৱা এক বহল প্রশাসনিক ব্যৱস্থাৰ প্রাথমিক অংগ৷ চৰকাৰে যুক্তি দিছিল যে এই ব্যৱস্থাৰ ফলত বাসিন্দা আৰু দর্শনার্থীৰ বাবে চিনাক্তকৰণ আৰু যাতায়াত সহজ হ’ব৷ এইটোও সত্য যে হিন্দু তীর্থযাত্রীসকলে আন ধর্মাৱলম্বী লোকৰ দোকানত খাদ্য গ্রহণ কৰিব নিবিচৰাই স্বাভাৱিক৷ এয়া ৰাজনীতিৰ কথা নহয়, ধর্মবিশ্বাসৰ কথা৷ কিন্তু এই কথাটোকো এতিয়া ৰাজনীতিৰ অংগ হিচাপে প্রতিষ্ঠা কৰিবলৈ এচাম লোক ব্যস্ত হৈ পৰিছে আৰু তাৰ লগত সহযোগ কৰিছে বিজেপিবিৰোধী পৰিৱেশতন্ত্রই৷ ইউপি চৰকাৰে বিগত সময়ত হিন্দীক চৰকাৰী কার্যালয় আৰু কামত ব্যৱহাৰ কৰিবলৈ বাধ্যতামূলক কৰা আৰু শিক্ষানুষ্ঠানত ইয়াৰ ব্যৱহাৰক উৎসাহিত কৰাকে ধৰি বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ কিন্তু সমালোচকসকলে যুক্তি আগবঢ়ায় যে এনে ব্যৱস্থাই অহিন্দীভাষী সম্প্রদায়ক প্রান্তীয়কৰণ কৰে আৰু ভাৰতীয় সমাজৰ এক চিহ্ণস্বৰূপ ভাষিক বৈচিত্র্যৰ সৌন্দর্য আৰু শক্তিক ক্ষতিগ্রস্ত কৰে৷ এই জাননীখনক ৰাজনীতিৰ ৰূপ দিয়া প্রবক্তাসকলে কয় যে হিন্দীৰ প্রচাৰক গুৰুত্ব দি ইউপি চৰকাৰে হিন্দীভাষী সংখ্যাগৰিষ্ঠ লোকৰ মাজত নিজৰ সমর্থনৰ ভিত্তি একত্রিত কৰাৰ লক্ষ্য লৈছে৷ এই কৌশলে কিছুমান ভোটাৰৰ জনগাঁথনিৰ মাজত শাসকীয় দলৰ আবেদনক শক্তিশালী কৰিব পাৰে, কিন্তু ইয়াৰ দ্বাৰা কিছুসংখ্যকক বিচ্ছিন্ন কৰাৰ আশংকাও ৰৈ যায়৷
এই নির্দেশনাই ব্যৱসায়ী, বিশেষকৈ ক্ষুদ্র ব্যৱসায়ীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰাৰ কাৰণ এটি আছিল এই নতুন ছাইনব’ৰ্ড লিখাৰ বাবে কৰিবলগীয়া খৰচ৷ এই খৰচক এটা অপ্রয়োজনীয় আর্থিক বোজা হিচাপে গণ্য কৰা হৈছিল৷ এই অর্থনৈতিক উদ্বেগে প্রতিবাদক আৰু অধিক ইন্ধন যোগাইছিল, কিয়নো ব্যৱসায়ীসকলে অনুভৱ কৰিছিল যে এই নীতিয়ে তেওঁলোকৰ ওপৰত অযুক্তিকৰ অর্থনৈতিক চাপৰ সৃষ্টি কৰিছে৷ এই নির্দেশক উত্তৰ প্রদেশৰ বিৰোধী দলসমূহে যোগীবিৰোধী সমালোচনাৰ অন্য মত আহিলা হিচাপে গ্রহণ কৰিলে৷ বিজেপি চৰকাৰক সমালোচনা কৰাৰ সুযোগ গ্রহণ কৰে সমাজবাদী পার্টী আৰু বহুজন সমাজ পার্টীকে ধৰি বিভিন্ন দলে ৷ বিৰোধীয়ে যুক্তি দিছিল যে এই নীতি হৈছে বিভিন্ন সম্প্রদায়ৰ কণ্ঠ আৰু প্রয়োজনীয়তাক আওকাণ কৰা ওপৰৰ পৰা তললৈ শাসনৰ উদাহৰণ, যাৰ ফলত গণতান্ত্রিক নীতিক ভেঙুচালি কৰা হয়৷ ৰাজনৈতিক নেতাবোৰে নিজৰ উদ্দেশ্যত কথাবোৰ ব্যাখ্যা কৰাটো স্বাভাৱিক নিয়ম৷ কিন্তু বাস্তৱত দেখা গৈছিল যে সেই পথৰ বহু দোকানৰ নাম হিন্দু বিশ্বাসৰ লগত মিল থকা আৰু মালিকগৰাকী হ’ল মুছলমান৷ এইটো ব্যৱসায়ৰ এটা স্বাভাৱিক প্রক্রিয়া৷ যি ধৰণৰ নামে গ্রাহকক আকর্ষণ কৰিব পাৰে, তেনেকুৱা নামকেই দোকানৰ বাবে ৰখা হয়৷ হিন্দু তীর্থযাত্রী অহা–যোৱা কৰা পথত হিন্দু নামে স্বাভাৱিকভাৱেই গ্রাহকক আকর্ষণ কৰিব৷ গুজৰাটৰ হিন্দু বসতিপ্রধান অঞ্চলৰ মুছলমান মালিকৰ বহু দোকানত গণেশৰ মূর্তি ৰখাৰো উদাহৰণ আছে৷ মুছলমান সম্প্রদায়ৰ লগত মিল থকা নাম এটাই ভাৰতৰ দৰে সহনশীল ৰাষ্ট্র এখনত কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে৷ ভাৰতৰ শিল্প–সাহিত্যৰ দিগ্গজ ব্যক্তিসকলৰ নামবোৰ চালেই কথাটো সহজে বুজিব পাৰি৷ ইউচুফ খানে চিনেমা জগতত হিন্দু নাম দিলীপ কুমাৰ লোৱা বা মেহজবীন খানে মীনাকুমাৰী নাম লোৱা আৰু সেই নামক সকলোৱে আপত্তিহীনভাৱে মানি লোৱা কথাই প্রমাণ কৰে যে এই নামৰ পৰিৱর্তনক সমাজে এটা স্বাাভৱিক কাম হিচাপেই গণ্য কৰে৷ গুৱাহাটীৰে শতাব্দী প্রাচীন ব্যৱসায়িক প্রতিষ্ঠান শ্বেখ ব্রাদার্ছ তেনেকুৱা এটি উদাহৰণ৷ স্থানীয় ভাষাত ব্যৱসায়িক প্রতিষ্ঠানৰ নাম লিখাৰ কথাটো প্রতিখন চৰকাৰেই বিবেচনা কৰিব লাগে আৰু এই কামৰ দৃশ্যৰূপে যে জাতীয়তাবাদী ভাবধাৰাক উৎসাহিত কৰিব, তাত কোনো সন্দেহ নাই৷ শেহতীয়াভাৱে ছুপ্রিম ক’র্টে উত্তৰ প্রদেশ চৰকাৰৰ এই নির্দেশক স্থগিত কৰি ৰখাৰ আদেশ দিছে৷