নিয়মীয়া বাৰ্তা, ৫ আগষ্ট : মৃত্যুমুখলৈ গতি কৰিছে ৰূপহীহাটৰ লাওখোৱাৰ বীজ ফাৰ্মখন৷ বৃহত্তৰ লাওখোৱা অঞ্চলৰ কৃষকসকলক উন্নত মানৰ বীজ যোগান ধৰাৰ কাৰণে কংগ্ৰেছৰ আমোলত কেইবালাখ টকা ব্যয়সাপেক্ষে বীজ ফাৰ্মখন প্ৰতিষ্ঠা কৰিছিল ৷ এই বীজ ফাৰ্মখনে এতিয়া মৃত্যুৰ ক্ষণ গণিছে ৷ বীজ ফাৰ্মখনৰ চাৰিওফালে থকা দেৱালসমূহ লাওখোৱা অভয়াৰণ্যৰ পৰা প্ৰায়ে হাতীৰ জাক ওলাই আহি ভাঙি পেলাইছে ৷ বীজ ফাৰ্মখনৰ চৰকাৰী আৱাসসমূহ হাবি-জংঘলে আৱৰি ধৰিছে ৷ স্থানীয় ৰাইজে মৃত্যুমুখত পৰা বীজ ফাৰ্মখনৰ প্ৰতি সুদৃষ্টি দিবলৈ কৃষি বিভাগৰ ওচৰত দাবী জনাইছে ৷
প্ৰেৰক জহিৰুল ইছলাম