সম্পাদকীয় : প্রযুক্তিগত উদ্যোগৰ নৱ বিপ্লৱ
অসমৰ প্রযুক্তিগত ঔদ্যোগিকীকৰণত সূচনা হ’ল নতুন অধ্যায়৷ ঔদ্যোগিকীকৰণৰ জৰিয়তে দেশক সমৃদ্ধিশালী কৰাৰ ক্ষেত্রত অগ্রণী ভূমিকা গ্রহণ কৰা টাটা উদ্যোগ গোষ্ঠীয়ে জাগীৰোডত স্থাপন কৰিব লগা অভিলাষী ছেমিকণ্ডাক্টৰ প্রকল্পৰ ৩ আগষ্টত সম্পন্ন হয় ভূমিপূজন অনুষ্ঠান৷ প্রযুক্তিৰ অগ্রগতিত ছেমিকণ্ডাক্টৰৰ প্রয়োজনীয়তা অপৰিসীম৷ আধুনিক প্রযুক্তিৰ উৎপাদনত ছেমিকণ্ডাক্টৰৰ ব্যৱহাৰ অপৰিহার্য হৈ উঠিছে৷ ইয়াৰ লগে লগে বিশ্বজুৰি ছেমিকণ্ডাক্টৰৰ চাহিদা ঊর্ধ্বগামী হৈছে৷ চলিত বর্ষৰ ১৩ মার্চত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আধাৰশিলা স্থাপন কৰা জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্রকল্পৰ শনিবাৰে ভূমিপূজন হোৱাৰ লগে লগে অভিলাষী উদ্যোগটোৰ নির্মাণকার্যও আৰম্ভ হৈছে৷ ২৭ হাজাৰ কোটি ব্যয়সাপেক্ষে ছেমিকণ্ডাক্টৰ প্রকল্পটোৰ নির্মাণ ডেৰ বছৰৰ ভিতৰত সম্পূর্ণ হ’ব বুলি ঘোষণা কৰিছে ভূমিপূজন অনুষ্ঠানত অংশগ্রহণ কৰা টাটা ছন্সৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এন চন্দ্রশেখৰণে৷ অনুষ্ঠানত অংশগ্রহণ কৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নির্মীয়মাণ প্রকল্পটো অসমৰ ঔদ্যোগিক ইতিহাসত মাইলৰ এক খুঁটি হৈ ৰ’ব বুলি মন্তব্য কৰিছে৷ জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্রকল্পৰ স্থাপন হোৱা স্থানত আছিল নগাঁও কাগজ কল৷ হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ অধীনত ১৯৭০ চনত স্থাপিত কাগজ কলটোৱে ৰাজ্যখনৰ ঔদ্যোগিকীকৰণৰ লগতে কর্মসংস্থাপনৰ ক্ষেত্রতো বিশেষ বৰঙণি আগবঢ়াইছিল৷ কিন্তু ত্রুটিপূর্ণ পৰিচালনা আৰু দুর্নীতিৰ বাবেই জাগীৰোডৰ কাগজ কলটোৱে বৃহৎ লোকচানৰ সন্মুখীন হৈছিল আৰু ২০১৫ চনৰ অক্টোবৰত কাগজ কলটো বন্ধ হৈছিল৷ কাগজ কলটোৰ এনে মৃত্যুক অসমৰ বিবেকৱান লোকসকলে সহজে মানি ল’ব পৰা নাছিল৷ কাগজ কলটো পুনৰ জীৱিত কৰিবলৈ দাবী উত্থাপন হৈছিল৷ কিন্তু কাগজ কলটো পুনৰুজ্জীৱিত নহ’লেও ছেমিকণ্ডাক্টৰ প্রকল্পৰ জৰিয়তে দেশৰে নহয়, বিশ্বৰ প্রযুক্তিগত ঔদ্যোগিকীকৰণৰ মানচিত্রত অন্তর্ভুক্ত হৈছে জাগীৰোড৷ ছেমিকণ্ডাক্টৰ প্রকল্পটোত মুকলি হ’ব ২৭ হাজাৰ লোকৰ কর্মসংস্থাপনৰ বাট৷ প্রকল্পটোৰ প্রথম বেটছত নিয়োগৰ বাবে ইতিমধ্যে ৰাজ্যখনৰ এহেজাৰ যুৱতীক বহিঃৰাজ্যত প্রশিক্ষণৰ ব্যৱস্থা কৰিছে টাটা উদ্যোগ গোষ্ঠীয়ে৷ প্রকল্পটোৰ উৎপাদন আৰম্ভ হোৱাৰ পূর্বে প্রশিক্ষিত যুৱতীসকলক নিয়োজিত কৰাৰ পৰিকল্পনা লোৱা হৈছে৷ জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্রকল্পটোত আগন্তুক দিনত কর্মসংস্থাপনৰ সুযোগ অধিক বৃদ্ধি হ’ব৷ উক্ত প্রকল্পত কর্মসংস্থাপন লাভ কৰাৰ বাবে প্রয়োজন হ’ব দক্ষতাসম্পন্ন যুৱক–যুৱতী৷ ৰাজ্যখনত শিক্ষিত নিবনুৱা সমস্যা কিদৰে বৃদ্ধি পাইছে সেয়া ৰাজ্য চৰকাৰে খালী পদৰ বিপৰীতে অনুষ্ঠিত কৰা পৰীক্ষাসমূহত স্পষ্ট হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰে তিনি বছৰৰ ভিতৰতে প্রায় ১ লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰিত মকৰল কৰিছে৷ শেহতীয়াকৈ তৃতীয় আৰু চতুর্থ বর্গৰ চাকৰিৰ বাবে আহ্বান কৰা আবেদনত ৰাজ্যখনৰ ১২ লাখ যুৱক–যুৱতীয়ে আবেদন কৰিছে৷ মাথোঁ চৰকাৰী চাকৰিৰ দ্বাৰা ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধান কৰাটো যে সম্ভৱ নহয় সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷ নিবনুৱা সমস্যাৰ সমাধানৰ বাবে ৰাজ্যখনত ঔদ্যোগিকীকৰণৰ বাট মুকলি হ’বই লাগিব৷ ৰাজপথৰ আন্দোলন, একাংশ দল–সংগঠনৰ চান্দা সংস্কৃতি, হত্যা–পহৰণ, বন্দুকৰ ভাবুকিৰে ৰাজ্যখনৰ অর্থনৈতিক বিকাশ নহয়, নিবনুৱাসকলেও কর্মসংস্থাপন লাভ নকৰে৷ এতিয়া অসমবাসীয়ে সেই বিভীষিকাময় পৰিস্থিতি নিবিচাৰে৷
আধুনিক প্রযুক্তিৰ ছেমিকণ্ডাক্টৰ প্রকল্প জাগীৰোডত স্থাপন হোৱাটো অসমৰ ঔদ্যোগিকীকৰণৰ নৱ বিপ্লৱ আখ্যা দিব পাৰি৷ দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ অতিক্রম কৰিলে যদিও অসমত প্রযুক্তিগত ঔদ্যোগিকীকৰণত এনে বৃহৎ বিনিয়োগ ৰাজ্যখনত হৈ উঠা নাছিল৷ ঔদ্যোগিকীকৰণত ঘাইকৈ দুটা বিষয় অতি জৰুৰী৷ প্রথমটো হৈছে প্রয়োজনীয় আন্তঃগাঁথনি আৰু দ্বিতয়টো হৈছে শান্তিপূর্ণ পৰিস্থিতি৷ জাগীৰোডত টাটা ছন্সে বৃহৎ প্রকল্প স্থাপনৰ বাবে আগবাঢ়ি অহাৰ মূলতেই হ’ল প্রকল্পটোৰ গাতে সংযুক্ত হৈ আছে ফৰলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ আৰু ৰে’লপথৰ সুব্যৱস্থা৷ ৰাজধানী গুৱাহাটীৰ নিকটৱর্তী জাগীৰোডৰ স’তে উত্তৰ–পূর্বাঞ্চলকে ধৰি সমগ্র দেশৰ স’তে সুচল যোগাযোগ ব্যৱস্থা আছে৷ বিগত সময়ছোৱাত ৰাজ্যখনৰ ঔদ্যোগিকীকৰণৰ ক্ষেত্রত অন্যতম বাধা হৈ আছিল আইন–শৃংখলা পৰিস্থিতি৷ অসম আন্দোলনৰ পৰা ৰাজ্যখনত আন্দোলনমুখৰ পৰিৱেশ আৰু উগ্রপন্থীৰ হিংসা–হত্যাই আইন–শৃংখলা পৰিস্থিতিৰ ইমানেই অৱনতি ঘটাইছিল যে ৰাজ্যখনত উদ্যোগপতিসকলে বিনিয়োগ কৰিবলৈ আগবাঢ়ি অহা নাছিল৷ বিগত এটা দশকৰ ভিতৰত অসমৰ পৰিস্থিতিৰ দ্রুত পৰিৱর্তন হৈছে৷ ৰাজ্যখনৰ এটা এটাকৈ অধিকাংশ উগ্রপন্থী সংগঠনে হিংসাৰ পথ ত্যাগ কৰি আলোচনাৰ বাবে আগবাঢ়ি আহিছে৷ কেইবাটাও সংগঠনৰ সৈতেও ইতিমধ্যে শান্তিচুক্তি স্বাক্ষৰ হৈছে৷ ৰাজ্যখনৰ জাতীয় সংগঠনসমূহেও ক্ষতিকাৰক আন্দোলনৰ কার্যসূচী গ্রহণ কৰাৰ পৰা বিৰত আছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ বলিষ্ঠ পদক্ষেপৰ বাবে অসমে কম সময়ৰ ভিতৰতে কেইবাটাও অভিলাষী প্রকল্প লাভ কৰিছে৷ শেহতীয়াকৈ গুৱাহাটীৰ ১২১ কিলোমিটাৰজোৰা ৰিং ৰোড প্রকল্পলৈ কেন্দ্রীয় চৰকাৰে অনুমোদন লৈছে৷ যোৱা ৩১ জুলাইত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় মন্ত্রীসভাৰ কেবিনেট বৈঠকত গুৱাহাটীৰ ৰিং ৰোড, ফৰলেনযুক্ত উত্তৰ গুৱাহাটী বাইপাছ, ২৭ নম্বৰ ফৰলেনযুক্ত ঘাইপথ ছিক্সলেনলৈ সম্প্রসাৰণ আৰু ২৭ নম্বৰ ৰাষ্ট্রীয় পথৰ ৫৮ কিলোমিটাৰ উন্নীতকৰণ আদিৰ বাবেও কেন্দ্রীয় চৰকাৰে অনুমোদন জনাইছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ গুৱাহাটী ৰিং ৰোডৰ প্রকল্প ৰূপায়ণ হ’লে গুৱাহাটী মহানগৰীৰ চেহেৰাই সলনি হ’ব৷ গুৱাহাটীখন দেশৰ এখন মহানগৰেই নহয়, উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ দুৱাৰমুখ৷ গুৱাহাটীখন অসমৰ ৰাজধানীয়েই নহয়, উত্তৰ–পূর্বাঞ্চলৰ ব্যৱসায়–বাণিজ্যৰ কেন্দ্র৷ গুৱাহাটীৰ ৰিং ৰোড নির্মাণৰ জৰিয়তে বাইহাটা চাৰিআলিৰ ফৰলেনযুক্ত ৰাষ্ট্রীয় পথৰ পৰা জাগীৰোডক সংযোগ কৰি গুৱাহাটীৰ সৈতে সংযুক্ত কৰিবলৈ অভিলাষী প্রকল্প গ্রহণ কৰা হৈছে৷ এনে ব্যৱস্থাৰ অধীনত গুৱাহাটী মহানগৰীৰ সম্প্রসাৰণ আৰু যোগাযোগ ব্যৱস্থা সুচল হৈ উঠিব৷ ইয়াৰ লগে লগে মহানগৰীৰ নিকটৱর্তী অঞ্চলসমূহ ব্যৱসায়–বাণিজ্যৰ লগতে ঔদ্যোগিকীকৰণৰ জৰিয়তে অঞ্চলটোৰ ৰাইজ উপকৃত হ’ব৷ ৩ আগষ্টৰ দিনটো ৰাজ্যখনৰ পর্যটন ক্ষেত্রৰ বাবে এক উল্লেখযোগ্য দিন হিচাপে অভিহিত কৰিব পাৰি৷ চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতি লাভ কৰাৰ পিছতে বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত এখন পঞ্চতাৰকা হোটেল নির্মাণৰ বুজাবুজি চুক্তি স্বাক্ষৰ হৈছে৷ ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেড, অসম পর্যটন উন্নয়ন নিগম আৰু এমালগেমেটেড প্লেণ্টেচনছ্ প্রাইভেট লিমিটেডৰ মাজত স্বাক্ষৰিত চুক্তি অনুসৰি কাজিৰঙাত স্থাপন হ’ব পঞ্চতাৰকা হোটেল৷ ১২০ কোটি টকা বিনিয়োগেৰে স্থাপন হ’বলগীয়া পঞ্চতাৰকা হোটেলখনৰ জৰিয়তে দেশ–বিদেশৰ ধনিক পর্যটকসকল কাজিৰঙা আৰু চৰাইদেউ মৈদামৰ প্রতি আকর্ষিত হ’ব বুলি আশা কৰা হৈছে৷ ৰাজ্যখনক সকলো দিশত আগবঢ়াই নিবলৈ যিদৰে দিকদর্শী নেতৃত্বৰ প্রয়োজন একেদৰে শান্তিপূর্ণ পৰিস্থিতিৰ বাবে ৰাইজৰ সহযোগ অতি জৰুৰী৷ বিগত সময়ছোৱাত এই দায়িত্ব চৰকাৰ আৰু অসমবাসীয়ে একাগ্রতাৰে পালন কৰাটো ৰাজ্যখনৰ বাবে শুভ লক্ষণ৷