সম্পাদকীয় : স্বীকৃতিৰ সংস্কৃতি
চৰকাৰী চাকৰিয়ালক চৰকাৰে দৰমহা দিয়ে, গতিকে তেওঁলোকক আন ধৰণে প্রেৰণা দিয়াৰ প্রয়োজন নাই বুলিয়েই বহুতে ধাৰণা কৰে৷ কিন্তু বাস্তৱত দেখা যায় যে কিছুসংখ্যক চাকৰিয়ালে কামত পাল মাৰে, কিছুমানে নিষ্ঠাৰে কাম কৰে৷ এই নিষ্ঠাৱানসকলৰ কামক স্বীকৃতি দিয়াটো সমগ্র পৰিৱেশটোক উজ্জীৱিত কৰা ব্যৱস্থা৷ কেন্দ্র চৰকাৰে আৰক্ষী, সামৰিক বাহিনীৰ লোক, শিক্ষক, নার্ছ আদিৰ দৰে চাকৰিয়ালক প্রেৰণামূলক বঁটা দিয়াৰ ব্যৱস্থা চলি আছে৷ কিন্তু সাধাৰণ প্রশাসনৰ চাকৰিয়ালসকলৰ বাবে এনেধৰণৰ কোনো স্বীকৃতিৰ ব্যৱস্থা নাই৷ শেহতীয়াভাৱে অসম চৰকাৰে ‘কর্মশ্রী’ আৰু ‘লোকসেৱা’ নামেৰে দুটা বঁটাৰে তিনি কুৰি পাঁচগৰাকী কর্মচাৰীক স্বীকৃতি প্রদান কৰিছে৷ এই স্বীকৃতিয়ে কর্মচাৰীসকলক উৎসাহিত কৰিব, কর্ম–সংস্কৃতি বিকাশৰ ক্ষেত্রত এটা প্রাথমিক কাৰক হিচাপে থিয় দিব৷ এনেধৰণৰ বঁটাসমূহে চৰকাৰী কর্মচাৰীসকলক ডচ্চমানৰ বাবে চেষ্টা কৰিবলৈ অনুপ্রাণিত কৰে, আদর্শ সৃষ্টি কৰে আৰু সুস্থ প্রতিযোগিতাক লালন–পালন কৰে৷ এহ স্বীকৃতিৰ ফলত বিভিন্ন প্রশাসনৰ বিভিন্ন পর্যায়ত সেৱা প্রদান ব্যৱস্থাৰ ডন্নতি হ’ব পাৰে বুলি ধাৰণা কৰিব পাৰি৷ ভাৰতৰ মানৱ সম্পদ ব্যৱস্থাপনাত দেখা যায় যে চৰকাৰী কর্মক্ষেত্রত দক্ষ পেছাদাৰীসকলক ধৰি ৰখাটো এটা সময়ত জটিল হৈ পৰে৷ ব্যক্তিগত খণ্ডহ দক্ষ প্রতিভাক চৰকাৰী ক্ষেত্রৰ পৰা সহজেই আঁতৰাহ পেলোৱাৰ সুবিধা গ্রহণ কৰে৷ ইয়াৰ মূলতে থাকে অর্থনৈতিক শক্তি৷ কিন্তু চৰকাৰে আগবঢ়োৱা এনে সামাজিক স্বীকৃতিয়ে অর্র্থনৈতিক শক্তিক বাধা দিব পাৰে৷ চৰকাৰী চাকৰিৰ আদর্শ অকল অর্থ বা দৰমহা উপার্জনেই নহয়, ইয়াৰ লগত সেৱাৰ মনোভাব থকাটো প্রয়োজনীয়৷ এই বঁটাসমূহে জনসেৱাৰ দিশটোক অধিক আকর্ষণীয় আৰু প্রতিযোগিতামূলক কৰি তুলিব পাৰে৷
ভাৰতত এতিয়াও চৰকাৰী প্রতিষ্ঠানত দুর্নীতিয়ে ৰাজত্ব কৰা কথাটো স্বাভাৱিক হিচাপেই জীয়াই আছে৷ অসমত পূর্বৰ তুলনাত এই দুর্নীতিৰ পৰিমাণ কমিছে যদিও শেষ হোৱা বুলি ক’ব নোৱাৰি৷ এনে সময়ত চৰকাৰী কার্যালয়ৰ প্রতি জনসাধাৰণৰ আস্থা বৃদ্ধি কৰাটো অতি প্রয়োজনীয়৷ আদর্শ চৰকাৰী কর্মচাৰীক স্বীকৃতি দিয়াটোৱে কর্মচাৰীসকলৰ বিষয়ে সাধাৰণতে দি অহা নেতিবাচক মন্তব্যবোৰৰ চোক কমোৱাত সহায় কৰিব৷ অসম চৰকাৰৰ এই বঁটাৰ বাবে কর্মচাৰী নির্বাচন কৰা প্রক্রিয়া কিমান স্তৰৰ মাজেৰে গৈ সিদ্ধান্তত উপনীত হয়, সেই কথা সাধাৰণ জনতাই জনাৰ উপায় নাই৷ কিন্তু এই প্রক্রিয়াটিত জনসাধাৰণৰ মতামত জডিত কৰাৰ ব্যৱস্থা থাকিলে বঁটা প্রদানৰ সামাজিক গ্রহণযোগ্যতা অধিক বৃদ্ধি পাব৷ এটা কথা ঠিক যে বছৰেকৰ মূৰত দিয়া বঁটা একোটাই কর্মচাৰীসকলক উজ্জীৱিত কৰিব, কিন্তু তাৰ লগতে কর্মচাৰীসকলৰ দক্ষতা বিকাশৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰাটোও দৰকাৰী৷ বিশেষকৈ কর্মচাৰীসকলক কার্যালয়ত ব্যৱহাৰ হোৱা প্রযুক্তিগত আহিলাৰ ব্যৱহাৰিক দিশবোৰৰ প্রতি আকর্ষিত কৰা আৰু শিক্ষিত কৰাটো চৰকাৰৰ এজেণ্ডাৰ ভিতৰত থকা উচিত৷ অকল অফিচলৈ অহা–যোৱা কৰা সময়ৰ হিচাপে কর্মচাৰীসকলক কর্মতৎপৰ কৰি তুলিব নোৱাৰে৷ কর্মক্ষেত্রত ধাৰাবাহিকভাৱে চলি থকা বিকাশমূলক পৰিৱেশেহে কর্মচাৰীসকলক কামৰ বাবে অধিক উৎসাহিত কৰিব৷ ব্যক্তিগত জীৱনত উচ্চক্ষমতাসম্পন্ন আহিলা ব্যৱহাৰ কৰা কর্মচাৰী এজনে একেই কামৰ বাবে অফিচত নিম্নমানৰ আহিলা ব্যৱহাৰ কৰিবলগীয়া হ’লে তেওঁৰ মানসিক অশান্তি হ’ব আৰু কামৰ মান হ্রাস হ’ব৷ চৰকাৰে কার্যালয়ত সকলো সময়তে উচ্চমানৰ অত্যাধুনিক আহিলা ব্যৱহাৰ কৰিব নোৱাৰিলে কর্মচাৰীসকল, বিশেষকৈ নতুন প্রজন্মৰ কর্মচাৰীসকলৰ পৰা প্রয়োজনীয় আৰু মানবিশিষ্ট সেৱা লাভ কৰাও সম্পূর্ণ সম্ভৱ নহয়৷ উচ্চমানৰ কর্মপৰিৱেশ কর্মচাৰীৰ পৰা উৎকৃষ্ট সেৱা লাভ কৰাৰ প্রথম চর্ত৷ এটা কথা ঠিক যে স্বীকৃতিৰ সংস্কৃতিয়ে প্রতিভাৱানসকলৰ বাবে চৰকাৰী সেৱাক অধিক আকর্ষণীয় কৰি তোলে৷ এনে বঁটাই অসামৰিক সেৱাৰ ভিতৰত মনোবল বৃদ্ধি কৰে৷ চৰকাৰৰ বঁটা আৰু স্বীকৃতিৰ সু–গাঁথনিযুক্ত ব্যৱস্থাহ প্রতিভাক প্রেৰণা দিয়াই নহয়, প্রশাসনৰ প্রতি জনসাধাৰণৰ আস্থাও বৃদ্ধি কৰে৷ অসমৰ অবিৰত ডন্নয়নৰ বাবে কর্মচাৰীৰ এনে সন্তুষ্টি অতি গুৰুত্বপূর্ণ৷