ডার্ক অক্সিজেন
বিজ্ঞানৰ অগ্রগতিয়ে বিজ্ঞানীসকলৰ বহু ধাৰণাৰ সালসলনি ঘটায়৷ এয়া প্রায় স্বাভাৱিক৷ কিয়নো বিজ্ঞানৰ প্রাৰম্ভণিৰ সময়ত গৱেষণা অধ্যয়নৰ সীমাবদ্ধতাৰ বাবে কিছুমান ধাৰণা বিজ্ঞানীসকলে কৰিছিল৷ যিবোৰ এতিয়া বিজ্ঞানৰ জয়জয়–ময়ময় অৱস্থাত সালসলনি হ’ব ধৰিছে৷ শেহতীয়াভাৱে অক্সিজেনৰ ক্ষেত্রতো তেনে এক সালসলনি ঘটিছে৷ সূর্যৰ পোহৰ অবিহনে অক্সিজেনৰ অস্তিত্ব নাথাকে বুলি বিজ্ঞানীসকলে পূর্বতে কৰি অহা ধাৰণা সলনি হৈছে৷ সূর্যৰ পোহৰ নথকা অঞ্চলতো অক্সিজেনৰ স্থিতি আছে৷ অর্থাৎ অক্সিজেন উৎপন্ন কৰিব পাৰি৷ এতিয়ালৈকে ভবা হৈছিল যে সূর্যৰ পোহৰৰ উপস্থিতিত পানীৰ বিচ্ছিন্নতাৰ ফলত পৃথিৱীত অক্সিজেন উৎপন্ন হয়৷ কিন্তু নতুন আৱিষ্কাৰে পুৰণি ধাৰণাটো সলনি কৰি আছে৷ নেছাৰ জিঅ’ ছায়েঞ্চ নামৰ বিজ্ঞান আলোচনীত প্রকাশিত প্রতিবেদন মতে, সাগৰৰ গভীৰতাৰ আন্ধাৰতো অক্সিজেন উৎপন্ন কৰিব পাৰি৷ প্রতিবেদন মতে, ৪ হাজাৰ মিটাৰ সমুদ্রতলিত আন্ধাৰেৰে আবৃত এখন পৃথিৱীত অক্সিজেনৰ স্থিতি লাভ কৰা গৈছে৷ বিজ্ঞানীসকলে ইয়াক ‘ডার্ক অক্সিজেন’ বুলি অভিহিত কৰিছে৷ গৱেষণাৰ প্রতিবেদন মতে, প্রশান্ত মহাসাগৰৰ তলৰ অংশত য’ত সূর্যৰ পোহৰৰ কোনো লক্ষণ দেখা নাযায়, তাত বৃহৎ পৰিমাণৰ অক্সিজেন উৎপন্ন হৈছে৷ হাৱাই আৰু মেক্সিকোৰ পশ্চিম উপকূলৰ মাজৰ অঞ্চলটোক ক্লাৰিয়ান–ক্লিপাৰটন জ’ন বা চিচিজেড বুলি কোৱা হয়৷ ৪৫ লাখ বর্গকিলোমিটাৰ বিস্তৃত এই অঞ্চলৰ পৰিৱেশতন্ত্র বিজ্ঞানীসকলৰ বাবে এক কৌতূহলৰ ক্ষেত্র হৈ আহিছে৷ এই অঞ্চলটোত বিজ্ঞানীসকলে বিভিন্ন পর্যায়ৰ গৱেষণা চলাই আহিছে৷ ইয়াতেই ‘ডার্ক অক্সিজেন’ৰ স্থিতি লাভ কৰিবলৈ সক্ষম হৈছে৷
সাগৰৰ গভীৰতাত অক্সিজেনৰ সন্ধান চলোৱা গৱেষণা দলৰ অন্যতম সদস্য গৱেষক অধ্যাপিকা লিজা লেভিনে দাবী কৰিছে যে সাগৰৰ গভীৰতাত য’ত সূর্যৰ পোহৰৰ কোনো স্থিতি নাই, তাত অক্সিজেনৰ এক অভাৱনীয় আৱিষ্কাৰ৷ কিন্তু এই আৱিষ্কাৰ অপ্রত্যাশিত হ’লেও বিজ্ঞানীসকলে ৰাতিটোৰ ভিতৰতে এই আৱিষ্কাৰ কৰা নাছিল৷ এক দশক আগতে গভীৰ সাগৰৰ পৰিৱেশ বিজ্ঞানী এণ্ড্রিউ ছুহটমেনে গভীৰ সাগৰৰ অক্সিজেনৰ মাত্রাৰ ওপৰত গৱেষণা আৰম্ভ কৰিছিল আৰু তাৰ পিছত তেওঁ আচৰিত হ’ল যে সেই আন্ধাৰ সাগৰপৃষ্ঠত অক্সিজেনৰ মাত্রা বহুত বেছি! পৰীক্ষাটো আগবাঢ়ি যোৱাৰ লগে লগে দেখা যায় যে তাত অক্সিজেন উৎপন্ন হয়৷ ২০২৩ চনৰ এক অধ্যয়নত প্রকাশ পাইছে যে এই অঞ্চলত বিভিন্ন ধৰণৰ বেক্টেৰিয়া আৰু আর্কিয়া নামৰ বিশেষ প্রকাৰৰ এককোষী অণুজীৱ থাকে আৰু সেই এককোষী অণুজীৱই ‘ডার্ক অক্সিজেন’ উৎপাদন কৰি আছে৷ ইয়াৰ পিছতে ছুহটমেন আৰু তেওঁৰ সহযোগীসকলে পৰীক্ষাগাৰত একে পৰিৱেশৰ সৃষ্টি কৰিলে আৰু তাত ৰখা জীৱৰ দ্বাৰা ক্ল’ৰাইডৰ সৈতে গৱেষকসকলে ০.৯৫ ভল্ট বিদ্যুৎ উৎপাদন কৰে৷ বিজ্ঞানীসকলে এই আৱিষ্কাৰক গুৰুত্বপূর্ণ বুলি গণ্য কৰে৷ উল্লেখ্য যে বিজ্ঞানৰ পূর্বৰ ধাৰণা সলনি কৰি সূর্যৰ পোহৰ নপৰা অঞ্চলতো অক্সিজেনৰ স্থিতি আৰু তাৰেই আধাৰত বিদ্যুৎ উৎপন্ন কৰিব পৰাটো একবিংশ শতিকাৰ তৃতীয় দশকত বিজ্ঞানী–গৱেষকৰ দলৰ উল্লেখযোগ্য উদ্ভাৱন৷ ইয়ে পৰৱর্তী সময়ত পৃথিৱীৰ বিজ্ঞান জগতত অভাৱনীয় ৰূপত অৱদান আগবঢ়োৱাৰ পূর্ণ সম্ভাৱনা আছে৷ কিয়নো অক্সিজেনেই জীৱৰ প্রাণ আৰু এই অক্সিজেনৰ জৰিয়তে পৃথিৱীৰ সমস্ত জীৱজগত বর্তি আছে৷ সাগৰৰ গভীৰতাত অক্সিজেনৰ স্থিতিয়ে গৱেষকসকলক অক্সিজেন সন্দর্ভত নতুন মাত্রা প্রদান কৰিছে৷ পৰৱর্তী সময়ত গৱেষক আৰু বিজ্ঞানীসকলে এই গৱেষণা অধিক উন্নত আৰু সম্প্রসাৰণ কৰি পৃথিৱীৰ বাবে আশাৰ খবৰ কঢ়িয়াই আনিব পাৰে৷