নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধ্বংসৰ দিশে দক্ষিণ আকাশৰ উজ্জ্বলতম নক্ষত্র

🔹 ‘ছুপাৰনোভা’ৰ বিস্ফোৰণত পতন হ’ব সূর্যতকৈ এশগুণ ডাঙৰ ‘এটা কাৰাইনি’ৰ

নিউজ ডেস্ক, ৯ আগষ্ট : বিশ্বব্রহ্মাণ্ডত সঘনে সৃষ্টি হৈছে বহু নক্ষত্র৷ একেদৰে ধ্বংস হৈ আছে বহু গ্রহ–নক্ষত্র৷ ৰহস্যঘন মহাবিশ্বক লৈ যিসকলৰ আগ্রহ বেছি, তেওঁলোকে এই মহাকাশ সন্দর্ভত ন ন তথ্য সংগ্রহ কৰি থাকে৷ নিশাৰ আকাশত তৰা বা নক্ষত্রৰ অভাৱ নাই৷ এই আকাশ পর্যবেক্ষণ কৰি বহু লোক মহাজাগতিক বিস্ময়ৰ সাক্ষী হৈ আহিছে৷ সূর্যতকৈ আকাৰত বহু ডাঙৰ নক্ষত্র বিয়পি আছে বিশ্বব্রহ্মাণ্ডত৷ ‘এটা কাৰাইনি’ তেনে এক নক্ষত্র৷ দক্ষিণ আকাশত দেখিবলৈ পোৱা নক্ষত্রবোৰৰ ভিতৰত আটাইতকৈ উজ্জ্বল হৈছে ‘এটা কাৰাইনি’৷ সূর্যতকৈ এশগুণ ডাঙৰ এই নক্ষত্রটোত ১৭০ বছৰ পূর্বে এক অস্বাভাৱিক বিস্ফোৰণ ঘটিছিল৷ তেতিয়াৰে পৰা এই নক্ষত্রটোক দক্ষিণ আকাশত বর্ণিল ৰূপত দেখিবলৈ পোৱা যায়৷ সহজে নজৰ কাঢ়ে এই নক্ষত্রটোৱে৷ অতি বিৰল দৃশ্য এই নক্ষত্রটোৰ বুকুত খালী চকুৰেও দেখিবলৈ পোৱা যায়৷ বিশেষকৈ যিসকলে মহাকাশ পর্যবেক্ষণ কৰি থাকে, তেওঁলোকৰ বাবে ‘এটা কাৰাইনি’ অতি আকর্ষণীয় নক্ষত্র৷ কিন্তু এই নক্ষত্রটো এইবাৰ ধ্বংস হ’বলৈ গৈ আছে৷ এক ভয়ংকৰ বিস্ফোৰণ ঘটি ‘এটা কাৰাইনি’ৰ আয়ুসকাল শেষ হ’ব৷ সেই বিস্ফোৰণো দেখিবলৈ পোৱা যাব আকাশত৷ কাৰণ এই বিস্ফোৰণৰ ফলত অভাৱনীয় ৰশ্মি বিচ্ছুৰিত হ’ব৷ কিন্তু কেতিয়া এই বিস্ফোৰণ ঘটিব, সেই সন্দর্ভত জ্যোতির্বিজ্ঞানীসকলে নির্দিষ্ট সময় ধৰি দিব পৰা নাই৷ গতিকে দক্ষিণ আকাশত মহাবিশ্ব সন্দর্ভত উৎসুক লোকসকলে নিশাৰ ভাগত আকাশত অধিক নজৰ দিবলৈ লৈছে৷ সকলোৰে প্রশ্ণ– ‘এটা কাৰাইনি’ৰ বিস্ফোৰণ কেতিয়া? মহাকাশ বিজ্ঞানীসকলৰ মতে, এই নক্ষত্রটো ধ্বংস হ’বলৈ গৈ আছে যে সেয়া নিশ্চিত৷ কিন্তু ইয়াৰ বক্ষত কেতিয়া বিস্ফোৰণ ঘটিব, সেয়া স্পষ্ট নহয়, এই বিস্ফোৰণ আগন্তুক বর্ষতো হ’ব পাৰে নাইবা লাখ বছৰ পিছতো ইয়াৰ পতন হ’ব পাৰে৷ কাৰণ এই বিস্ফোৰণ বা ‘ছুপাৰনোভা’ নক্ষত্রটোত কেতিয়া হ’ব, সেই সন্দর্ভত কোনোধৰণৰ অনুমান কৰিব পৰা নাই বিজ্ঞানীসকলে৷ স্মর্তব্য যে ‘এটা কাৰাইনি’ হৈছে এনে এটা নক্ষত্র, যিয়ে মহাশূন্যত প্রকৃতিগতভাৱে লেজাৰ ৰশ্মি বিচ্ছুৰিত কৰে৷

You might also like