নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত মহাবিদ্যালয়ৰ ছাত্ৰীক অশ্লীল ইংগিত অনা-অসমীয়া যুৱকৰ

🔹 ৰাজপথত আঁঠু কঢ়াই ক্ষমা খোজালে ক্ষুব্ধ ৰাইজে

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক অশ্লীল ইংগিত দি আজি ৰাইজৰ ৰোষত পৰে এজন অনা-অসমীয়া যুৱক। ঘটনাক কেন্দ্ৰ কৰি আজি তিতাবৰ তিনিআলিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে বীৰ লাচিত সেনা, আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আদিৰ বিষয়ববীয়াৰ উপস্থিতিত ৰাইজে যুৱকজনক ধৰি ৰাজপথত আঁঠু কঢ়াই ক্ষমা খুজিবলৈ বাধ্য কৰায়। জানিব পৰা মতে, তিতাবৰ তিনিআলিত এখন দোকান দি ব্যৱসায় কৰা অংকুৰ শ্বাহ নামৰ যুৱকজনে কেইবাদিনৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰীক বিভিন্ন প্ৰকাৰে অশ্লীল ইংগিত দিয়াৰ অভিযোগ উত্থাপন হৈছিল। আজি ছাত্ৰীগৰাকীয়ে মহাবিদ্যালয়ৰ পৰা আহি তিতাবৰ তিনিআলিত উপস্থিত হোৱাৰ সময়তে যুৱকজনে পুনৰ অশ্লীল আৰু অভব্য আচৰণ কৰি হাতত ধৰিবলৈ লোৱা ঘটনাক লৈ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। লগে লগে দল-সংগঠনৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজে অংকুৰ শ্বাহক কৰায়ত্ত কৰি তিতাবৰ তিনিআলিৰ ৰাজপথত আঁঠু কঢ়াই ক্ষমা খুজিবলৈ বাধ্য কৰায়। পিছত ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে যুৱকজনক আটক কৰি থানালৈ লৈ যায়।

প্ৰেৰক অজয় শইকীয়া

You might also like