নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ বাংলাদেশ সংলগ্ন সীমান্তত শ্লীপাৰ চেল সক্ৰিয় কৰি তোলা জেহাদীয়ে পুনৰ ভয়ংকৰ অসমবিৰোধী ষড়যন্ত্ৰ ৰচনা কৰিছে । এনে ষড়যন্ত্ৰক বাস্তৱ ৰূপ দিবলৈ জেহাদীয়ে ব্যৱহাৰ কৰিছে ছ’চিয়েল মিডিয়া । ফেচবুক, হোৱাটছএপ আদিৰ মাধ্যমেৰে প্ৰৰোচনামূলক বিভিন্ন পোষ্ট বা ভাষ্য বিয়পাই দি মৌলবাদী শক্তিয়ে সাংগঠনিক ভেটি মজবুত কৰিবলৈ উঠিপৰি লাগিছে ৷ এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তর্গত ভাৰত–বাংলাদেশ সীমান্তৱর্তী তিনি স্থানৰ পৰা তিনিজনকৈ যুৱকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছতে৷ ধৃত যুৱক তিনিজন হ’ল মিজানুৰ ৰহমান, ৰাকিবুল ইছলাম আৰু আৰিফুল ইছলাম৷ এই তিনিওজন যুৱকে ছ’চিয়েল মিডিয়াযোগে ‘মুছলমানৰ আজাদী লাগে’ শীর্ষক ভাষ্যসম্বলিত জেহাদৰ এখন বিশেষ পোষ্টাৰ প্রচাৰ কৰিছিল ৷ অসম আৰক্ষীৰ এক শীর্ষ সূত্রই জানিবলৈ দিয়া মতে, মানকাচৰৰ ধৃত মিজানুৰ ৰহমানে নিজৰ ফেচবুক একাউণ্টযোগে মুছলমানৰ আজাদী বিচৰি এক ভয়ংকৰ পোষ্ট কৰে৷ ইয়াৰ সমান্তৰালভাৱে ৰাকিবুল ইছলাম আৰু আৰিফুল ইছলামেও হোৱাটছএপযোগে বিভিন্নজনলৈ প্রেৰণ কৰে বিশেষ পোষ্টাৰখন৷ আৰক্ষীয়ে এই বিষয়ে অৱগত হোৱাৰ লগে লগে তিনিওকে ইতিমধ্যে গ্রেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ মানকাচৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বিনোদ কুমাৰ দাসে সন্দেহযুক্ত ইছলামিক মৌলবাদী তিনিজনৰ বিৰুদ্ধে অভিযান চলাইছিল৷ অৱশ্যে ঘটনা সন্দর্ভত আৰক্ষীয়ে বর্তমানপর্যন্ত আনুষ্ঠানিকভাৱে সবিশেষ সদৰী কৰা নাই৷ কাইলৈ সংবাদ মেলযোগে মানকাচৰ আৰক্ষীয়ে এই বিষয়ে ৰাজহুৱা কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে অতি শেহতীয়াকৈ কেন্দ্রীয় চোৱাংচোৱা সংস্থা আই বিয়ে কেন্দ্রীয় গৃহ মন্ত্রালয়ক এক বিস্ফোৰক প্রতিবেদন দাখিল কৰিছিল৷ য’ত স্পষ্টভাৱে কোৱা হৈছিল যে অসমৰ লগতে ত্রিপুৰা আৰু পশ্চিমবংগ সংলগ্ণ বাংলাদেশ সীমান্তৱর্তী এলেকাত ‘জামাত–উল–মুজাহিদীন্, বাংলাদেশ’ (জে এম বি)–এ নতুনকৈ শ্লীপাৰ চেল সক্রিয় কৰি তুলিছে৷ তদুপৰি ভাৰতত জে এম বিক ‘জামাত–উল–মুজাহিদীন্, ভাৰত’ (জে এম আই) ৰূপে নামকৰণ কৰাৰ কথাও একেখন প্রতিবেদনতে উল্লেখ কৰা হৈছিল৷ বাংলাদেশ সীমান্তৱর্তী দক্ষিণ শালমাৰা–মানকাচৰ জিলাত মুছলমানৰ আজাদী বিচাৰি ছ’চিয়েল মিডিয়াত ভয়ংকৰ পোষ্ট দিয়াৰ তথ্য পোহৰলৈ অহাৰ লগে লগে আই বিৰ উক্ত প্রতিবেদনৰ সত্যতা থকাৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি৷ উল্লেখ্য যে ২০১৪ চনৰ ২ অক্টোবৰত পশ্চিমবংগৰ বর্ধমান জিলাৰ খাগড়াগৰত সংঘটিত বিস্ফোৰণৰ তদন্তৰ আঁত ধৰি ‘নিয়া’ই জে এম বিয়ে অসমত খোপনি পোতাৰ তথ্য পোহৰলৈ আনিছিল৷ বিগত সময়ছোৱাত ‘নিয়া’ই অসম আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ সহযোগত অভিযান চলাই বর্ধমান কাণ্ডৰ অন্যতম নায়ক শ্বাহানুৰ ইছলাম ওৰফে ডাক্তৰ বাবুসহ বহুসংখ্যক জেহাদীক নামনি অসমৰ সংখ্যালঘু অধ্যুষিত এলেকাৰ পৰা গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পাছত অসমত জে এম বি উৎখাত হোৱা বুলি ভবা হৈছিল যদিও চোৰাংচোৱা সংস্থাসমূহে বিভিন্ন সময়ত জেহাদী সংগঠনটোৰ তৎপৰতা থকাৰ তথ্য প্রকাশ কৰি আহিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– জে এম বিক ব্যৱহাৰ কৰিয়েই আন কেতবোৰ ইছলামিক সন্ত্রাসবাদী সংগঠনে অসমলৈ নেটৱর্ক বিস্তাৰৰ ষড়যন্ত্রত লিপ্ত হৈছে৷ ইছলামিক ৰাষ্ট্র গঠনৰ সপোন দেখা বিশ্বত্রাস সংগঠন আইছিছেও অসমলৈ সম্প্রসাৰণ কৰিছে সন্ত্রাসৰ হাতোৰা৷ কুখ্যাত সন্ত্রাসবাদী সংগঠনটোৱে বিগত বর্ষত দুধনৈৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱত বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল৷ অৱশ্যে দিল্লী আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত এই ষড়যন্ত্র বাস্তৱায়িত কৰাৰ বাবে আইছিছৰ নেটৱর্কে ব্যৱহাৰ কৰা তিনিজনকৈ যুৱক ধৰা পৰে৷ সেইদৰে সীমাৰ সিপাৰৰ পৰা সন্ত্রাসবাদী কার্যকলাপেৰে দেশক অস্থিৰ কৰি ৰখা হিজবুল–মুজাহিদীনত্ অসমৰ যুৱকে যোগদান কৰাৰ তথ্য বিগত সময়ছোৱাত পোহৰলৈ আহিছে৷ হোজাই জিলাৰ যমুনামুখৰ কামেৰউজ জামান নামৰ এজন যুৱকে সংগঠনটোত যোগ দিয়াৰ কথা ছ’চিয়েল মিডিয়াযোগে নিজেই প্রকাশ কৰিছিল৷ অকল সেয়াই নহয়, ছ’চিয়েল মিডিয়াত কামেৰউজ জামানে অত্যাধুনিক মাৰণাস্ত্র লৈ থকা নিজৰ ফটোও আপলোড কৰিছিল৷ অসমক কেন্দ্র কৰি ইছলামিক মৌলবাদী শক্তিসমূহৰ এনেধৰণৰ তৎপৰতাৰ মাজতে দক্ষিণ শালমাৰা–মানকাচৰ জিলাত উক্ত তিনিজন সন্দেহযুক্ত জেহাদী গ্রেপ্তাৰ হোৱাটো যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷ অৱশ্যে এই যুৱক তিনিজন কোন সংগঠনৰে জড়িত, সেয়া বর্তমানপর্যন্ত নিশ্চিত হোৱা নাই ৷