সম্পাদকীয় : মধ্যপ্রাচ্যত যুদ্ধৰ আশংকা
গাজাত ইজৰাইল আৰু পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছৰ মাজত ৰক্তক্ষয়ী যুদ্ধ চলি থকাৰ সময়তে মধ্যপ্রাচ্যত নতুন অশান্তিৰ সৃষ্টি হৈছে৷ বিশ্বজুৰি যুদ্ধ আৰু সংঘাতে চলিত বর্ষটোত অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে যদিও ইয়াৰ পৰা পৰিত্রাণৰ কোনো পথ বিচাৰি পোৱা নাই আন্তর্জাতিক সংগঠনসমূহে৷ শেহতীয়াকৈ ইউক্রেইন আৰু ৰাছিয়াৰ যুদ্ধই অতি ভয়ংকৰ পর্যায় লাভ কৰিছে৷ ইউক্রেইনী সেনাই ৰাছিয়াৰ আভ্যন্তৰত প্রৱেশ কৰি আক্রমণ চলোৱাৰ লগে লগে পুটিনৰ বাহিনীৰ প্রত্যাক্রমণ তীব্রতৰ হৈছে৷ আনকি ৰাছিয়াই ইউক্রেইনৰ এনে আচৰণক লৈ ক্ষোভ উজাৰি নাটো আৰু আমেৰিকালৈ প্রেৰণ কৰিছে সকীয়নি বার্তা৷ পাশ্চাত্যৰ বিশ্বক ৰাছিয়াই সকীয়নি দিছে যে ইউক্রেইনৰ এনে আচৰণৰ ফলত যিকোনো মুহূর্ততে সৃষ্টি হ’ব পাৰে তৃতীয় বিশ্ব যুদ্ধৰ৷ ইয়াৰ মাজতে মধ্যপ্রাচ্যত ইৰানৰ যুদ্ধৰ হুংকাৰে পৰিস্থিতি জটিল কৰি তুলিছে৷ হামাছৰ মুৰব্বী ইছমাইল হানিয়েহক ইৰানৰ ৰাজধানী তেহৰানত সন্দেহজনক ইজৰাইলী চোৰাংচোৱাই হত্যা কৰাৰ পিছত ইজৰাইলৰ বিৰুদ্ধে যুদ্ধৰ হুংকাৰ দিছে ইৰানে৷ অকল সেয়াই নহয়, ইৰানৰ সমান্তৰালকৈ দেশখনৰ মদতপুষ্ট লেবাননৰ সশস্ত্র সংগঠন হিজবুল্লাই ইজৰাইলৰ বিৰুদ্ধে যিকোনো মুহূর্ততে প্রতিশোধমূলক আক্রমণ চলাব বুলি ঘোষণা কৰিছে৷ মধ্যপ্রাচ্যৰ কেইবাটাও সশস্ত্র সংগঠনে ইতিমধ্যে আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈছে ইহুদী ৰাষ্ট্র ইজৰাইলক৷ ইয়াৰ মাজতে দেশ হিচাপে ইৰানে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ লগে লগে পৰিস্থিতি জটিল হৈ পৰিছে৷ এতিয়ালৈকে ইৰানে ইজৰাইলৰ ওপৰত আঘাত হনা নাই যদিও সঠিক সময়ত আক্রমণ চলাব বুলি ঘোষণা কৰিছে৷
ইৰানক যুদ্ধৰ পথৰ পৰা আঁতৰি থাকিবলৈ আমেৰিকা, ব্রিটেইনসহ পাশ্চাত্যৰ দেশসমূহে আহ্বান জনাইছে যদিও ইৰানৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে হামাছৰ শীর্ষ নেতাগৰাকীক হত্যা কৰাৰ পিছত ইজৰাইলৰ বিৰুদ্ধে আক্রমণ এক ‘আইনী অধিকাৰ’ হিচাপে চিহ্ণিত হৈছে৷ অর্থাৎ ইজৰাইলৰ বিৰুদ্ধে ইৰানে আক্রমণ চলাব যে সেয়া নিশ্চিত৷ ইয়াৰ লগে লগে সমগ্র মধ্যপ্রাচ্যত সৃষ্টি হৈছে যুদ্ধৰ আশংকা৷ এই আশংকাক অধিক গভীৰ কৰি তুলিছে আমেৰিকাই মধ্যপ্রাচ্যলৈ ৰণতৰী তথা ছাবমেৰিন প্রেৰণ কৰাৰ লগে লগে৷ অকল সেয়াই নহয়, মধ্যপ্রাচ্যত নজৰদাৰী অধিক কঠোৰ কৰি তুলিছে মার্কিন সেনাই৷ আমেৰিকাৰ এই কার্যই মধ্যপ্রাচ্যত যে এখন পূর্ণাংগ যুদ্ধ হ’ব সেই কথা নিশ্চিত কৰি তুলিছে৷ ইফালে, বিভিন্ন দেশে মধ্যপ্রাচ্যলৈ উৰণ সেৱা বাতিল কৰিছে৷ আনকি ভাৰতৰ কেইবাটাও উৰণ সংস্থাই মধ্যপ্রাচ্যৰ দেশসমূহৰ মাজত চলি থকা বিমান সেৱা বন্ধ কৰিছে৷ ইয়াৰ ফলত পৰিস্থিতি অধিক আতংকময় হৈ পৰিছে৷ মূল প্রশ্ণটো হৈছে মধ্যপ্রাচ্যত এই যুদ্ধই সমস্যা সমাধানৰ দীর্ঘস্থায়ী পথ নিশ্চিত কৰিব নেকি? ইহুদী ৰাষ্ট্র ইজৰাইলৰ জন্মৰ পিছৰে পৰা আৰব বিশ্বৰ সৈতে দেশখনৰ সংঘাত চলি আহিছে৷ পুৰণি পেলেষ্টাইনক চেপি–খুন্দি নিঃশেষ কৰাৰ এক প্রক্রিয়া চলাই আহিছে ইজৰাইলে৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফেচিষ্ট নাজীৰ হাতত নিগৃহীত ইহুদী জাতিটোৰ প্রতি বিশ্ববাসীৰ অনুকম্পাৰ সৃষ্টি হৈছিল৷ নাজীয়ে ৬০ লাখ ইহুদীক হত্যা কৰাৰ পিছত এই জাতিটোৰ প্রতি বিশ্বৰ শান্তিকামী জনতাই সহমর্মিতা প্রকাশ কৰিছিল৷ কিন্তু আৰব বিশ্বত ইজৰাইলৰ জন্মৰ লগে লগে পেলেষ্টাইনী তথা আৰব লোকসকলৰ ওপৰত ইজৰাইলৰ অৱদমন বৃদ্ধি পোৱাৰ পিছৰে পৰা দেশখনৰ বিৰুদ্ধে বিশ্বজুৰি সৃষ্টি হ’বলৈ ধৰে ঘৃণা আৰু ধিক্কাৰ৷ আনকি বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ মজিয়াত বিভিন্ন দেশে ইজৰাইলৰ এনে আগ্রাসনৰ বিৰুদ্ধে আপত্তি দর্শাই আহিছে৷ যোৱা বছৰৰ সাত অক্টোবৰত হামাছৰ বর্বৰ আক্রমণক শান্তিকামী জনতাই যিধৰণে গৰিহণা দিছে, একেই গৰিহণা দিছে গাজাৰ নিৰীহ পেলেষ্টাইনীসকলক ইজৰাইলী সেনাই হত্যা কৰা বিষয়টোক৷ ইতিমধ্যে গাজাত ইজৰাইলৰ পাশৱিক আক্রমণত বিস্তৰ ক্ষতিসাধন হৈছে৷ লাখ লাখ কোটি টকাৰ সম্পদ হানি হোৱাৰ উপৰি চল্লিছ সহস্রাধিক নিৰীহ লোকে প্রাণ হেৰুৱাইছে ইজৰাইলৰ আক্রমণত৷ প্রাণ হেৰুওৱা লোকসকলৰ ভিতৰত গৰিষ্ঠসংখ্যকেই হৈছে শিশু আৰু মহিলা৷ এনে ভয়ংকৰ ৰক্তক্ষয়ী যুদ্ধ গাজাত চলি থকাৰ মাজতে এই যুদ্ধ যদি সমগ্র মধ্যপ্রাচ্যলৈ বিয়পি পৰে, তেন্তে পৰিস্থিতি ভয়াৱহ হোৱাটো নিশ্চিত৷